Weather Data Source: wetter Bangalore 14 tage

June 14, 2025 10:54 am

Home » আঞ্চলিক » ধুমাৰ পাথাৰৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ পথতঃ জলসম্পদ বিভাগক ভূয়সী প্ৰশংসা

ধুমাৰ পাথাৰৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ পথতঃ জলসম্পদ বিভাগক ভূয়সী প্ৰশংসা

বিভাগীয় তৎপৰতাত অৱশেষত ধুমাৰ পাথাৰৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ পথতঃ জলসম্পদ বিভাগক ভূয়সী প্ৰশংসা ৰাইজ তথা দল-সংগঠনৰ

শ্বহিদুল ইছলাম :
বজালী মহকুমাৰ অন্তৰ্গত ১১৫ নং ধুমাৰ পাথাৰৰ সু মাজেৰে বৈ যোৱা ৰূপহী নদীৰ মথাউৰী খন প্ৰায় সুদীৰ্ঘ চল্লিছ বছৰৰ পৰা মাজে-মাজে ছিঙি আছিল। বিশেষকৈ উল্লেখ কৰিব লাগিব চেংলিমাৰীৰ পৰা হলংবাৰীলৈ যোৱা এটা অশংত আৰু চেংলিমাৰীৰ পৰা পানপাৰালৈ যোৱা এটি অংশ ছিঙি থকাত কৃষিৰ পৰা আৰম্ভ কৰি যাতায়তৰ ক্ষেত্ৰত প্ৰায় পোন্ধৰখন গাঁৱৰ ৰাইজে যঁমৰ যাতঁনাত দিন পাৰ কৰি আছিল।

বাৰিষাৰ দিনত ৰূপহী নদীৰ বাঢ়নী পানীয়ে ভঙা অংশ দুখনেৰে তিব্ৰ বেগেৰে পানী সোমাই শ-শ বিঘা শষ্য খেতি নষ্ট কৰি আছিল। অনুৰূপ ভাবে ভঙা অংশৰ বাবে স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ পৰা আৰম্ভ কৰি সকলো জনগণৰ যাতায়তৰ ক্ষেত্ৰত বহু অসুবিধা ভোগ কৰি আছিল। অৱশেষত অসম চৰকাৰৰ জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ নিৰ্দেশ মৰ্মে আৰু বৰপেটা জিলাৰ জলসম্পদ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা পুলক চৌধুৰী তথা বজালী জলসম্পদ উপ সংমণ্ডলৰ সহকাৰী কাৰ্যবাহী অভিযন্তা বিপুল চৌধুৰীৰ লগতে বজালী জলসম্পদ উপ সংমণ্ডলৰ কনিষ্ঠ অভিযন্তা গোপী নাথ হালৈৰ বিশেষ তৎপৰতাত দিৰ্ঘদিনীয়া সমস্যা সমাধান হোৱাৰ পথত।

যোৱা কেইবা মাহৰ পৰা তেওঁলোকৰ কঠোৰ প্ৰচেষ্টাত লক ডাউনৰ সময়তো ৰাইজৰ অসুবিধাৰ প্ৰতি লক্ষ্য কৰি চৰকাৰী নীতি নিয়ম মতে কঠালমূৰীঘাটৰ পৰা আৰম্ভ কৰি ৰূপহীলৈ ৰূপহী নদী খনৰ মথাউৰীৰ কাম পূৰ্ণগতিত সম্পন্ন কৰি আছে।যত দুখন ভঙা অংশত শ্লুইছ গেটৰ ব্যৱস্থা কৰি কৃষি প্ৰধান অঞ্চলৰ সমুহ কৃষকক উপকাৰ সাধন কৰিছে। চৰকাৰ তথা বিভাগীয় বিষয়া ঠিকাদাৰৰ কৰ্মক অঞ্চলৰ সৰ্বস্তৰৰ ৰাইজৰ লগতে চেংলিমাৰী আঞ্চলিক আমছু আৰু আমছুৰ কেন্দ্ৰীয় সহঃসাধাৰণ সম্পাদক নজৰুল ইছলামে ভূয়সী প্ৰশংসা কৰিছে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি