Weather Data Source: wetter Bangalore 14 tage

June 20, 2025 9:31 am

Home » দেশ-বিদেশ » ৯জন বিধায়কৰ সমৰ্থন প্ৰত্যাহাৰ : চৰম সংকটত বিজেপি চৰকাৰ

৯জন বিধায়কৰ সমৰ্থন প্ৰত্যাহাৰ : চৰম সংকটত বিজেপি চৰকাৰ

  • মণিপুৰত চৰম সংকটত বীৰেন সিং নেতৃত্বাধীন বিজেপি চৰকাৰ
  • চৰকাৰৰ পৰা মুঠ ৯জন বিধায়কৰ সমৰ্থন প্ৰত্যাহাৰ
  • ইয়াৰে বিজেপি দলৰেই হৈছে তিনিজন বিধায়ক,
  • এন পি পি-ৰ আছে চাৰিজন মন্ত্ৰী-বিধায়ক
  • তৃণমূল কংগ্ৰেছৰ আৰু নিৰ্দলীয় বিধায়কেও কৰিছে সমৰ্থন প্ৰত্যাহাৰ


ইম্ফল : কৰণা ত্ৰাসৰ সময়তে মনিপুৰৰ ৰাজনীতিত নাটকীয় পট পৰিৱতৰ্ন৷ মণিপুৰৰ বিজেপি নেতৃত্বাধীন চৰকাৰ এতিয়া চৰম সংকটত। বীৰেন সিং চৰকাৰৰ পৰা কমেও ৯জন বিধায়কে সমৰ্থন প্ৰত্যাহাৰ কৰাৰ পাছত সংকটত পৰিছে চৰকাৰখন। বিজেপি চৰকাৰৰ পৰা সমৰ্থন প্ৰত্যাহাৰ কৰা বিধায়কসকলৰ মাজত আছে কনৰাড চাংমা নেতৃত্বাধীন এন পি পি-ৰ চাৰিজন মন্ত্ৰী-বিধায়ক৷ এই চাৰিজন হৈছে উপ-মুখ্যমন্ত্ৰী ৱাই জয় কুমাৰ সিং, কেবিনেট মন্ত্ৰী এন কায়িছী, এল জয়ন্ত কুমাৰ সিং আৰু লেটপাও হাওকিপ। আটাইকেইজনে মন্ত্ৰীত্ব এৰাৰ লগতে চৰকাৰখনৰ পৰা সমৰ্থন প্ৰত্যাহাৰ কৰিছে। আনহাতে তিনিজন বিজেপি বিধায়ক ক্ৰমে, এছ সুভাষচন্দ্ৰ সিং, টি টি হাওকিপ আৰু ছামুৱেল জেন্দাই-ও দলৰ পৰা পদত্যাগ কৰি কংগ্ৰেছত যোগ দিয়াৰ লগতে তেওঁলোকে বিধায়ক পদো ত্যাগ কৰিছে। ইফালে একমাত্ৰ তৃণমূল কংগ্ৰেছৰ বিধায়ক টি ৰবীন্দ্ৰ সিং আৰু নিৰ্দলীয় বিধায়ক ছাহাবুদ্দিনেও বিজেপিৰ পৰা সমৰ্থন প্ৰত্যাহাৰ কৰিছে।
উল্লেখযোগ্য যে মনিপুৰৰ মুঠ আসন ৬০৷ ২০১৭ চনত অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনত কংগ্ৰেছ- ২৮, বিজেপি-২১, এন পি পি- ৪, এন পি এফ – ৪, তৃণমূল কংগ্ৰেছ আৰু অন্যান্যই লাভ কৰিছিল এখনকৈ আসন৷ তাৰ পিছতেই মনিপুৰত কংগ্ৰেছৰ ১৫ বছৰীয়া শাসনৰ অৱসান ঘটাই আঞ্চলিক আৰু অন্যান্য দলৰ সমৰ্থনত বিজেপিয়ে চৰকাৰ গঠন কৰিছিল৷ শেহতীয়াকৈ ৰাজ্যখনত নাটকীয় পট-পৰিৱৰ্তন ঘটাই একাংশ বিধায়কে সমৰ্থন প্ৰত্যাহাৰ পিছতেই পুনৰ কংগ্ৰেছে চৰকাৰ গঠন কৰিব বুলি দাবী কৰিছে দলটোৱে৷ অৱশ্যে এতিয়া ৰাজ্যপান নাজমা হেপতুল্লাই ৰাজ্যখনত ৰাষ্ট্ৰপতি শাসন বিচাৰিব নে কংগ্ৰেছক চৰকাৰ গঠন কৰিবলৈ আমন্ত্ৰণ জনাব সেয়াহে লক্ষণীয়৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি