Weather Data Source: wetter Bangalore 14 tage

June 20, 2025 4:08 am

Home » দেশ-বিদেশ » ২৫ লাখৰ ঠাইত ৫ লাখে পাব হজ্ব কৰাৰ সুযোগ

২৫ লাখৰ ঠাইত ৫ লাখে পাব হজ্ব কৰাৰ সুযোগ

  • হজ্বলৈ অনুমতি পাব বিশ্বৰ ২০ শতাংশ লোক
  • ২৫ লাখৰ ঠাইত ৫ লাখে পাব হজ্ব কৰাৰ সুযোগ
  • বয়স্ক যাত্রীসকলৰ ওপৰত থাকিব নিষেধাজ্ঞা
  • প্রতি বছৰ হজ তথা ওমৰাহৰ পৰা চৌদি আৰবে আয় কৰে ১২ বিলিয়ন মার্কিন ডলাৰ
  • এইবাৰ ব্যাপক আর্থিক ক্ষতিৰ সন্মূখীন আৰৱ
  • লকডাউনৰ বাবে বন্ধ হজ্ব আৰু ওমৰাহ এজেঞ্চি
  • ৩ মাহ ধৰি খুলিব পৰা নাই কাৰ্যালয়
  • অর্থনৈতিকভাৱে দেউলিয়াৰ পথত অগ্ৰসৰ এজেঞ্চিসমূহ

ৱেব সংবাদ : এইবাৰ পবিত্ৰ হজ্বলৈ বিশ্বৰ ২০ শতাংশ লোকেহে অনুমতি পাব৷ আত্মঘাতি কৰোনা ভাইৰাছে সৃষ্টি কৰা মহামাৰীৰ ফলত ১৪৪১ হিজৰীত তথা এইবেলি বিশ্বৰ বিভিন্ন দেশৰ মাত্র ২০ শতাংশ হজযাত্রীক হজ্ব কৰাৰ সুযোগ দিব চৌদি চৰকাৰে। বাকী ৮০শতাংশ হজযাত্রী এইবাৰ হজ্বলৈ যোৱাৰ অনুমতি নাপায়। বয়স্ক হজযাত্রী সকলৰ বাবেও হজ্বলৈ যোৱাৰ অনুমতি দিয়া ন’হব। বয়স্ক যাত্রী সকলৰ ওপৰত নিষেধাজ্ঞা থকাত তেওঁলোকৰ সৈতে সম্পৃক্ত কম বয়স্ক নিৱন্ধিত যাত্রীসকলেও হজৰ পৰা বঞ্চিত হৈ থাকিব লাগিব।
প্রতি বছৰ হজ তথা ওমৰাহৰ পৰা চৌদি আৰৱে ১২ বিলিয়ন মার্কিন ডলাৰ আয় কৰে। এইবাৰ সেয়া নিঃসন্দেহে উল্লেখযোগ্য হাৰত হ্ৰাস পাব। অতি কম সংখ্যক হজযাত্রীক পবিত্ৰ হজ্বৰ সুযোগ দিয়াত দেশটিৰ ব্যাপক আর্থিক ক্ষতি হ’ব৷ ইয়াৰোপৰি হজ্ব ব্যৱস্থাপনাৰ সৈতে সংশ্লিষ্ট বাংলাদেশসহ বিশ্বৰ বিভিন্ন দেশৰ হজ এজেঞ্চি সকলক কোটি কোটি টকাৰ ক্ষতিৰ সম্মুখীন হ’ব লগা হৈছে। ভাৰতৰ পৰা চৰকাৰী-বেচৰকাৰী সকলোমিলি কেইবা হাজাৰ হজ্ব যাত্রী এই বছৰ হজ্বত যোৱাৰ বাবে নিৱন্ধন কার্যক্রম সম্পন্ন কৰিছে।
কৰোনা মহামাৰীৰ লকডাউনৰ কাৰণে প্রায়বোৰ হজ্ব এজেঞ্চি আৰু শতাধিক ওমৰাহ এজেঞ্চিয়ে বিগত ৩ মাহ ধৰি কাৰ্যালয় খুলিব পৰা নাই। হজ্ব আৰু ওমৰাহ কার্যক্রম সম্পূর্ণ বন্ধ থকাত এইবোৰ এজেঞ্চিয়ে অর্থনৈতিকভাৱে দেউলিয়াৰ পথত অগ্ৰসৰ হৈছে। কর্মকর্তা কর্মচাৰী সকলৰ দৰমহা, ভাট্টা পৰিশোধ কৰিব পৰা নাই সেই এজেঞ্চিবোৰে। চৌদি আৰৱত ওমৰাহ বন্ধ হোৱাত দেশটিৰ বেংকত অনলাইনত পঠিওয়া কোটি কোটি টকা আৰু বিভিন্ন বাজেটত জমা হোৱা ধনৰাশি এতিয়াও ওভতাই পোৱা নাই। ইয়াক লৈ ধর্ম মন্ত্রণালয়ে যথাযথ উদ্যোগ নোলোৱাত এজেঞ্চিৰ মালিক সকলে চৰমভাৱে ক্ষুদ্ধ হৈ পৰিছে।
আনহাতে চৌদি আৰৱত কৰোনাত আক্রান্ত লোকৰ সংখ্যা লাখৰ দেওনা পাৰ কৰিছে৷ দেশটিত এই পর্যন্ত ১ লাখ ৫ হাজাৰ ২৮৩ জন ব্যক্তিয়ে কৰোনাত আক্রান্ত হৈছে আৰু মৃত্যু হৈছে প্ৰায় ৭৪৬ জন৷ ইয়াৰ বিপৰীতে লগতে সুস্থ হৈ উঠিছে ৭৪ হাজাৰ ৫২৪ জন।
এনে এক সময়ত দেশটি পৰিকল্পনা কৰিছে এইবাৰ কম সংখ্যক হজযাত্রীক হজ্বৰ সুযোগ দিয়াৰ। হজ্ব ব্যৱস্থাপনাৰ সৈতে জড়িত চৌদিৰ দুটা সূত্রৰ পৰা জানিবলৈ দিয়ে যে প্রতি বছৰ ২.৫ মিলিয়ন অর্থাৎ ২৫ লাখ হজযাত্রীক হজ্ব কৰাৰ সুযোগ দিয়া হয়। এইবাৰ সেই সংখ্যা মাত্র ২০ শতাংশলৈ হ্ৰাস কৰা হ’ব। অর্থাৎ ২৫ লাখৰ ঠাইত মাত্র ৫ লাখ হজযাত্রী হজ্ব কৰাৰ সুযোগ পাব। বাকী ২০ লাখ হজযাত্রী হজ্বৰ কৰাৰ সুযোগ নাপাব। বয়স্ক হজযাত্রী সকলৰো হজ্বত যাবলৈ অনুমতি দিয়া ন’হব। যিসকলে হজ্বত যোৱাৰ সুযোগ পাব তেওঁলোকে কঠোৰ নিয়ম নীতি তথা স্বাস্থ্যবিধি মানিয়েই হজ্ব পালন কৰিব লাগিব।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি