Weather Data Source: wetter Bangalore 14 tage

June 17, 2025 9:15 am

Home » আঞ্চলিক » আঠগৰাকী পত্নী থকাৰ পিছতো খুলশালীৰ সৈতে লিপ্ত অসৎ কামত

আঠগৰাকী পত্নী থকাৰ পিছতো খুলশালীৰ সৈতে লিপ্ত অসৎ কামত

বাক্সা : বৰ্তমানৰ এই সময়ছোৱাত এজন মানুহৰ কেইগৰাকী পত্নী থাকিব পাৰে বুলি আপুনি অনুমান কৰিব পাৰে৷ এজন, দুজন বা তিনিজন৷ কিন্তু এই মানুহজনলৈ মন কৰক৷ দেখাত হাইলাখ এজন মানুহ৷ কেৱল মানুহেই নহয়, ৰূপালী পৰ্দাৰ নায়কৰ দৰে দেখাত এইগৰাকী লোকৰ এক এক কৰি আছে মুঠ আঠটাকৈ পত্নী৷ কিন্তু আপুনি হয়তো ভাবিব এজন লোকৰ আঠগৰাকীকৈ পত্নী থাকিব পাৰে, কিন্তু তাক লৈ এই প্ৰতিবেদন কিয়

হয়, বাক্সা জিলাৰ খুশ্ৰাবাৰীত সংঘটিত হৈছে এক জঘন্যতম ঘটনা। কাহানিও নোহোৱা এক জঘন্যতম কামত লিপ্ত এইগৰাকী বাক্সা জিলাৰ গোৱৰ্ধনা থানাৰ অন্তৰ্গত খুশ্ৰাবাৰী গাওঁৰ হাচেন আলীৰ পুত্ৰ আব্দুল ৰহিম। যেন তেওঁৰ পেছাই হৈছে বিয়া কৰোৱা। যি মহিলাৰ টকা আছে সেই মহিলাক প্ৰলোভন দি বিভিন্ন ধৰণৰ মায়াবী কথাৰে আকৃষ্ট কৰি প্ৰেমৰ জালত পেলাই বিয়া কৰে৷ কিছুদিন পিছত টকা শেষ হোৱাৰ পিছতে আৰম্ভ হয় শাৰীৰিক আৰু মানসিক নিৰ্যাতন। আঠ নম্বৰ পত্নীগৰাকী বিয়া কৰাই আনিছিল ধুবুৰীৰ পৰা। তাইকো মিছা প্ৰলোভন দি কৈছিল মোৰ ঘৈনীয়েকজনী মৃত্যু হৈছে এতিয়া মোৰ ঘৰখনত কোনো নাই। এইবুলি কৈ ধুবুৰীৰপৰা বিয়া কৰাই আনিছিল ছয় বছৰ পূৰ্বে।
তাইৰ এজনী ১৫ বছৰীয়া ভন্টি আছিল৷ এই ছোৱালীজনীৰ পিতৃ-মাতৃ নথকাৰ সুযোগ গ্ৰহণ কৰে এই লোকজনে। তাইৰ ভৰণ পোষনৰ লগতে বিয়া দিয়াৰ দায়িত্ব লৈ নিজ ঘৰত লৈ আহে আব্দুল ৰহিমে। ঘৰত বৰ্তমান পাঁচগৰাকী পত্নী থকাৰ পিছতো ১৫ বছৰীয়া নাৱালিকা খুলশালীৰ সৈতে শাৰিৰীক সম্পৰ্ক কৰিবলৈ আৰম্ভ কৰে ৰহিমে। কেৱল এয়াই নহয় বৰ্তমান ৩ মহীয়া গৰ্ভৱতী সেইগৰাকী নাৱালিকা৷ এই ঘটনা পোহৰলৈ অহাৰ লগে লগে আঠ নম্বৰ পত্নীৰ লগত কাজিয়াৰ সূত্ৰপাত হয়৷ আব্দুল ৰহিমে অসহায় মহিলাগৰাকীক কেৱল হাত ভৰি বান্ধিয়েই নহয়, গাত জলকীয়া সানি উপুৰ্যপৰি শাৰিৰীক অত্যাচাৰ কৰি আহিছে৷ তিনিদিন একেৰাহে এনেকৈ মাৰপিট কৰাৰ অন্তত উপায়হীন হৈ গোৱৰ্ধনা আৰক্ষী থানাত ফোনযোগে অৱগত কৰাত গোৱৰ্ধনা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই ঘটনাস্থলীত উপস্থিত হৈ বান্ধি থোৱা অৱস্থাতেই উদ্ধাক কৰে যদিওঁ আব্দুল ৰহিমে পুলিচৰ উমান পাই খুলশালীক লৈ পলাই সাৰে।
অৱশেষত কেতিয়াওঁ ঘৈনীয়েকক হাৰাশাস্তি নকৰে আৰু খুলশালীয়েকক বিয়া দি দিয়াৰ বাবে সমাজৰ মুখিয়ালৰ সৈতে এক চুক্তিনামাত চহী কৰি আকৌ নিজ পত্নীক ঘৰলৈ লৈ যায়। কিন্তু তাতেওঁ লম্পটৰ কু-কীৰ্তি বন্ধ নহল। আকৌ পূৰ্বৰ দৰেই খুলশালীক লৈ বিছনাত শোৱা কাৰ্যক পত্নীয়ে বাধা দিয়াত ঘৰৰ ভিতৰত আবদ্ধ কৰি পুনৰ শাৰীৰিক অত্যাচাৰ আৰম্ভ কৰে। মহিলাগৰাকীয়ে অত্যাচাৰ সহিব নোৱাৰি অন্ধকাৰৰ সুযোগ লৈ পলাই গৈ গোৱৰ্ধনা থানাত আশ্ৰয় লয় আৰু এখন এজাহাৰ দাখিল কৰে। এজাহাৰ ভিত্তিত গোৱৰ্ধনা থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই লম্পট আব্দুল ৰহিমৰ ঘৰত তালাচী চলায় যদিওঁ বৰ্তমানলৈকে লম্পট জনৰ কোনো শুং সূত্ৰ পোৱা নাই বুলি আৰক্ষীৰ সূত্ৰই সদৰী কৰে৷ এয়া আচলতে বিয়া নহয়, বিয়া নামত লোকজনে কৰি আহিছে ব্যৱসায়৷ পিছে এনে চৰিত্ৰৰ লোকক আপুনি বাৰু কি নামেৰে নামাকৰণ কৰিব? আৰক্ষী-প্ৰশাসনেও এইগৰাকী অসহায় মহিলাক ন্যায় দিব পাৰিবনে?

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি