Weather Data Source: wetter Bangalore 14 tage

June 19, 2025 9:10 pm

Home » বিবিধ » সন্মান-বঁটা » সাংবাদিক চাইজুৰ ৰহমানলৈ ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠান মিল্লত টাইমছৰ সন্মান। বিভিন্ন জনৰ শুভেচ্ছা

সাংবাদিক চাইজুৰ ৰহমানলৈ ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠান মিল্লত টাইমছৰ সন্মান। বিভিন্ন জনৰ শুভেচ্ছা

গুৱাহাটী : দেশৰ আগশাৰীৰ সংবাদ প্ৰতিষ্ঠান ‘মিল্লত টাইমছ’-এ প্ৰতিভাবান যুৱ সাংবাদিক চাইজুৰ ৰহমানলৈ আগবঢ়াইছে “চাৰ্টিফিকেট অফ এপ্ৰিচিয়েচন” সন্মান। ক’ৰোনাৰ ভয়াৱহতা তথা ল’কডাউনৰ সময়চোৱাত সাহস আৰু নিষ্ঠাৰে সংবাদ সেৱা আগবঢ়াই অহাৰ লগতে দৰিদ্ৰ একাংশ লোকক সহায়ৰ হাত আগবঢ়োৱাৰ বাবে ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠানটোৱে সাংবাদিক গৰাকীলৈ আগবঢ়াইছে উক্ত ৰাষ্ট্ৰীয় বঁটা।
হিন্দী, ইংৰাজী আৰু উৰ্দু-তিনিটা ভাষাত সংবাদ সেৱা আগবঢ়োৱা ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠান ‘মিল্লত টাইমছ’ দেশৰ আগশাৰীৰ সংবাদ প্ৰতিষ্ঠান সমূহৰ অন্যতম। দেশৰ সংবাদ ক্ষেত্ৰখনত সুদীৰ্ঘ বছৰ ধৰি সততা, নিষ্ঠা, সক্ৰিয়তাৰে জড়িত হৈ বিভিন্ন ৰাষ্ট্ৰীয়-আন্তৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সক্ষম হোৱা মিল্লত টাইমছৰ দৰে ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠানে আগবঢ়োৱা ‘চাৰ্টিফিকেট অফ এপ্ৰিচিয়েচন’ বঁটা লাভ কৰি স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিছে যুৱ সাংবাদিক চাইজুৰ ৰহমান। 
উল্লেখযোগ্য যে বিগত দহ বছৰোধিক অসমৰ সংবাদ ক্ষেত্ৰখনত সক্ৰিয়তাৰে জড়িত হৈ থকা প্ৰতিভাবান যুৱ সাংবাদিক চাইজুৰ ৰহমানে দৈনিক গণ অধিকাৰ, আমি অসমৰ জনগণ, নিউজ ৩০ আদি দৈনিক কাকতৰ গুৱাহাটীস্হ মুখ্য কাৰ্য্যালয়ত ষ্টাফ ৰিপ’ৰ্টাৰ হিচাপে কাৰ্যনিবাহ কৰিছে। নিউজ টাইম অসম তথা বৰ্তমানৰ প্ৰতিদিন টাইমতো তেওঁ সংবাদ সেৱা আগবঢ়াইছে। তদুপৰি বহুকেইখন সাপ্তাহিক কাকত, ৱেৱ নিউজ প’ৰ্টেলৰ স’তেও জড়িত হৈ আহিছে সাংবাদিক চাইজুৰ ৰহমান। অসম বিধান সভাৰ অধিৱেশন আৰু দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণৰ সময়ত বাতৰি সংগ্ৰহৰ বাবে বিশেষ পৰিচয় পত্ৰ লাভ কৰা সাংবাদিক চাইজুৰ ৰহমানে একাগ্ৰতা, সততা আৰু নিষ্ঠাৰে সংবাদ সেৱা আগবঢ়াই অহাৰ বাবে তেওঁ ইতিমধ্যে অসম চৰকাৰৰ মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্মৰ দ্বাৰা সাংবাদিক হিচাপে সম্বৰ্ধিত হোৱাৰ লগতে সামাজিক, সাংস্কৃতিক অনুষ্ঠান কৃষ্টিৰ সংবাদ প্ৰেৰণা বঁটা-২০১৯ লাভ কৰিবলৈ সক্ষম হৈছে। 
সাংবাদিক চাইজুৰ ৰহমান বৰ্তমান ৰাষ্ট্ৰীয় চেটেলাইট নিউজ চেনেল ফ’ৰ টিভি নিউজত কৰ্মৰত হৈ থকাৰ লগতে ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ কেইবাটাও সংবাদ প্ৰতিষ্ঠানৰ সৈতে জড়িত হৈ আছে। সাংবাদিক গৰাকীয়ে লাভ কৰা উক্ত সন্মানৰ বাবে তেওঁক বৰপেটা জিলা সাংবাদিক সন্হাৰ সভাপতি নজৰুল ইছলাম, সাধাৰণ সম্পাদক নিতুমনি দাস, ইণ্ডিয়ান ৰিপ’ৰ্টাৰ্ছ এচোচিয়েছন অসম সমিতিকে ধৰি বহুকেইটা অনুষ্ঠান-প্ৰতিষ্ঠান আৰু ব্যক্তিয়ে আন্তৰিক শুভেচ্ছা জনাইছে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি