Weather Data Source: wetter Bangalore 14 tage

June 14, 2025 2:09 pm

Home » মনোৰঞ্জন » জনপ্ৰিয় অভিনেতা সুশান্ত সিং ৰাজপুত আৰু নাই৷

জনপ্ৰিয় অভিনেতা সুশান্ত সিং ৰাজপুত আৰু নাই৷

মুম্বাই : জনপ্ৰিয় অভিনেতা সুশান্ত সিং ৰাজপুত আৰু নাই৷ দেওবাৰে মুম্বাইৰ বান্দ্ৰাস্থিত বাসগৃহত আত্মহত্যা কৰে অভিনেতাজনে। পুৱা অভিনেতাজনৰ ঘৰুৱা সহকাৰী যুৱকজনে মুম্বাই আৰক্ষীক খবৰ দিয়াৰ পাছতে পোহৰলৈ আহে এই ঘটনা। 

ঘটনাস্থলীত উপস্থিত হৈ মুম্বাই আৰক্ষীয়ে ঘৰুৱা সহকাৰী যুৱকজনক সোধা-পোছা অব্যাহত ৰাখিছে। ঘটনাৰ প্ৰাথমিক তদন্তত অভিনেতাগৰাকীয়ে আত্মহত্যা কৰা বুলি সন্দেহ কৰা হৈছে যদিও এই সন্দৰ্ভত নিশ্চিত তথ্য এতিয়ালৈকে পোহৰলৈ অহা নাই৷
হিন্দী ধাৰাবাহিকৰ জগতৰপৰা বলীউডলৈ আহি যথেষ্ট কম সময়ৰ ভিতৰতে দৰ্শকৰ হৃদয় জয় কৰা অভিনেতাগৰাকীৰ মৃত্যুক সহজভাৱে ল’ব পৰা নাই অভিনয় জগতখনেও৷ ‘জি টিভি’ৰ ‘পবিত্ৰ ৰিস্তা’ নামৰ ধাৰাবাহিকখনত ‘মানৱ’ৰ চৰিত্ৰত অভিনয়েৰে দেশৰ প্ৰতিটো পৰিয়ালৰে চিনাকী মুখ হৈ পৰিছিল সুশান্ত৷
ইয়াৰ পাছত ‘কাই প’ চে’ নামৰ চলচ্চিত্ৰখনৰ জৰিয়তে বলীউডত তেওঁ আত্মপ্ৰকাশ কৰে৷ এম এছ ধোনীঃ দ্য আনটোল্ড ষ্ট’ৰী’ ছবিখনেৰে ব্যাপক জনপ্ৰিয়তা অৰ্জন কৰা অভিনেতাজনৰ শিক্ষাগত অৰ্হতাও আছিল উচ্চ৷ সৰুৰেপৰা পঢ়া-শুনাত ভাল ফল দেখুওৱা সুশান্তৰ প্ৰথমে সপোন আছিল মহাকাশচাৰী হোৱাৰ৷ পাছত ভাগ্যচক্ৰত পৰি তেওঁ ইঞ্জিনীয়াৰিঙৰ পাঠ্যক্ৰমত নাম লগায় যদিও সেয়া সম্পূৰ্ণ নকৰাকৈ অভিনয় জগতলৈ আহে৷ মহাকাশত বিচৰণৰ সপোনে খেদি ফুৰা সুশান্তে মুম্বাইৰ বাসগৃহত ৰাখিছিল এটা টেলিস্কোপ৷ সুশান্তে অভিনয় কৰা ছবিসমূহৰ ভিতৰত আছে, ‘পিকে’ ‘এম এছ ধোনী’, ‘ৰাবতা’, ‘কেদাৰনাথ’, ‘চিচোৰে’ আদি৷ অলপতে তেওঁৰ ‘ড্ৰাইভ’ নামৰ এখন এক্সন ছবি নেটফ্লিক্সযোগে সম্প্ৰচাৰিত হৈছিল৷ জীৱনটোক সদায়ে উপভোগ কৰিব খোজা, নিতৌ নিশা আকাশত তৰাৰ ৰেহ-ৰূপ চাই ভাল পোৱা অভিনেতাজনৰ আত্মহত্যাক মানি লোৱাটো কাৰো বাবেই সহজ নহয়৷
শেহতীয়া এক তথ্য মতে কিছুদিনৰপৰা মানসিক চাপত ভুগি আছিল সুশান্ত৷
তেওঁৰ শেষৰটো ইনষ্টাগ্ৰাম প’ষ্ট আছিল মাকৰ বিষয়ে৷ প’ষ্টটোত তেওঁৰ মানসিক দ্বন্দ্ব ফুটি উঠা দেখা গৈছিল৷ মন কৰিবলগীয়া যে, কিছুদিন পূৰ্বে সুশান্ত সিং ৰাজপুতৰ পূৰ্বৰ মেনেজাৰ দিশা চালিয়ানৰ আত্মহত্যাৰ বাতৰিয়েও চৰ্চা লাভ কৰিছিল৷ ২০২০ বৰ্ষটো যেন এটা অমানিশাৰ বছৰ। চলিত বছৰটোত ঋষি কাপুৰ, ইৰফান খান আদিৰ দৰে দৰ্শকৰ হৃদয়ৰ আপোন অভিনেতাসকলক হেৰুৱাৰ পাছতে সুশান্ত সিং ৰাজপুতৰ দৰে কম বয়সীয়া জনপ্ৰিয় অভিনেতাজনৰ মৃত্যুৰ বাতৰি দুৰ্ভাগ্যজনক আৰু দুখদায়ক৷ মাথোঁ ৩৪ বছৰ বয়সতে জীৱনৰ মোহ এৰা সুদৰ্শন অভিনেতাজনৰ মৃত্যু এক ৰহস্য হৈ ৰ’ব অনুৰাগীৰ বাবে৷ অভিনেতাজনৰ আকস্মিক মৃত্যুত শোক প্ৰকাশ কৰিছে বিভিন্ন ক্ষেত্ৰত বহু বিশিষ্ট লোকে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি