Weather Data Source: wetter Bangalore 14 tage

June 17, 2025 9:08 am

Home » সম্পাদকীয় » “বেগম জান” কেৱল মাথোঁ ধৰ্মীয় মেৰুকৰণৰ এটি ৰাজনৈতিক ইছ্যু ! চমু পৰ্যালোচনা

“বেগম জান” কেৱল মাথোঁ ধৰ্মীয় মেৰুকৰণৰ এটি ৰাজনৈতিক ইছ্যু ! চমু পৰ্যালোচনা

@ মহিবুল মণ্ডল
এ.ম টেলিভিছনৰ নতুন ধাৰাবাহিক “বেগম জান”। মনোৰঞ্জন ধৰ্মী চেনেল ৰেঙনিত যোৱা ৬ জুলাইৰ পৰা শুভাৰম্ভ হৈছে। ধাৰাবাহিক খন আৰাম্ভৰ হোৱাৰ পূৰ্বে “বেগম জান”ৰ পৰিয়ালবৰ্গই গভীৰ আশাবাদীহৈ মন্তব্য কৰিছিল যে, জাতি ধৰ্ম নিৰ্বিশেষে শংকৰ আজান ফকিৰৰ ভ্ৰাতৃত্ববোধেৰে এক সুস্থ বাৰ্তা দিবলৈ চেষ্টা কৰা হৈছে “বেগম জান”ত।ৰাজেশ ভূঞাৰ পৰিকল্পনাৰে , জনপ্ৰিয় পৰিচালক পৱন মহন্ত ৰ পৰিচালনা আৰু জনপ্ৰিয় চিত্ৰনাট্যকাৰ প্ৰনৱ বৰুৱাৰ চিত্ৰনাট্য আৰু সংলাপৰে সৃষ্টি “বেগম জান ”।
এই ধাৰাবাহিকখনত অভিনয় কৰিছে মোহময়ী অভিনেত্ৰী প্ৰীতি কংকনা, মৃদুল বৰুৱা, আলোকজ্যোতি শইকীয়া,,ৰাজীৱ ৰাজনীশ, জুলফি শেখ, পংকজ শৰ্মা আৰু বহুকেইগৰাকী নবীন প্ৰবীণ অভিনয় শিল্পীয়ে। “বেগম জান”ক লৈ চৌদিশে চলিছে বিতৰ্ক আৰু প্ৰতিক্ৰিয়া। দাবী উঠিছে ধাৰাবাহিক খন বৰ্জন কৰাৰ । এই সন্দৰ্ভত বিজেপিৰ কৰ্মী তথা হিন্দু-মুছলিমৰ বিভেদ সৃষ্টি কৰিব বিচৰা তথা কোৰানক ভুল ব্যাখ্যা দিয়া বিতৰ্কিত লেখক সত্যৰঞ্জন বৰাৰ বিস্ফোৰণ আছিল ব্ৰাহ্মণ যুৱতীয়ে ইছলামধৰ্মী যুৱকৰ সৈতে সংসাৰ কৰাৰ কাহিনীৰে নিৰ্মিত হৈছে ধাৰাবাহিক “বেগমজান” । তথা লাভ জেহাদ ৰূপায়নৰ উচটনি দিয়া হৈছে ধাৰাবাহিকখনত।
হিন্দু জাগৰণ মঞ্চৰ মতে,অসমীয়া সভ্যতা আৰু সংস্কৃতিৰ বিৰুদ্ধে গৈ সমাজত বিষবাষ্প বিয়পাৱলৈ লাভ জেহাদ ৰূপায়ন কৰাৰ চেষ্টা কৰা হৈছে ‘বেগমজান”ত। সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ মতে, অসমৰ ইছমাম ধৰ্মী লোকৰ সংস্কৃতি পৰম্পৰা আৰু সাজপাৰ বিকৃত ৰূপত উপস্থাপন কৰি বহিৰাগত,বিদেশীমূলৰ সাজপাৰ পৰম্পৰা প্ৰদৰ্শন কৰি খিলঞ্জীয়া গৰিয়া-মৰিয়া-দেশী সকলক পৰোক্ষ ভাবে হেয় প্ৰতিপন্ন আৰু তুচ্ছ-তাচ্ছিল্য কৰিছে। ইয়াক লৈ যেন বিতৰ্ক আৰু প্ৰতিক্ৰিয়াৰ শেষ নাই।
