Weather Data Source: wetter Bangalore 14 tage

June 14, 2025 1:57 pm

Home » আঞ্চলিক » গুৱাহাটীৰ ৭ টা ৱাৰ্ডত ১৪ দিনলৈ পুনৰ হব লকডাউন

গুৱাহাটীৰ ৭ টা ৱাৰ্ডত ১৪ দিনলৈ পুনৰ হব লকডাউন

গুৱাহাটী : ক’ৰোনাৰ হটস্পট ৰূপে পৰিগণিত হোৱা গুৱাহাটী মহানগৰীত ৱার্ড অনুসৰি হ’ব সম্পূর্ণ লকডাউন৷ যোৱা সময়ছোৱাত ৰাজধানী চহৰখনৰ কেইবাটাও ৱার্ডত উদ্বেগজনকভাৱে ক’ৰোনা আক্রান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ পাছতে স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰে আলোচনাৰ পাছত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে এইক্ষেত্রত ব্যৱস্থা গ্রহণৰ বাবে কামৰূপ (মহানগৰ) জিলা প্রশাসন আৰু মুখ্য সচিবক নির্দেশ দিছে৷ সোমবাৰে সন্ধিয়া স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ সৈতে হোৱা এক গুৰুত্বপূর্ণ বৈঠকৰ পাছতেই লকডাউন বলৱৎ কৰাৰ ক্ষেত্রত জিলা উপায়ুক্তৰ লগতে আৰক্ষী আয়ুক্তক জৰুৰী নির্দেশ জাৰি কৰি যাৱতীয় ব্যৱস্থা গ্রহণৰ নির্দেশ দিয়ে মুখ্যমন্ত্রীয়ে৷ এই অনুসৰি কাইলৈ আজিৰে পৰা কার্যকৰী হোৱাকৈ জিলা প্রশাসনে মহানগৰীৰ একাংশ ৱার্ডত সম্পূর্ণ লকডাউন বলৱৎ কৰিব৷ কামৰূপ (মহানগৰ) জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে জানিবলৈ দিয়া মতে, ১৪ দিনৰ বাবে এই লকডাউন সংশ্লিষ্ট ৱার্ডসমূহত কার্যকৰি হৈ থাকিব৷ আজি এই সন্দর্ভত আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ’ব বুলিও তেওঁ জানিবলৈ দিয়ে৷

উল্লেখ্য যে সামাজিক সংক্রমণৰ শংকা কঢ়িয়াই গুৱাহাটীৰ ৭টা ৱার্ডত শেহতীয়াকৈ চিনাক্ত হৈছে ১৭৬ ক’ৰোনা আক্রান্ত লোক৷ গুৱাহাটীবাসীৰ লগতে ৰাজ্যবাসীক চিন্তিত কৰি তোলা গুৱাহাটী পৌৰ নিগমৰ এই ৱার্ডকেইটা হ’ল– ২, ৩, ৪, ৫, ১০, ১৫ আৰু ১৬নং ৱার্ড৷ এই ৱার্ডকেইটাত যোৱা ৩টা দিনত এজনৰ পাছত এজন ক’ৰোনা আক্রান্ত লোক চিনাক্ত হোৱাৰ পাছত স্বাস্থ্য বিভাগে ৱার্ডসমূহ কনটেইনমেণ্ট জ’নৰ পৰিৱর্তে ভয়াৱহ ভাইৰাছবিধ ৰোধ কৰাৰ বাবে সম্পূর্ণ লকডাউনৰ পোষকতা কৰিছে৷ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সোমবাৰে এই সন্দর্ভত তথ্য সদৰী কৰি কয়– পৰিস্থিতি এনে পর্যায়ত থাকিলে গুৱাহাটীত প্রতিদিনে ২০০–৩০০ লোক আক্রান্ত হোৱাৰ সম্ভাৱনা আছে৷ গুৱাহাটীৰ দৰে চহৰত এইদৰে আক্রান্তৰ সংখ্যা বৃদ্ধি ৰাজ্যবাসীৰ বাবে চিন্তাৰ বিষয়৷ সেয়েহে ৭ৰ পৰা ১৪ দিন লকডাউনৰ বাবে জিলা প্রশাসনক পৰামর্শ দিয়া হৈছে৷ এন এইচ এমৰ কার্যালয়ত সোমবাৰে এখন সংবাদ মেল সম্বোধন কৰি স্বাস্থ্যমন্ত্রীগৰাকীয়ে গুৱাহাটীৰ পৰিস্থিতি উদ্বেগজনক আৰু ভয়াৱহ বুলি মন্তব্য কৰি স্পষ্টভাৱে কয়– ৰাইজে সহযোগিতা নকৰিলে এসপ্তাহৰ ভিতৰতে অৱনমিত হ’ব মহানগৰীৰ পৰিস্থিতি৷
উল্লেখ্য যে গুৱাহাটীত ট্রেভেল হিষ্ট্রী নথকা ৩৬জনকৈ লোক ক’ৰোনাত আক্রান্ত হোৱাৰ পাছতে স্বাস্থ্য বিভাগে মহানগৰীত ৫০ হাজাৰ লোকৰ ক’ভিড টেষ্টৰ বাবে ব্যৱস্থা গ্রহণ কৰে৷ সেই অনুসৰি মহানগৰীৰ ১২খন ৰাজ্যিক চিকিৎসালয়, এফ আৰ ইউত স্বেচ্ছাই ক’ভিড টেষ্টৰ পৰীক্ষাৰ বাবে ৰাইজক আহিবলৈ আহ্বান জনাইছিল৷ ১৫ জুনৰ পৰা প্রায় প্রতিদিনে ৫০০কৈ ক’ভিড টেষ্ট কৰাৰ পাছত দুদিনতে ১১৪জন লোক ক’ৰোনাত আক্রান্ত ৰূপে চিনাক্ত হয়৷ কার্যতঃ ইয়াকে লৈ চিন্তিত হৈ পৰা স্বাস্থ্য বিভাগে অচিৰেই ৩১টা স্ক্রীনিং টেষ্ট শিবিৰ স্থাপন কৰি অধিক লোকক পৰীক্ষাৰ বাবে প্রস্তুতি আৰম্ভ কৰিছে৷ সামাজিক সংক্রমণৰ আশংকাত স্বাস্থ্য বিভাগে আৰম্ভ কৰা এই পদক্ষেপ সন্দর্ভত স্বাস্থ্যমন্ত্রী ড০ শর্মাই কয়– গুৱাহাটীত এপ্রিল মাহটো যদি প্রথম পর্যায় হিচাপে ধৰা হয়, তেন্তে সেই সময়ছোৱাত নিজামুদ্দিন মার্কাজ জামাতৰ পৰা অহা লোক সর্বাধিক ক’ৰোনাত আক্রান্ত হৈছিল৷ কিন্তু ৫ মে’ৰ পৰা লকডাউনৰ শিথিলতা আৰম্ভ হোৱাত বহিঃৰাজ্যৰ পৰা অহা লোকৰ জৰিয়তে ৰাজ্যত ক’ৰোনা আক্রান্তৰ সংখ্যা ৫ সহস্রাধিক অতিক্রম কৰিলে৷ গুৱাহাটীত ট্রেভেল হিষ্ট্রী নথকা দুই–এজন লোক ছেগাচোৰোকাকৈ আক্রান্ত হৈছে যদিও শেহতীয়াকৈ এই সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে৷ এই সংখ্যা ক্রমাৎ বৃদ্ধি হোৱাৰ প্রতি লক্ষ্য ৰাখি স্বাস্থ্য বিভাগে বিশেষ নজৰ দিয়াত মহানগৰীৰ ৭টা ৱার্ড চিন্তাৰ কাৰক ৰূপে চিনাক্ত হৈছে৷ চাৰিখনকৈ আৰক্ষী থানাৰ অন্তর্গত এই ৱার্ডসমূহ এতিয়া ক’ৰোনা হটস্পট ৰূপে দেখা দিছে৷ ইয়াৰে জালুকবাৰী আৰক্ষী থানাৰ অন্তর্গত ৩১জন লোক ক’ৰোনা পজিটিভ চিনাক্ত হোৱাৰ বিপৰীতে ফটাশিল আৰক্ষী থানাৰ অন্তর্গত সর্বাধিক ৬৯জন লোক চিনাক্ত হৈছে৷ আনহাতে, ভৰলুমুখ আৰক্ষী থানাৰ অন্তর্গত ৫১জন আৰু পাণবজাৰ আৰক্ষী থানাৰ অন্তর্গত ২৫জন লোক ক’ৰোনাত আক্রান্ত হৈছে৷ লক্ষণীয়ভাৱে এই আটাইবোৰ আক্রান্ত লোক সংযুক্ত হৈ আছে ফাঁচীবজাৰৰ লগত৷ এক কমন হটস্পট ৰূপে চিনাক্ত হোৱা ফাঁচীবজাৰৰ সৈতে বিভিন্ন কাৰণত সংযুক্ত হোৱা বহু লোক শেহতীয়াকৈ পজিটিভ ৰূপে চিনাক্ত হৈছে৷ তদুপৰি পাণ্ডু, মালিগাঁও, মাছখোৱা, ফাঁচীবজাৰ, ধীৰেনপাৰা, ফটাশিল আদি অঞ্চলো যথেষ্ট স্পর্শকাতৰ ৰূপে চিনাক্ত হৈছে৷ সেয়েহে সমগ্র বিষয়টোক বিশেষ গুৰুত্ব প্রদান কৰি ৱার্ড অনুসৰি লকডাউন দিয়াৰ বাবে স্বাস্থ্য বিভাগে জিলা প্রশাসনক পৰামর্শ প্রদান কৰিছে৷
প্রশাসনে কনটেইনমেণ্ট জ’নৰ পৰা আগুৱাই গৈ ৭ৰ পৰা ১৪ দিন কঠোৰ লকডাউন বলৱৎ কৰাৰ বাবে ব্যৱস্থা গ্রহণ কৰিব৷ সমান্তৰালভাৱে মহানগৰীত ক্রমাৎ বৃদ্ধি পোৱা ক’ৰোনা আক্রান্তৰ প্রতি লক্ষ্য ৰাখি পূর্বে থকা ১২টা স্ক্রীনিং টেষ্ট চেণ্টাৰৰ উপৰি পুনৰ ৩১টা স্ক্রীনিং টেষ্ট শিবিৰ স্থাপনৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল আৰু মহেন্দ্র মোহন চৌধুৰী চিকিৎসালয়ৰ লগতে ৩১খন হাইস্কুলত এই স্ক্রীনিং চেণ্টাৰ স্থাপন কৰা হ’ব৷ এই স্ক্রীনিং চেণ্টাৰসমূহত ট্রুনাট মেচিনেৰে ৬ ঘণ্টাৰ ভিতৰতে ক’ভিড পৰীক্ষাৰ ফলাফল দিব পৰা যাব৷ আই চি এম আৰে ইতিমধ্যে এই যন্ত্রৰ দ্বাৰা ক’ভিড পৰীক্ষা কৰাৰ অনুমতি প্রদান কৰিছে৷ শিবিৰসমূহত ছোৱাবৰ নমুনা সংগ্রহ কৰাৰ পাছতেই কম সময়ৰ ভিতৰতে ফলাফল দিব পৰা যাব৷ তদুপৰি শিবিৰসমূহত চিকিৎসক, নার্ছ, লেবৰেটৰী টেক্নিচিয়ান আদিৰ লগতে স্বাস্থ্যকর্মীৰ উপস্থিতিৰে এখন চিকিৎসালয়লৈ ৰূপান্তৰ কৰা হ’ব৷ মন্ত্রী ড০ শর্মাই কয়– গুৱাহাটীৰ পৰিৱেশ এতিয়া বহুত বেছি ভাল দিশলৈ গতি কৰাৰ ইংগিত দিয়া নাই৷ গতিকে মাস্ক পৰিধান, সামাজিক দূৰত্ব বজাই ৰখাটো যথেষ্ট আৱশ্যক৷ অন্যথা অহা ৭ৰ পৰা ১০ দিনৰ ভিতৰত পৰিস্থিতি অধিক অৱনমিত হ’ব পাৰে৷ ইফালে গুৱাহাটীত স্থাপন কৰিব লগা ৩১টা স্ক্রীনিং চেণ্টাৰৰ লেখীয়াকৈ ৰাজ্যৰ আন জিলাতো একে ব্যৱস্থা গ্রহণ কৰা হ’ব৷ গুৱাহাটীৰ দৰে কনটেইনমেণ্ট জ’ন, কঠোৰ লকডাউন আদিৰ দৰে কাম–কাজসমূহ আন জিলাতো কৰাৰ বাবে নির্দেশ দিয়া হৈছে৷ তেওঁ ইয়াকো কয়– এই পৰিস্থিতি অহা ৩১ আগষ্ট পর্যন্ত আমি ধৰি ৰাখিব লাগিব৷ সামাজিক সংক্রমণ যাতে নঘটে, তাৰ বাবে স্বাস্থ্য বিভাগৰ লগতে ৰাইজেও অধিক সচেতন হ’ব লাগিব৷ পৰিস্থিতি এনেদৰে ৰাখিব পাৰিলে ইয়াক কিছু নিয়ন্ত্রণ কৰিব পৰা যাব৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি