| |

২৫ লাখৰ ঠাইত ৫ লাখে পাব হজ্ব কৰাৰ সুযোগ

হজ্বলৈ অনুমতি পাব বিশ্বৰ ২০ শতাংশ লোক ২৫ লাখৰ ঠাইত ৫ লাখে পাব হজ্ব কৰাৰ সুযোগ বয়স্ক যাত্রীসকলৰ ওপৰত থাকিব নিষেধাজ্ঞা প্রতি বছৰ হজ তথা ওমৰাহৰ পৰা চৌদি আৰবে আয় কৰে ১২ বিলিয়ন মার্কিন ডলাৰ এইবাৰ ব্যাপক আর্থিক ক্ষতিৰ সন্মূখীন আৰৱ লকডাউনৰ বাবে বন্ধ হজ্ব আৰু ওমৰাহ এজেঞ্চি ৩ মাহ ধৰি খুলিব পৰা নাই কাৰ্যালয় অর্থনৈতিকভাৱে দেউলিয়াৰ পথত অগ্ৰসৰ এজেঞ্চিসমূহ ৱেব সংবাদ : এইবাৰ পবিত্ৰ হজ্বলৈ বিশ্বৰ ২০ শতাংশ লোকেহে অনুমতি পাব৷ আত্মঘাতি কৰোনা ভাইৰাছে সৃষ্টি কৰা মহামাৰীৰ ফলত ১৪৪১ হিজৰীত তথা এইবেলি বিশ্বৰ বিভিন্ন দেশৰ মাত্র ২০ শতাংশ হজযাত্রীক হজ্ব কৰাৰ সুযোগ দিব চৌদি চৰকাৰে। বাকী ৮০শতাংশ হজযাত্রী এইবাৰ হজ্বলৈ যোৱাৰ অনুমতি নাপায়। বয়স্ক হজযাত্রী সকলৰ বাবেও হজ্বলৈ যোৱাৰ