উল্লেখ্য যে, বলিউড’ত “পি কে” চিনামা মুক্তিৰ পূৰ্বে ‘পিকে’ৰ বিৰুদ্ধে উগ্র হিন্দুত্ববাদী দল সংগঠন বোৰে যি দৰে উঠিপৰি লাগিছিল চিনেমা খন বৰ্জন কৰিব লাগে বুলি, অনুৰূপ “বেগম জান”ক লৈ একেই দৃশ্য দেখা গৈছে।
সেই সময়ত ‘পিকে’ চিনেমা উপভোগ কৰি ছলমান খানে এটি প্রশ্ন কৰিছিল , “ পিকে কি অসাধাৰণ চিনেমা নহয় নেকি ?” লগতে উগ্র সংগঠন বোৰক উদ্দেশ্যি ক্ষুব্ধ হৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল প্রযোজক – পৰিচালক কৰণ জহৰ । তেখেতে টুইটত লিখিছিল,”চেঞ্চৰবোর্ডৰ অনুমোদন পোৱাৰ পাছতো এটি চিনেমাৰ উপৰত আক্রমণ কৰা হৈ আছে , যিটো নেকি মানি ল’ব পৰা নাযায়। এয়া কেনেকুৱা ধৰনৰ গণতন্ত্র ?” লগতে বহু প্ৰখ্যাত সমালোচক সকলে উগ্র সংগঠন বোৰক সমালোচনা কৰি টুইট কৰিছিল।
‘পিকে’ চিনেমা খন মুক্তিৰ পাছতো কিছু দৃশ্য কৰ্তন কৰিব লাগে বুলি তীব্ৰ দাবীউত্থাপন কৰিছিল হিন্দুত্ববাদী নেতা সকলে। অভিযোগ আছিল চিনেমা খনৰ কিছু দৃশ্যত হিন্দু ধর্মক অৱমাননা কৰা হৈছে। তথা হিন্দু ধৰ্মৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰা হৈছে বুলিও আখ্যায়িত কৰা হৈছিল।
লক্ষণীয় যে, ‘পিকে’ ফ্লিম খনে পাছৰ পৰ্যায়ত ভিন্ন মতামত দিছিল নতুন প্রজন্মৰ দৰ্শক সকলে। সেই সময়ত স্বামী অগ্নিভেশে কৈছিল, ”পিকে’ৰ মাধ্যমত বর্তমান সময়ৰ ধর্ম বিশ্বাসক লৈ বহু কঠিন সত্য উঠি আহিছে। ইয়াত সমস্যা হ’ব কেৱলমাত্র সেই সকলৰ, যি বোৰে আচলতে ভণ্ড।” তথা চিনেমাখনৰ প্রশংসাত পঞ্চমুখ হৈছিল সমগ্ৰ বলিউড তথা নতুন প্রজন্মৰ দর্শক সকলে।
“বেগম জান” ধাৰাবাহিকৰ কলা-কুশলী সকলে বাৰাম্বাৰ কৈ আহিছে যে, জাতি ধৰ্ম নিৰ্বিশেষে শংকৰ আজান ফকিৰৰ ভ্ৰাতৃত্ববোধেৰে এক সুস্থ বাৰ্তা দিবলৈ চেষ্টা কৰা হৈছে “বেগম জান”ত। এতিয়া প্ৰশ্ন হয় ‘পিকে’ চিনেমাৰ দৰেই “বেগম জান” ধাৰাবাহিক খনত নতুন প্ৰজন্মৰ বাবে যদি বিশেষ মেছেচ থাকে তেন্তে কি হ’ব ? নে আৰাম্ভনিতেই ইয়াক বন্ধ কৰি দিয়া উচিত ?
ধাৰাবাহিক খনৰ বিৰুদ্ধে অভিযোগ ব্ৰাহ্মণ যুৱতীয়ে ইছলামধৰ্মী যুৱকৰ সৈতে সংসাৰ কৰাৰ কাহিনীৰে নিৰ্মিত হৈছে “বেগমজান” । আমি যুগে যুগে বহু দেখি আহিছো প্ৰেমত আবদ্ধহৈ তথা সামাজিক প্ৰথাৰেও ভিন্ন ভিন্ন ধৰ্মীৰ মাজত বিবাহ সম্পন্ন হোৱা। তাকে লৈ বিতৰ্ক হোৱাটো কিমান যুক্তি সংগত ?
ভিন্ন ভিন্ন ধৰ্মীৰ মাজত বিবাহ সম্পন্ন হোৱা কাৰ্য্যক বাধা প্ৰদান কৰাটো ধর্মান্ততা নহয় নে ? আচলতে এই বিষয়টো কেৱল মধ্যবিত্ত পৰিয়ালৰ বাবে ওৱান ওৱে , তথা ইয়াক বহু সময়ত ৰাজনৈতিক ভাবে “লাভ-জেহাদ” বুলি আখ্যায়িত কৰা হয়। তথা মধ্যবিত্ত হোৱা বাবেই ইয়াক ‘লাভ-জেহাদ’ চশমা দিয়া সহজ।
বলিউডত কিন্তু ডাবল ওৱে , শাহৰুখ খানৰ স্ত্রী হিন্দু, গৌৰী। সাইফ আলী খানৰ দ্বিতীয় পত্নী কাৰিনা কাপুৰ।। সঞ্জয় দত্তৰ স্ত্রী দিলনেৱাজ শেখ। ঋত্বিক ৰোশনৰ স্ত্ৰী সুজান খান। সুনীল শেঠীৰ স্ত্রী মুছলমান মানা শেঠি বা ৰাজ্ বাব্বৰৰ স্ত্রী নাদিৰা বাব্বৰ। কলিকতাত মৈত্রেয়ী দেবীৰ ঘৰত ধুমধাম কৰি বিবাহ হৈছিল জয়শ্রী-আলমগীৰৰ !
বলিউডৰ কথা বাদেই দিলো আমাৰ প্ৰক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ সাংসদ গৌৰৱ গগৈ আদিকে ধৰি এনে বহু উদাহৰণ আছে । এই প্ৰতিবেদন খন যুগত কৰিবলৈ লওঁতে ‘গণ সংবাদ’ কাকতৰ প্ৰক্তন সম্পাদক, বিশিষ্ট সাংবাদিক চন্দ্ৰ কুমাৰ শইকীয়াই জনাইছিল-“ব্ৰাহ্মণ যুৱতীয়ে ইছলামধৰ্মী যুৱকৰ সৈতে সংসাৰ কৰাৰ কাহিনীৰে নিৰ্মিত হোৱা বিষয়টোত আপত্তি কৰিব লগিয়া কি আছে ! যিহেতু ধাৰাবাহিক খন কাল্পনিক এটি কাহিনী!”
লগতে তেওঁ কয় যে, “আমাৰ এই খন অসমতেই ভিন্ন ধৰ্মাৱলীৰ মাজত বিবাহ সম্পন্ন হোৱা বহুত উদাহৰণ আছে। যেনে এজন উচ্চবৰ্ণৰ অসমীয়া হিন্দু পণ্ডিতৰ সন্তান তথা কটন বিশ্ববিদ্যালয়ৰ এগৰাকী অধ্যাপকে মুছলমান সম্প্ৰদায়ৰ ছোৱালীক সম্পূৰ্ণ সামাজিক ভাবে বিবাহ সম্পন্ন কৰাৰো নজিৰ আছে । তথা সেই বিবাহ খনত নৱকান্ত বৰুৱা দৰে বিখ্যাত ব্যক্তি উপস্থিত থকাৰ লগতে বিশিষ্টি সাংবাদিক জনেও উপস্থিত আছিল বুলি মন্তব্য কৰিছে ।”
মুছলমান যুৱকে হিন্দু ছোৱালীক বিবাহ কৰাৰ উদাহৰণ দিয়াৰ প্ৰযোজন বোধ নকৰিলো কাৰণ এনেকুৱা উদাহৰণ দিলে লিখনি শেষ নহব । “বেগমজান” ত ব্ৰাহ্মণ যুৱতীয়ে ইছলামধৰ্মী যুৱকৰ সৈতে সংসাৰ কৰাৰ কাহিনীটো সমাজত কি বিৰূপ পেলাব পাৰে পাঠক সকলে নিজেই নিৰ্ণয় কৰক।
সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদে অভিযোগ কৰি এটি বিবৃতিত উল্লেখ কৰিছে – “অসমৰ ইছমাম ধৰ্মী লোকৰ সংস্কৃতি পৰম্পৰা আৰু সাজপাৰ বিকৃত উপস্থাপনে খিলঞ্জীয়া গৰিয়া-মৰিয়া-দেশী সকলক পৰোক্ষ ভাবে তুচ্ছ-তাচ্ছিল্য কৰিছে।
অসমীয়া ইছলামধৰ্মী ছোৱালী-বোৱাৰীয়ে বিয়া আৰু সামাজিক অনুষ্ঠান সমূহত পাটৰ বা মূগাৰ চাদৰ মেখেলাহে পিন্ধে চেলোৱাৰ কামিজ নিপিন্ধে,বিয়াত কাৱালী গান নবজায়,বোৰ্খা নিপিন্ধে । নিকাহৰ সময়ত ৰভাথলীৰ মাজত কোনো কাপোৰ আৰি মহিলা আৰু পুৰুষৰ মাজত পৃথকীকৰন কৰা নহয়,বৰং আমাৰ মহিলাৰ বাবে ৰভাথলীৰ মাজত পৃথকে থাকে, য’ত পুৰুষে বিনাদ্বিধাই প্ৰৱেশ কৰে নিকাহৰ সময়ত।”
বিবৃতিত উল্লেখ কৰা কথা খিনি আলোচনা কৰিবলৈ লওঁতেই এটা কথা স্পষ্ট কৰি থওঁ যে,আমিও কোনো দিন আমাৰ অসমীয়া কলা-কৃষ্টি-সংষ্কৃতি বিলুপ্ত হোৱাটো নিবিচাৰো তথা কোনোৱাই বিকৃত ৰূপ দিলে আমি বিৰোধিতা কৰা উচিত।
কাৰন ‘সংস্কৃতি’ কোনো এটা নিৰ্দিষ্ট জাতি বা জনগোষ্ঠীৰ একচেতিয়া সম্পত্তি নহয়। ই মানৱসৃষ্ট; আৰু মানুহৰ মাজত পৰিবৰ্তিত তথা পৰিবৰ্দ্ধিত ৰূপত জীয়াই থাকে। পৃথিৱীৰ প্ৰত্যেকটো জাতি বা জনগোষ্ঠীৰ নিজ নিজ সংস্কৃতি আছে। বিভিন্ন জাতি, জনগোষ্ঠীৰ সংস্কৃতিৰ সমলৰ সমাহৰণত অসমীয়া সংস্কৃতি গঁঠিত হৈছে। সেয়ে ক’ব পাৰি যে বিশাল ভাৰতীয় সংস্কৃতিৰ দৰে অসমীয়া সংস্কৃতিও এক সমন্বয় বা মিলনৰ বস্তু।
অসমীয়া সংস্কৃতি বুলিলে অসমীয়া জীৱন নিৰ্বাহ প্ৰণালীৰ সমগ্ৰতাক সাঙুৰি লয়। সামাজিক জীৱ হিচাপে মানুহে কিছুমান ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ, বিশ্বাস-অবিশ্বাস, ধৰ্ম-অধৰ্ম, উৎসৱ-অনুষ্ঠান আদিৰ মাজেৰে জীৱন নিৰ্বাহ কৰে আৰু এই জীৱন নিৰ্বাহ প্ৰণালীৰ সামগ্ৰিক যৌগিক ৰূপটোৱেই হ’ল সংস্কৃতি। থুলমুলকৈ জনসাধাৰণৰ জীৱন পদ্ধতিয়ে হ’ল সংস্কৃতি।
সময় গতিশীল। যুগৰ পৰিবৰ্ত্তনৰ লগে লগে জনসাধাৰণৰ জীৱন ধাৰণ প্ৰণালীৰ পৰিবৰ্ত্তন হোৱাটো নিতান্তই স্বাভাৱিক। বৰ্ত্তমান যুগটোৱে হ’ল বিশ্বায়নৰ যুগ। এনে এটি যুগত এখন দেশৰ লগত আন এখন দেশৰ পাৰস্পৰিক সাংস্কৃতিক বিনিময় একো অস্বাভাৱিক নহয়। বৰ্ত্তমান অসমীয়া সংস্কৃতিক পশ্চিমীয়া সংস্কৃতিয়ে বেৰি ধৰাৰ সৰল ব্যাখ্যা হ’ল বিশ্বায়ন ব্যৱস্থা।
সেয়ে দেখা যায় খাৱন-বোৱন, পিন্ধন-উৰণ, খেল-ধেমালি, কেশ-বিন্যাস, প্ৰসাধন, সোধন-পোচন ইত্যাদি অসমীয়া সংস্কৃতিৰ প্ৰতিটো বিষয়তে আধুনিকতাৰ স্পৰ্শ। ইতিহাস অধ্যয়ন কৰিলে দেখা যায় অসমৰ মধ্যযুগৰ সংস্কৃতি আছিল মূলতঃ ধৰ্ম্মভিত্তিক। এই যুগৰ প্ৰায় সকলোবোৰ সংস্কৃতিক বিকাশৰ মূলতে আছিল ধৰ্মীয় প্ৰভাব।
ধৰ্মীয় অন্ধত্ব যিমানেই লোপ পাই আহিছে সিমানেই কলা-কৃষ্টি-সংষ্কৃতি ক্ৰমাত বিভিন্ন জাতিৰ কলা-কৃষ্টি-সংষ্কৃতিৰ সংমিশ্ৰণ ঘটি আছে। এতিয়া প্ৰশ্ন হয় আমি সেই মধ্যযুগৰ ধৰ্ম্মভিত্তিক সংস্কৃতিক প্ৰধাণ্য দিম, নে ধৰ্মান্ধৰ চশমা আতৰাই বৈজ্ঞানিক দৃষ্টিভঙ্গিক আকোঁৱালী ল’ম ?
উল্লেখ যে, সকলৰে চাগে মনত আছে সৌ সিদিনা নিজৰ বিয়াত নৃত্য প্ৰদৰ্শন কৰি ছচিয়েল মিডিয়াত ভাইৰেল হোৱা ন-বোৱাৰী মাৰ্চি বৰাৰ কথা ! এতিয়া প্ৰশ্ন হয় সেই নতুনত্বক সমাজে গ্ৰহন কৰিছে নে ? নিশ্চয় কৰিছে বাবেই ছচিয়েল মিডিয়াত ভাইৰেল হৈছিল আৰু বিষয়টো ব্যাপক চৰ্চা লাভ কৰিছিল । কিন্তু সেয়া অসমীয়া সংষ্কৃতি আছিল নে ? যদি নাছিল কিয় প্ৰশ্ন উত্থাপন নহল বা সমালোচনা হোৱা নাছিল ? কাৰন মানুহে নতুনত্বক ভালপাব শিকিছে ।
সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ বিবৃতিৰ মূল বিষয়টোলৈ যোৱাৰ আগতে অসমৰ পেৰেডি গীতৰ সম্ৰাট বুলবুল হুছেইনৰ জাৰি গীতৰ কথা অলপ উনুকিয়াব বিচাৰিছো । অসমৰ কম-বেছি পৰিমানে হ’লেও মুছলমান সমাজে নিশ্চয় বুলবুল হুছেইনৰ জাৰি গীতৰ দৃশ্য উপভোক কৰিছে ।
তাত যদি সাজপাৰ লক্ষ্য কৰিছে নিশ্চয় দেখিছে সেই জাৰি গীত সমূহত নাৰী সকলে হিজাব পৰিধান কৰে যি হিজাবক এক প্ৰকাৰ বোৰ্খাৰ অৰ্ধাংশ বুলি জনাজাত। এই ক্ষেত্ৰত বিবৃতিত উল্লখ কৰা বোৰ্খাৰ বিষয়টোক কি কোৱা হ’ব ?
নামনি অসমত প্ৰতিটো মুছলমান জনগোষ্ঠিতেই অধিক ধৰ্মান্ধ পৰিয়ালত এতিয়াও দেখা যায় নিকাহৰ সময়ত হিজাব নতুবা বোৰ্খা পিন্ধাই ৰভাথলীৰ পৰা কইনাক পৃথকে ৰাখি কেৱল মাত্ৰ নিকাহ কবুল বুলি জানিবলৈ বা শুনিবলৈ তিনিজন পুৰুষ অৰ্থাৎ সাক্ষীহে প্ৰৱেশ কৰে বুলি বহুতে দাবী কৰে ।
উল্লেখ্য যে , গায়ক বাবু বৰুৱা,নেকিব হুছেইন আদিৰ জাৰি গীতৰ ভিডিও দৃশ্য উপভোগ কৰিলে দেখা যায় তাতো বহু নতুনত্বৰ সংমিশ্ৰন আছে কিন্তু প্ৰশ্ন নুঠে ! অথচ সেই জাৰি গীত বোৰত কৃষ্ঠি-সংস্কৃতি মতে ব্যাঙ্গ কৰা হৈছে । এতিযা প্ৰশ্ন হয় সেই বোৰ লৈ কিয় সমালোচনা নহল ? সচাঁ অৰ্থত “বেগম জান” বিতৰ্ক কেৱলমাথোঁ ধৰ্মীয় ৰাজনীতি তথা ধৰ্মীয় মেৰুকৰণ কৰাৰ এটি ৰাজনৈতিক ইছ্যু ।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি