|

গুৱাহাটীৰ ৭ টা ৱাৰ্ডত ১৪ দিনলৈ পুনৰ হব লকডাউন

গুৱাহাটী : ক’ৰোনাৰ হটস্পট ৰূপে পৰিগণিত হোৱা গুৱাহাটী মহানগৰীত ৱার্ড অনুসৰি হ’ব সম্পূর্ণ লকডাউন৷ যোৱা সময়ছোৱাত ৰাজধানী চহৰখনৰ কেইবাটাও ৱার্ডত উদ্বেগজনকভাৱে ক’ৰোনা আক্রান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ পাছতে স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰে আলোচনাৰ পাছত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে এইক্ষেত্রত ব্যৱস্থা গ্রহণৰ বাবে কামৰূপ (মহানগৰ) জিলা প্রশাসন আৰু মুখ্য সচিবক নির্দেশ দিছে৷ সোমবাৰে সন্ধিয়া স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ সৈতে হোৱা এক গুৰুত্বপূর্ণ বৈঠকৰ পাছতেই লকডাউন বলৱৎ কৰাৰ ক্ষেত্রত জিলা উপায়ুক্তৰ লগতে আৰক্ষী আয়ুক্তক জৰুৰী নির্দেশ জাৰি কৰি যাৱতীয় ব্যৱস্থা গ্রহণৰ নির্দেশ দিয়ে মুখ্যমন্ত্রীয়ে৷ এই অনুসৰি কাইলৈ আজিৰে পৰা কার্যকৰী হোৱাকৈ জিলা প্রশাসনে মহানগৰীৰ একাংশ ৱার্ডত সম্পূর্ণ লকডাউন বলৱৎ কৰিব৷ কামৰূপ (মহানগৰ) জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে জানিবলৈ দিয়া মতে, ১৪ দিনৰ বাবে