বানৰ কবলত বৰপেটা-বাক্সাৰ বিস্তিৰ্ণ অঞ্চল
বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন বৰপেটা যুৱ কংগ্ৰেছ নেতৃত্বত হাবিব আহমেদ আৰু আশ্রাফুল আলম ছিদ্দিকী মথনগুৰিত বানাক্ৰান্ত লোকৰ দুখ-দুৰ্দশাৰ বুজ ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়ো আৰু দলটোৰ প্ৰাৰ্থী শাজাহান আলী আহমেদৰ ব্যুৰ’ সংবাদ : এফালে কৰোণাৰ আতংক, আনফালে বানৰ তাণ্ডৱ। উপায়হীন জনতাৰ হাহাকাৰ অৱস্থা৷ ৰাজ্যত অব্যাহত থকা নেৰা নেপেৰা বৰষুণৰ ফলত কি উজনি কি নামনি, চাৰিওফালে কেৱল বানৰ বিভীষিকাময় পৰিস্থিতি৷ শেহতীয়াকৈ বৰপেটা জিলাতো পল্লা আৰু পহুমৰা নৈৰ বাঢ়নী পানীয়ে ইতিমধ্যে বুৰাই পেলাইছে বৰপেটা সদৰ আৰু সৰুক্ষেত্ৰী সমষ্টিৰ বিস্তিৰ্ণ অঞ্চল৷ বিগত কে’বাদিনৰ পৰা নেৰানেপেৰা বৰষুণৰ ফলত ফেনে-ফোটোকাৰে বাঢ়ি গৈছে পল্লা নৈ আৰু পহুমাৰা নৈৰ জলস্তৰ। ফলত সমষ্টি দুটাৰ সৰহভাগ অঞ্চলৰ বাট-পথ, মথাউৰি আদি ছিগি হোৰাহোৰে সাোমাই আহিছে পানী। খাদ্য সংকটত ভুগিছে মানুহৰ লগতে পশুধন।