য’ত নাপালে ৰেচন, তাত গৈ পালে মোদী-শ্বাহৰ ভাষণ
ৱেব সংবাদ : ছাইক্লোন আম্ফানৰ ফলত চুবুৰীয়া পশ্চিমবঙ্গ বিপর্যস্ত৷ তাৰে পিছে পিছে আকৌ দেশক ছানি ধৰা কৰোনা ভাইৰাছ সংক্ৰমণৰ এই বিপদসংকুল সময়ছোৱাত পশ্চিমবঙ্গ ৰাজ্যৰ এটি প্রত্যন্ত এলেকাৰ এটি বিশেষ ফটোৱে ছ’চিয়েল মিডিয়া টুইটাৰত খলকনিৰ সৃষ্টি কৰিছে৷ বিজেপিৰ পতাকা থকা ফটোখনত বাঁহৰ ছোপাত লগোৱা এলইডি ঘেৰি বিজেপিৰ কোনো নেতাই দিয়া ভাষণ শুনিছে গাওঁবাসীয়ে৷ দৰ্শকৰ ৰূপত এজন লোকে এলইডি চাই থকাৰ বিপৰীতে আন আধা ডজন শিশুৱে কাৰ্টুন ছোৱা দি চাই আছে এল ই ডি৷ আন দুজন লোকে এলইডিত চলি থকা ভাষণক গুৰুত্ব নিদি নিজৰ মাজত আলাপত ব্যস্ত৷ সম্প্ৰতি এই ছবিয়ে টুইটাৰ-ফেচবুকত ব্যাপক প্ৰতিক্ৰয়াৰ সৃষ্টি কৰিছে। এই ফটো সন্দৰ্ভত ছ’চিয়েল মিডিয়াত বিজেপিয়ে সদৰী কৰা মতে, পশ্চিমবঙ্গত অনুষ্ঠিত অমিত শাহৰ ভাৰ্চোৱেল সভাৰ বাবে ৭০,০০০