|

গোৱালপাৰাত অপৰিৱৰ্তিত দ্বিতীয়টো বান পৰিস্থিতি

গোৱালপাৰাত অপৰিৱৰ্তিত দ্বিতীয়টো বান পৰিস্থিতি : বানৰ বুজ ল’লে ছাত্ৰ নেতা আমিনুল হক, তিনি দিনত ১২০০ পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ গোৱালপাৰা : আজিও অপৰৱৰ্তিত গোৱালপাৰাৰ দ্বিতীয়টো বান পৰিস্থিতি । বানপীড়িত লোকৰ দুখ দুৰ্দশা দেখি যোৱা তিনি দিনৰ পৰা ছাত্ৰ নেতা আমিনুল হকে ১২০০ পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে। গোৱালপাৰা চহৰৰ ভাটিপাৰা নতুন বস্তি, নৱাগত শিমলিতোলা, সিধাবাৰী, পাখিউৰা চৰ, দাকাইদল, কেম্প বজাৰ, বলদমাৰী চৰৰ বিভিন্ন প্ৰান্তত পৰিদর্শন কৰাৰ লগতে বানপীড়িত লোকৰ ঘৰত যন্ত্ৰ চালিত নাওঁ লৈ গৈ খাদ্য সামগ্ৰী বিতৰণ কৰে। বানপানী শাম নকটা লৈকে এইদৰে প্ৰত্যেক দিনাই বানপীড়িত ৰাইজক সহায় কৰি যাব আৰু চৰকাৰক পৰ্যাপ্ত সাহায্য প্ৰদান কৰিবলৈ দাবী জনায় ছাত্ৰ নেতা জনে।

|

চেঙাত অপৰিৱৰ্তিত বান পৰিস্থিতি : বানপীড়িতৰ কাষত সংবাদ প্ৰহৰী

পালহাজীৰ পৰা সেখ ৰহমত উল্লাহ : আজিও জলমগ্ন বৰপেটা ৰাজহ চক্ৰৰ অন্তৰ্গত দক্ষিণ বৰপেটা তথা চেঙা বিধানসভা সমষ্টিৰ অৰ্ধ শতাধিক গাঁও৷ পালহাজী বৰপেটা সংযোগী আটাইকেইটা গড়কাপ্টানি পথৰ আধা অংশ পানীৰ তলত৷ আটাইবোৰ পথৰ ওপৰেদি বাগৰিছে পানী৷ ঠাই বিশেষে কৃষকৰ পকাধান পানীত বুৰ যোৱাত পানীৰ তলৰ পৰাই কাটিবলগীয়া হৈছে ধান৷ মানুহৰ ঘৰ দুৱাৰ বানে বুৰাই পেলোৱাৰ লগতে পশুধনৰ প্ৰতিও ভয়ঙ্কৰ ভাবুকি কৰিয়াই আনিছে এই বানে৷ শাওণৰ বাবে পৰা কঠীয়া বোৰো এতিয়া মাছ কাছৰ খাদ্যত পৰিণত হৈছে ৷ সেয়ে চৰকাৰলৈ ৰাইজৰ আহ্বান- লকডাউন আৰু জেঠমহীয়া বানে ইতিমধ্যে কৃষকক পানীত হাঁহ নচৰা অৱস্থা কৰি থৈছে৷ হাজাৰ হাজাৰ মাছ উৎপাদনকাৰী কৃষকৰ পুখুৰীৰ পৰা মাছ পানীৰ সোঁতত ওলাই গৈছে৷ ইপিনে পালহাজী পকদহ কেওঁটকুছি গড়কাপ্তানি পথত