Weather Data Source: wetter Bangalore 14 tage

June 23, 2025 12:07 pm

Home » আঞ্চলিক » বিধায়ক মামুন ইমদাদুল হক চৌধুৰীৰ বিৰুদ্ধে গ’ বেক, মুৰ্দাবাদ ধ্বনি…. কিন্তু কিয়?

বিধায়ক মামুন ইমদাদুল হক চৌধুৰীৰ বিৰুদ্ধে গ’ বেক, মুৰ্দাবাদ ধ্বনি…. কিন্তু কিয়?

লক্ষীমপুৰৰ পৰা আৰ্শ্বাদ আহমেদ :
স্থানীয় বিধায়কৰ বিৰুদ্ধে অগ্নিশৰ্মা সমষ্টিবাসী
বিধায়ক মামুন ইমদাদুল হক চৌধুৰীৰ বিৰুদ্ধে গ’ বেক, মুৰ্দাবাদ ধ্বনি
কিন্তু কিয়?
কাৰণ লক্ষীমপুৰ জিলাৰ নাওবৈচা সমষ্টিৰ গাৰ নোম শিয়ৰি উঠা দুখন দলং৷

এয়া লখিমপুৰ জিলাৰ নাওবৈচা সমষ্টিৰ অধীনত থকা তাতিয়ামৰাৰ পৰা মহগুলি আৰু গূৰাকটাৰ পৰা মহগুলী সংযোগী পথৰ মাজত থকা দুখন দলং৷
বিধায়কৰ উন্নয়ন পুঁজিৰে এখন আঠ লাখ আৰু আনখন ১০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছিল এই দলং দুখন
অতি নিম্ন মানৰ কাঠেৰে নিৰ্মাণ কৰাৰ বাবেই নিৰ্মাণৰ কিছুদিন পিছতেই জহি খহি পৰে দলং দুখন৷ ফলত মৰণত শৰণ দি সমষ্টিবাসীয়ে এনেদৰেই কৰবলগীয়া হৈছে যাতায়াত৷ যিকোনো সময়তে সংঘটিত হব পাৰে ভয়ানক দুৰ্ঘটনা৷যাৰ বাবে চিন্তিত সাধাৰণ জনতা।
কিন্তু এতিয়ালৈকে কোনো কান সাৰ দিয়া নাই স্থানীয় বিধায়ক মামুন ইমদাদুল হক চৌধুৰীয়ে। ৰাইজৰ অভিযোগ অনুসৰি বিধায়ক মামুন ইমদাদুল হক চৌধুৰীয়ে নিজৰ বিধায়ক উন্নয়ন পূজিৰ কোটি কোটি টকাৰ আঁচনিৰ সৰহখিনি কাম তেওঁৰ ভাতৃ তথা ঠিকাদাৰ মামুন ইক্ৰামুল হক চৌধুৰী আৰু ভনী জোঁৱাই আমিনুল হক বৰভুঁঞাৰ হতুৱাই কৰোৱাই এনেকুৱা দুৰ্নীতি সংঘটিত কৰিছে৷
যাৰ পৰিপ্ৰেক্ষিতত আজি উত্তেজিত জনতাই বিধায়ক তথা ঠিকাদাৰৰ বিৰুদ্ধে এনেদৰেই সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ৷
অনতিপলমে অসম চৰকাৰক তথা জিলা প্ৰশাসনে সাধাৰণ জনতাৰ যাতায়াতৰ প্ৰতি লক্ষ্য কৰি ইয়াৰ উচিত তদন্ত কৰিবলৈ আহ্বান জনায়।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি