ধুবুৰী : কোৰোণাত আক্ৰান্ত হ’ল ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ তথা AIUDFৰ মুৰব্বী বদৰুদ্দিন আজমল। বদৰুদ্দিন আজমলৰ ভাতৃ তথা বৰপেটা লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ ছিৰাজুদ্দিন আজমলো আক্ৰান্ত হৈছে কোৰোণাত। বৰ্তমান বদৰুদ্দিন আজমল নিজৰ মুম্বাইস্থিত বাসগৃহত থকাৰ বিপৰীতে বিগত কোইবাদিনো ধৰি ছিৰাজুদ্দিন আজমল মুম্বাইৰ হাস্পতালত চিকিত্সাধীন হৈ আছে।