আজি কালি মানুহৰ যে পঢ়াৰ ধৰ্য্য নাই সেয়া তেখেতে ভালদৰে বুজি পায় আৰু সেই সুযোগতে বিতৰ্কলৈ আহে। কেৱল মাথোঁ নিজকে কবি সজাবলৈ। “নীলিম কুমাৰ বিৰ্তকলৈ অহাটো নতুন কথা নহয় এয়া তেনেই সহজলভ্য। কেতিয়াবা যদি”কেৱল ফেচবুকৰ কাব্যচৰ্চাৰে কবিৰ জন্ম নহয়” বুলি মতপোষন কৰি বিতৰ্ক আহিছে কেতিয়াবা আকৌ “ফেচবুকৰ কবিতা ফেচবুকৰ হে, ই মানুহক স্পৰ্শ কৰিব নোৱাৰে” বুলি কৈ বিতৰ্কলৈ আহিছিল। কেতিয়াবা দেখা গৈছিল সাহিত্য একাডেমীৰ সদস্য পদক লৈ বিতৰ্ক কৰা।”
নীলিম কুমাৰৰ সদ্য প্ৰকাশিত এটি কবিতা “এখন অসুস্থ চিটিবাছ” তাকে লৈ চলি আছে বহু বিতৰ্ক। নীলিম কুমাৰ বিৰ্তক লৈ অহাটো নতুন কথা নহয় এয়া তেনেই সহজলভ্য। কেতিয়াবা যদি “কেৱল ফেচবুকৰ কাব্য চৰ্চাৰে কবিৰ জন্ম নহয়” বুলি মতপোষণ কৰি বিতৰ্ক আহিছে কেতিয়াবা আকৌ “ফেচবুকৰ কবিতা ফেচবুকৰ হে, ই মানুহক স্পৰ্শ কৰিব নোৱাৰে” বুলি কৈ বিতৰ্কলৈ আহিছিল। কেতিয়াবা দেখা গৈছিল সাহিত্য একাডেমীৰ সদস্য পদক লৈ বিতৰ্ক কৰা।
শেহতীয়াকৈ বিতৰ্কত সাঙুৰ খোৱা “এখন অসুস্থ চিটিবাছ” কবিতাত আহোম ৰজা চুকাফা আৰু গণাপাণি, কমলা কুঁৱৰীৰ নাম উপলুঙা কৰি অসমৰ প্ৰসিদ্ধ আহোম ৰজাসকলক ড্ৰাইভাৰ, হেণ্ডিমেনৰ লগত তুলনা কৰিছে। তাকে লৈ চলিছে বহু বিতৰ্ক আৰু সমালোচনা।
সমালোচনাৰ অৰ্থ হৈছে ভাৰসাম্যযুক্ত, নিৰপেক্ষ আলোচনা। সমালোচনা এক প্ৰকাৰৰ বিজ্ঞান। বিজ্ঞানৰ প্ৰামাণিক সূত্ৰ পোৱা যায় আনহাতে কবিতাৰ সমালোচনা আগবঢ়োৱাৰ ক্ষেত্ৰত তেনে কোনো নিৰ্দিষ্ট সূত্ৰ বা ফৰ্মূলা নাই। যদিও ভাৰসাম্যযুক্ত, নিৰপেক্ষ আলোচনাৰ খাতিৰত কিছু অপ্ৰিয় কথা আলোচনাৰ প্ৰযোজনবোধ কৰিছো।
ফৰাচী সাম্ৰাজ্ঞী আঁতনিয়েটৰ এইষাৰ উক্তি আছিল-“মানুহবোৰে যদি ৰুটি খাবলৈ পোৱা নাই, তেন্তে সিহঁতে কেক নাখায় কিয়? “এইষাৰ উক্তিৰ দৰে দুৰ্ভিক্ষৰ সময়ত জনতাক ৰুটিৰ পৰিৱৰ্তে কেক খাবলৈ পৰামৰ্শ দিয়া ৰাজনীতিবিদ, বুদ্ধিজীৱি আৰু ছল চাই কঠীয়া পৰা সমালোচকৰ অভাৱ আমাৰ দেশত নাই।
বহুসময়ত নিৰপেক্ষ আলোচনালৈ নগৈ কেৱল ব্যক্তিগত ক্ষোভ প্ৰকাশ কৰিবৰ বাবে বা ব্যক্তি বিশেষক ব্যক্তিগতভাৱে আক্ৰমণ কৰিবৰ বাবেও অতি অশ্লীল আৰু শ্ৰুতিকটু বাক্যও প্ৰয়োগ কৰিবলৈ কুণ্ঠাবোধ নকৰে।
গতিকে প্ৰয়োজন নিজস্ব চিন্তাৰ।সমালোচকৰ পক্ষপাতদুষ্ট আলোচনা-সমালোচনাবোৰক নিজস্বভাৱে চালি-জাৰি চোৱাৰ। সাম্প্ৰতিক কালত যুক্তিনিষ্ঠ অধ্যয়ন আৰু বিচাৰ-বিশ্লেষণৰ বিপৰীতে অতিমাত্ৰা আৱেগৰ বশৱৰ্তী হোৱাৰ প্ৰৱণতা আমাৰ যথেষ্ট বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে- যিটো নিৰপেক্ষ আৰু যুক্তিনিষ্ঠ সমালোচনাৰ লগতে গণতান্ত্ৰিক চিন্তা-চেতনাৰ বাবেও বিপদজনক।
এই কাৰনেই প্ৰসংগৰ অলপ ভিন্ন ফালে ফালৰি কাটিছিলো এয়া যে দুৰ্ভিক্ষৰ সময়। এই দুৰ্ভিক্ষৰ সময়ত নীলিম কুমাৰে অসমীয়াৰ আবেগত আঘাত হানি কবিতা লিখাটো কিমান যুক্তি সংগত? কবিয়ে ফেচবুক টুইটত লিখিছে “কবিতাটোত অসমৰ বৰ্তমান সমাজ জীৱনক মনত পেলাই দিবলৈহে চেষ্টা কৰা হৈছে পাহৰি যাবলৈ ধৰা চুকাফা আৰু গদাপাণিৰ অস্তিত্ব!” কিন্তু কবিয়ে চাগে পাহৰি পেলাইছে কবিতাক যে পাঠকে পাঠকৰ মতে পঢ়ে আৰু কবিতা কেতিয়াওঁ কবিৰ মতে নপঢ়ে৷
কবিতা সদায় মুক্ত। সেই দৃষ্টিত “এখন অসুস্থ চিটিবাছ” এটি কবিতা। অসুস্থ চিটিবাছখনক কবিতাটিত ‘আহোম’ বুজাইছে। “দৌৰা-দৌৰিৰ এখন মহানগৰ/হৰ্ণ আৰু অভাৰটেকৰ এখন মহানগৰ/তিৰবিৰাই থকা দুচকুৰ আহ্বানৰ এখন মহানগৰ৷” নীলিম কুমাৰে ইয়াৰ দ্বাৰা আধুনিক অসমীয়া সমাজখনক অংকন কৰিছে।
“বাট কাটি কাটি ক’লা ধোঁৱা উৰুৱাই/আহে এখন অসুস্থ এখন চিটিবাছ৷” অসমীয়া জাতীয়তাবাদক তেওঁ মহানগৰীত চলা এখন আপদীয়া চিটিবাছৰ লগত তুলনা কৰিছে৷ অমংগলীয়া চিটি বাছ৷
বাট কাটি কাটি ক’লা ধোঁৱা উৰুৱাই চলে৷ এই গাড়ীখনত “যাত্ৰী উঠে আৰু গাড়ীৰ গতি দেখি তৎক্ষণাত নামি যায়৷” তেওঁৰ মতে অসমীয়া জাতীয়তাবাদ নচলা টকা৷ আওপুৰণি৷ গাড়ীখন চলাইছে এজন আঠশ বছৰীয়া চালকে৷ গাড়ীখনে যাত্ৰীৰ গালি খায়৷ এই আঠশ বছৰীয়া গাড়ীৰ ড্ৰাইভাৰ গৰাকী আন কোনো নহয়- অসমীয়া জাতি গঢ়োঁতাসকলৰ আদি পুৰুষ চুকাফা৷ অসমীয়া জাতীয়তাবাদক বুজাবলৈ তেওঁ চুকাফাৰ নাম লৈছে ৷
চুকাফা, গদাপানি ওৰফে গদাধৰ এইসকলৰ নাম উল্লেখ কৰিবলৈ হ’লে কিছু ইতিহাস খুচৰি চোৱাৰ দৰকাৰ আছে। আমি জানো ৬০০ বছৰীয়া সেই গৌৰৱময় ৰাজত্বকালৰ ধাৰক আৰু বাহকসকলে প্ৰাচীন কামৰূপৰ ৰাজনৈতিক মানচিত্ৰই সলনি কৰিছিল। ত্ৰয়োদশ শতিকাত চাওলুং ছ্যুকাফাৰ সবল নেতৃত্বত গদাপাণি ওৰফে গদাধৰ সিংহই পৰিৱৰ্তন কৰিছিল তদানীন্তন কালৰ দুৰ্নীতিৰ ৰীতি।
সাম্প্ৰতিক কালৰ ক্ষয়িষ্ণু তথা গোলকীকৰণৰ ছাতিয়ে ঢাকি ধৰা আমাৰ মুমূৰ্ষু সমাজখনক যিকোনো উপায়েৰে হ’লেও সঠিক ঠাইত থিয় কৰাবলৈ জীৱনৰূপী অসুস্থ চিটিবাছখনৰ চালিকাশক্তি ৰূপত সাহিত্যৰ অতি স্পৰ্শকাতৰ বিধা কবিতাৰ মাজেৰে সীমিত পৰিসৰত উত্থাপন কৰাটো জটিল কাম। এই ক্ষেত্ৰত নীলিম কুমাৰে সাৱধানতা অৱলম্বন কৰাৰ প্ৰযোজন আছিল। কিন্তু কৰা নাই! কিয় কৰা এয়াও এটি প্ৰশ্ন?
