পূৱ বৰপেটা ছ’চিয়েল ৱেলফিয়াৰ ছ’চাইটিৰ উদ্যোগত আন্তৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন

হাউলী : সমগ্ৰ বিশ্বৰ লগতে সংগতি ৰাখি ২১ জুন অৰ্থাৎ দেওবাৰে বৰপেটা জিলাৰ আগশাৰীৰ স্বেচ্ছাসেৱী সংস্থা পূৱ বৰপেটা ছ’চিয়েল ৱেলফিয়াৰ ছ’চাইটিৰ উদ্যোগত হাউলীত আন্তঃৰাষ্ট্ৰী যোগ দিৱস পবালন কৰা হয়৷ কৰ’ণা সংক্ৰমণৰ এই সময়ছোৱাত সামাজিক দূৰত্ব বজাই ৰাখি যোগ প্ৰশিক্ষক অনামিকা ওজাই আঁত ধৰা অনুষ্ঠানটিত পূৱ বৰপেটা ছ’চিয়েল ৱেলফিয়াৰ ছ’চাইটিৰ মুখ্য পৃষ্ঠাৰোষক হাচেন আলী, পৰিচালন সঞ্চালক মোবাৰক হুছেইনকে আদি কৰি ২০ গৰাকী লোকে অংশগ্ৰহণ কৰে৷ উল্লেখযোগ্য যে, যোগ সাধনা এক প্ৰাচীন ভাৰতীয় কলা আৰু এই কলা এসময়ত বিশ্বৰ অন্যতম জনপ্ৰিয় সাধনাৰুপে পৰিগণিত হৈছিল। এই সাধনা অনুশীলন কৰিলে মানুহৰ শাৰীৰিক,মানসিক আৰু আধ্যাত্মিক দিশ অতি উন্নত হ’ব পাৰে। ২০১৪ৰ ছেপ্টেম্বৰ মাহত ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে ‘আন্ত:ৰাষ্ট্ৰীয় যোগ দিৱস’এটা সমগ্ৰ বিশ্বজুৰি পালন কৰিবলৈ আহবান জনাই ৰাষ্ট্ৰসংঘৰ

| |

বিটিএডিৰ ৰাজনীতি : এক চমু অৱলোকন

@ জাহিদুল ইছলাম মিৰ্ধা বিটিএডি তথা বিটিআৰ অঞ্চলত সম্প্ৰতি ৰাজনৈতিক বতাহ প্ৰবলভাৱে বলিবলৈ লৈছে ৷ ইতিমধ্যে বিগত ১৭ বছৰে শাসন কৰা বিপিএফ আৰু নৱগঠিত আঞ্চলিক দল ইউপিপিএলৰ লগতে অন্যান্য ৰাজনৈতিক দলবোৰেও নিৰ্বাচনী কুচকাৱাজ অব্যাহত ৰাখিছে ৷ উল্লেখ কৰা ভাল যে নিৰ্বাচন আয়োগে বিটিচিৰ পৰিষদীয় নিৰ্বাচনৰ দিন বাৰ ঘোষণা কৰিছিল ৷ যোৱা ৪ এপ্ৰিলতে বিটিচিৰ নিৰ্বাচনৰ তাৰিখ আছিল ৷ সেইমতে সকলো দলৰে প্ৰাৰ্থীসকলৰ মনোনয়ন দাখিল প্ৰক্ৰিয়াও সমাপ্ত হৈছিল ৷ কিন্তু বিশ্বজুৰি ভয়াবহ ৰূপ ধাৰণ কৰা কৰোনা মহামাৰীৰ বাবে সমগ্ৰ দেশতে লকডাউন ঘোষণা কৰাৰ লগে লগে নিৰ্বাচন আয়োগেও বিটিচিৰ নিৰ্বাচন অনিৰ্দিষ্ট কাললৈ স্থগিত ঘোষণা কৰে ৷ তাৰ পাছতো নিৰ্বাচনত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকলে আৰু ৰাজনৈতিক দলবোৰে ভিতৰি ভিতৰি নিজ নিজ প্ৰচাৰকাৰ্য চলায়েই আছে