|

ম্যনমাৰত নিৰাপত্তা বাহিনীৰে হোৱা গুলীয়াগুলীত ৬ নগা উগ্ৰপন্থী নিহত

গুৱাহাটী: ম্যানমাৰ সীমান্তত আজি ৬ নগা উগ্ৰপন্থী নিৰাপত্তাৰক্ষীৰ গুলীত নিহত হয়৷ শনিবাৰে পুৱাৰ ভাগতে অৰুণাচল প্ৰদেশৰ এক ঘন অৰণ্যত বাহৰ পাতি থকা উগ্ৰপন্থীৰ বিৰুদ্ধে অভিযান চলাইছিল আৰক্ষীয়ে৷ ভাৰতীয় পেৰা মিলিটেৰী আৰু আৰক্ষী বাহিনীৰ দলে চলোৱা অভিযানটোত দুয়োপক্ষৰ মাজত হোৱা গুলীয়াগুলীৰ পাছত উগ্ৰপন্থীকেইজন নিহত হোৱাৰ কথা প্ৰকাশ কৰিছে অৰুণাচলৰ আৰক্ষী প্ৰধান আৰ পি উপাধ্যায়ে৷ ঘটনাটোত এজন জোৱান আহত হৈছিল যদিও বৰ্তমান তেওঁৰ অৱস্থা সুস্থিৰ বুলি জানিব পৰা গৈছে৷ ইপিনে উগ্ৰপন্থীকেইজনৰপৰা ৬ টা ৰাইফল, ৫০০ জাই গুলী আৰু দুটা বোমাও উদ্ধাৰ কৰে আৰক্ষীয়ে৷ নিহত উগ্ৰপন্থীকেইজন এনএছচিএন-ৰ সদস্য় আছিল৷ উল্লেখ্য যে, পৃথক নাগালেণ্ডৰ দাবীত এনএছচিএন-এ বিগত বহুবছৰ ধৰি সন্ত্ৰাসমূলক কাৰ্য-কলাপ চলাই আহিছে৷ অৰুণাচল হৈ ম্যানমাৰত ঘাটি পাতি আছে এই উগ্ৰপন্থী সংগঠনটোৱে৷

লক্ষণহীন ক’ভিড ৰোগী হোম কোৱাৰেণ্টাইন হ’বলৈ কি কি কৰিব লাগিব?

গুৱাহাটী : দৈনিক বৃদ্ধি পাই অহা ক’ৰোনা ৰোগীৰ সংখ্য়াই সকলোকে চিন্তিত কৰি তুলিছে। ৰাজ্য় চৰকাৰে কিয় হোম কোৱাৰেণ্টাইন কৰা নাই বুলি বহুতে প্ৰশ্ন উত্থাপন কৰিছে এই সন্দৰ্ভত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে কোনো লক্ষণ নথকা অথবা অলপ লক্ষণ থকা লোকৰ বাবে হোম কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰিছে স্বাস্থ্য বিভাগে কিন্তু এই ক্ষেত্ৰত কিছু বাধ্যবাধকতা বান্ধি দিয়া হৈছে– ওচৰ-চুবুৰীয়াৰ কোনো আপত্তি থাকিব নোৱাৰিব, ফ্লেটৰ বাসিন্দা হ’লেও ছচাইটিৰ কোনো আপত্তি থাকিব নোৱাৰিব। ক’ৰোনাত আক্ৰান্ত লোকজনৰ ঘৰত বৃদ্ধ লোক থাকিব নোৱাৰিব, অসুখীয়া লোকো থাকিব নোৱাৰিব। তেওঁ নিজে ক্ৰয় কৰিব লাগিব পালচ জোখা মেচিন তেওঁৰ এজন ব্যক্তিগত ডাক্টৰ থাকিব লাগিব যাৰ জৰিয়তে প্ৰতি ৩ঘণ্টাৰ মূৰে মূৰে পালচ সন্দৰ্ভত আলোচনা কৰিব পাৰে। আক্ৰান্ত লোকজনৰ পালচ যদি

|

১৯ জুলাইলৈকে গুৱাহাটীত বৃদ্ধি ল’ক ডাউন

গুৱাহাটী : গুৱাহাটীত অহা ১৯ জুলাইলৈকে অব্যাহত থাকিব ল’ক ডাউন। কোৰোণা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে। শণিবাৰে সংবাদমেলত এই সন্দৰ্ভত ইংগিত দিয়াৰ পিছতে ল’ক ডাউন বৃদ্ধিৰ কথা আনুষ্ঠানিক ভাবে ঘোষণা কৰে ৰাজ্যৰ মুখ্য সচিবে। আনকি টুইটাৰযোগে মুখ্য সচিবে ল’ক ডাউনৰ সন্দৰ্ভত এখন গাইড লাইনো জাৰি কৰে। Due to the continuing large scale spread of Covid19 occurring in almost the entire district of Kamrup(M),there has been an extension in the period of the prevailing lockdown. Here are the new guidelines that shall come into force with effect from 12th July till 19th July,2020. pic.twitter.com/feWwDdXW13 — Kumar Sanjay Krishna (@KrSanjayKrishna) July 11, 2020 আনকি মুখ্য সচিবে এই

|

কোনে শুনিব গোৱালপাৰাৰ বলদমাৰীবাসীৰ বেদনা?

•  কোনে শুনিব গোৱালপাৰাৰ বলদমাৰীবাসীৰ বেদনা? •  অসমৰ মানচিত্ৰৰ পৰা নাইকিয়া হ’ব নেকি বলদমাৰী? •  বান-খহনীয়াৰ বুজ ল’লে যুৱ নেতা ৰাকেশ চক্ৰৱৰ্তী আৰু নয়ন আলী৷

অখিল গগৈ ক’ৰোণাত আক্ৰান্ত হয় নে নহয় তাক লৈ চৰকাৰে পৰিকল্পিতভাৱে ৰাইজক বিভ্ৰান্ত কৰিছে: অভিযোগ ছাত্ৰ মুক্তিৰ

বৰপেটা : কৃষক নেতা অখিল গগৈ ক’ৰোণাত আক্ৰান্ত হৈছে নে নাই তাক লৈ চৰকাৰে পৰিকল্পিতভাৱে ৰাইজৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰিছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে। ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি আশ্ৰাফুল ইছলামে এই গুৰুতৰ অভিযোগ উত্থাপন কৰি কয়- কাৰাবন্দী কৃষক নেতা অখিল গগৈ ক’ৰোণাত আক্ৰান্ত হৈছে নে নাই তাক লৈ চৰকাৰে আচলতে পৰিকল্পিতভাৱে ৰাইজৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰাৰ প্ৰয়াস কৰিছে। অখিল গগৈ, ধৈৰ্য কোঁৱৰ আৰু বিতু সোণোৱাল কাৰাগাৰত অসুস্থ হৈ পৰা আৰু তেওঁলোকৰ গাত ক’ৰোণাৰ লক্ষণে দেখা দিয়াৰ খবৰ পোহৰলৈ অহাৰ পিছতেই বিগত কেইবাদিন ধৰি অসমৰ সকলো স্তৰৰ লোকৰ মাজত চৰকাৰৰ বিৰুদ্ধে সৃষ্টি হোৱা ব্যাপক ক্ষোভ প্ৰশমন কৰাৰ বাবে পৰিকল্পিতভাৱে এই বিভ্ৰান্তি সৃষ্টি কৰা

|

বেঁকীৰ প্ৰলয় : মানাহৰ নাৰায়ণগুৰি মথাউৰিলৈ তীব্ৰ ভাবুকি

যিকোনো মুহূৰ্তত বেঁকীয়ে চিঙি সৃষ্টি কৰিব পাৰে ভয়াবহ বান বান পৰিস্থিতিৰ বুজ ললে যুৱনেতা শাজাহান আলী আহমেদ বৰপেটাৰোড : মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰ নাৰায়ণগুৰিৰ মথাউৰিলৈ বেঁকী নৈৰ তীব্ৰ ভাবুকি৷ যিকোনো মুহূৰ্তত বেঁকীয়ে চিঙিব পাৰে উক্ত মথাউৰিটো৷ মথাউৰিটো চিঙিলে বাক্সা-বৰপেটাৰ শতাধিক গাঁও বানৰ কবলত পৰাৰ প্ৰবল সম্ভাৱনাই দেখা দিছে৷ স্থানীয় ৰাইজে বাৰ বাৰ বিটিচি তথা অসম চৰকাৰক মথাউৰিটো ৰক্ষাৰ দাবী জনাই আহিছে যদিও এইক্ষেত্ৰত চৰকাৰীভাবে কোনো ধৰণৰ ব্যৱস্থা হাতত নোলোৱাৰ অভিযোগ উত্থাপন হৈছে৷ ভূটানে এৰি দিয়া পানী আৰু নেৰানেপেৰা বৰষুণৰ ফলত বেঁকী নৈৰ জলপৃষ্ঠ ওফন্দি উঠিছে৷ সমান্তৰালকৈ দাঁতিকাষৰীয়া খাগ্ৰাবাৰী, চূণবাৰী, বিশপানী, এলেঙামাৰী, ননকে খাগ্ৰাবাৰী আদিত গৰাখহনীয়াইও কাল ৰূপ ধাৰণ কৰি নৈপৰীয়া ৰাইজলৈ বিপদ কঢ়িয়াই আনিছে৷ ইতিমধ্যে অঞ্চলটোৰ বহু পৰিয়াল গৰাখহনীয়াৰ কবলত

কোৰোণাত আক্ৰান্ত হ’ল সাংসদ বদৰুদ্দিন আজমল, ভাতৃ ছিৰাজুদ্দিন আজমল

ধুবুৰী  : কোৰোণাত আক্ৰান্ত হ’ল ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ তথা AIUDFৰ মুৰব্বী বদৰুদ্দিন আজমল। বদৰুদ্দিন আজমলৰ ভাতৃ তথা বৰপেটা লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ ছিৰাজুদ্দিন আজমলো আক্ৰান্ত হৈছে কোৰোণাত। বৰ্তমান বদৰুদ্দিন আজমল নিজৰ মুম্বাইস্থিত বাসগৃহত থকাৰ বিপৰীতে বিগত কোইবাদিনো ধৰি ছিৰাজুদ্দিন আজমল মুম্বাইৰ হাস্পতালত চিকিত্‍সাধীন হৈ আছে।