যিহেতু সমালোচনা এক প্ৰকাৰৰ বিজ্ঞান। আমি যদি বৈজ্ঞানিক দৃষ্টিৰে নীলিম কুমাৰ আৰু বিৰ্তক বিষয়ৰ ওপৰত আলোচনা কৰো দেখা যায় তেখেতে কবিতা লিখাৰ লগতে তেখেতৰ লিখনিৰ মাৰ্কেটিং কৰে। আজি কালি মানুহৰ যে পঢ়াৰ ধৰ্য্য নাই সেয়া তেখেতে ভালদৰে বুজি পায় আৰু সেই সুযোগতে বিতৰ্কলৈ আহে। কেৱল মাথোঁ নিজকে কবি সজাবলৈ।
উল্লেখ্য যে, লিখনিৰ পাতনিতেই উল্লেখ কৰিছো যে, “নীলিম কুমাৰ বিৰ্তকলৈ অহাটো নতুন কথা নহয় এয়া তেনেই সহজলভ্য। কেতিয়াবা যদি”কেৱল ফেচবুকৰ কাব্যচৰ্চাৰে কবিৰ জন্ম নহয়” বুলি মতপোষন কৰি বিতৰ্ক আহিছে কেতিয়াবা আকৌ “ফেচবুকৰ কবিতা ফেচবুকৰ হে, ই মানুহক স্পৰ্শ কৰিব নোৱাৰে” বুলি কৈ বিতৰ্কলৈ আহিছিল। কেতিয়াবা দেখা গৈছিল সাহিত্য একাডেমীৰ সদস্য পদক লৈ বিতৰ্ক কৰা।”
লক্ষণীয় যে, সাম্প্ৰতিক সময়ত কবিতাৰ চৰ্চা ফেচবুকত ব্যাপক হাৰত হোৱা দেখা গৈছে তথা বহু নতুন নতুন কবিৰ জন্মও হৈছে। তেনে সময়ত সেই নৱ কবিসকলৰ মাজত নিজৰ নাম চিনাকি কৰিবলৈ ফেচবুকত কবিতা চৰ্চা কৰাসকলক উদ্দেশ্যি কৰা উপৰোক্ত মন্তব্যবোৰে তাকেই প্ৰমান কৰে। কাৰণ এজন প্ৰকৃত কবিয়ে নতুন চামক কেতিয়াও উপলুঙা মন্তব্য নকৰে।
যোৱা ২০১৮ চনৰ নৱেম্বৰত সাহিত্য একাডেমীৰ সদস্য পদৰ পৰা নীলিম কুমাৰে পদত্যাগ কৰি বিতৰ্কৰ মাজত আহিছিল। পদত্যগ কৰাৰ কাৰণটো আছিল তেখেতৰ মতে, সাহিত্য একাডেমীৰ মঞ্চত অযোগ্য কিছু ব্যক্তি উপদেষ্টা মণ্ডলীত স্থান লাভ কৰিছিল তথা সেই বাবে তেওঁ পদত্যগ কৰিছিল আৰু বিষয়টো বহু বিতৰ্কৰ সৃষ্টি হৈছিল। প্ৰণিধানযোগ্য যে, সেই সময়ত গুৱাহাটীৰ চান্দমাৰিস্থিত অসম ইঞ্জিনিয়াৰিং কলেজ খেলপথাৰত গ্ৰন্থমেলা চলি আছিল।
বাংলা লেখক অমিত গোস্বামীয়ে কৈছিল- গ্ৰন্থমেলাৰ পূৰ্বে তথা গ্ৰন্থমেলা চলা কালত সাহিত্যৰ পুৰষ্কাৰ তথা সাহিত্য সম্পৰ্কীয় বিতৰ্ক হেনো সেই গ্ৰন্থমেলাৰ হটকেক। হয়তো আপুনি ভাবিছে সেয়া আকৌ কি? সেই হটকেক হ’ল- সেই গ্ৰন্থমেলাৰ বাবে গ্ৰন্থ বিক্ৰী আৰু প্ৰচাৰৰ লগতে নিজকে প্ৰতিষ্ঠা কৰাৰ মাধ্যম।
