|

ডবকা নে ধুবুৰী – প্ৰস্তাৱিত আজমল বিশ্ববিদ্যালয়ক লৈ বিতৰ্ক

ক’ত প্ৰতিষ্ঠা কৰিব লাগে আজমল বিশ্ববিদ্যালয়? ধুবুৰীত প্ৰতিষ্ঠা কৰাৰ দাবী যুক্তিযুক্ততা কিমান? @মহিবুল মণ্ডল মৌলানা বদৰুদ্দিন আজমলে এআইইউডিএফ দল গঠন কৰাৰ পিছৰ পৰাই ধুবুৰী লোকসভা সমষ্টিত বিগত ২০০৯,চনত বিধানসভা,২০১৪ আৰু ২০১৯ চনৰ লোকসভাৰ সাংসদ নিৰ্বাচনত বিপুল ভোটৰ ব্যৱধানত বিজয়ী হয় । অৰ্থাৎ হেট্ৰিক গঢ়িবলৈ সক্ষম হয়। উল্লেখ্য যে, যোৱা কিছুদিন ধৰি আজমল বিশ্ববিদ্যালয় (প্ৰস্তাৱিত) এখনৰ স্থানক লৈ ফেচবুকত বহু বিতৰ্ক চলা দেখিবলৈ পোৱা গৈছে। ব্যক্তিগত খণ্ডৰ বিশ্ববিদ্যালয় এখন কোনে ক’ত স্হাপন কৰিব সেয়া তেওঁৰ নিজস্ব কথা। মুনাফাৰ সম্ভাৱনা য’ত বেছি তাতেই মালিকে পূঁজি বিনিয়োগ কৰিব। তাত ক’বলগীয়া নাই। পিছে বদৰুদ্দিন আজমল ৰাইজৰ প্ৰতিনিধি হোৱা হেতুকে ধুবুৰীত আজমল বিশ্ববিদ্যালয় স্থাপনৰ দাবী জনোৱাটো কোনো অযুক্তিকৰ হ’ব নোৱাৰে। তথা এয়া সম্ভাৱনাপূৰ্ণ বাস্তৱ। তাকে