৯জন বিধায়কৰ সমৰ্থন প্ৰত্যাহাৰ : চৰম সংকটত বিজেপি চৰকাৰ
মণিপুৰত চৰম সংকটত বীৰেন সিং নেতৃত্বাধীন বিজেপি চৰকাৰ চৰকাৰৰ পৰা মুঠ ৯জন বিধায়কৰ সমৰ্থন প্ৰত্যাহাৰ ইয়াৰে বিজেপি দলৰেই হৈছে তিনিজন বিধায়ক, এন পি পি-ৰ আছে চাৰিজন মন্ত্ৰী-বিধায়ক তৃণমূল কংগ্ৰেছৰ আৰু নিৰ্দলীয় বিধায়কেও কৰিছে সমৰ্থন প্ৰত্যাহাৰ ইম্ফল : কৰণা ত্ৰাসৰ সময়তে মনিপুৰৰ ৰাজনীতিত নাটকীয় পট পৰিৱতৰ্ন৷ মণিপুৰৰ বিজেপি নেতৃত্বাধীন চৰকাৰ এতিয়া চৰম সংকটত। বীৰেন সিং চৰকাৰৰ পৰা কমেও ৯জন বিধায়কে সমৰ্থন প্ৰত্যাহাৰ কৰাৰ পাছত সংকটত পৰিছে চৰকাৰখন। বিজেপি চৰকাৰৰ পৰা সমৰ্থন প্ৰত্যাহাৰ কৰা বিধায়কসকলৰ মাজত আছে কনৰাড চাংমা নেতৃত্বাধীন এন পি পি-ৰ চাৰিজন মন্ত্ৰী-বিধায়ক৷ এই চাৰিজন হৈছে উপ-মুখ্যমন্ত্ৰী ৱাই জয় কুমাৰ সিং, কেবিনেট মন্ত্ৰী এন কায়িছী, এল জয়ন্ত কুমাৰ সিং আৰু লেটপাও হাওকিপ। আটাইকেইজনে মন্ত্ৰীত্ব এৰাৰ লগতে চৰকাৰখনৰ পৰা সমৰ্থন প্ৰত্যাহাৰ