অনুৰূপ দৃষ্টিৰে বৰ্তমান সময়ৰ প্ৰেক্ষাপট চালে সেই হটকেকটো সহজতে অনুমান হ’ব। যিহেতু আমি সকলোৱে জানো, মানুহে আজিকালি কিতাপ নপঢ়ে তথা ৭৫ শতাংশ মানুহেই ছ’চিয়েল মেডিয়া ব্যৱহাৰ কৰে। তাতে আৰু চলি আছে লকডাউন৷ এয়াই এটা ডাঙৰ সুযোগ নিজকে চৰ্চালৈ অনা আৰু নীলিম কুমাৰ পৰিচয়টো লোৱা৷ “এখন অসুস্থ চিটিবাছ” কবিতাটিত “ড্ৰাইভাৰ” “লাইচেন্স নোহোৱা ড্ৰাইভাৰ” “কলা ধূঁৱা এৰা”, “পুৰণি”,”অসুস্হ”, “চিটি-বাছ” আদি শব্দৰ লগতে “ইতিহাসে দিয়া এখন আজীৱন লাইচেন্স লৈ চলি থাকে এখন অসুস্হ চিটি-বাছ”ৰ দৰে বাক্যৰ উপস্হাপনেৰে এনেদৰেই অসমীয়াৰ স্বাভিমানত আঘাত হানিছে।
হয়তো এই যুক্তিখিনি আপুনি মানি লবলৈ টান পাইছে। ৰ’ব আৰু এটা বিষয় স্পষ্ট কৰি আছো। নীলিম কুমাৰ এজন প্ৰতিষ্ঠিত কবি। তেখেতে জানে আৰু সেইখিনি জ্ঞান আছে যে, কবিতা পাঠকে বিশ্লেষণ কৰে, কবিয়ে নকৰে৷ কবিয়ে নিজেই নিজৰ “এখন অসুস্থ চিটিবাছ” কবিতাৰ ভাবাৰ্থ বুজাবলৈ যত্ন কৰিছে? ফেচবুক, টুইটত নিজেই উল্লেখ কৰিছে-
“এখন অসুস্থ চিটিবাছ” কবিতাটো প্ৰকাশ হোৱাৰ লগে লগে অজস্ৰজনৰ সহাৰি আৰু উৎসাহে মোক মুগ্ধ কৰিছে৷ অজসৃজন পাঠকৰ পৰা মই ফোন আৰু মেচেজ পাইছিলো প্ৰশংসাসূচক৷ কিন্তু তাৰ মাজতে অৰ্থাৎ তিনি-চাৰিটামান ফোনৰ পিছতেই মই এজন ব্যক্তিৰ পৰা পালোঁ এটি বৰ ব্যতিক্ৰমী ফোনকল৷ তেওঁ ক’লে যে- চুকাফা আৰু গদাপাণি হ’ল অসমীয়া জাতি গঠনৰ দুজন মূল ব্যক্তিত্ব৷ এই বিশাল ব্যক্তিত্বৰ মানুহ দুজনক আপুনি সাধাৰণ ড্ৰাইভাৰ আৰু হেণ্ডিমেনৰ লগত তুলনা কৰি হেয়জ্ঞান কৰাৰ কোনো অধিকাৰ আপোনাৰ নাই৷ আপুনি ইয়াৰ বাবে ক্ষমা নুখুজিলে বিতৰ্ক হ’ব৷”
কবিয়ে হেনো তেনেকুৱা ফোন পাই থতমত খাইছিল। কাৰণ তেখেতৰ হেনো বিতৰ্কই আমুৱাইছে৷ উক্ত কথাখিনি কবিয়ে ফেচবুকত প্ৰকাশ কৰি তেখেতে বিষয়টোক আৰু অধিক বিতৰ্কৰ মজিয়ালৈ ঠেলি দিয়া নাই নে? এই কথাবোৰৰ পৰা স্পষ্ট হয় নীলিম কুমাৰ কেৱল কবিয়েই নহয়, তেখেতৰ লিখনি আৰু পৰিচয় বৰ্তাই ৰাখিবলৈ মাৰ্কেটিং হটকেক কি দৰে বনাব লাগে ভালদৰে জানে বাবেই বিতৰ্কলৈ আহি ভালপায়। তেখেতৰ এনেকুৱা বৌদ্বিক চিন্তা গৰিহণাৰ যোগ্য তথা অসমীয়াৰ ওচৰত ক্ষমা বিচৰাটো আমাৰ কাম্য।
ফোন : +91 99574 80126