জনপ্ৰিয় অভিনেতা সুশান্ত সিং ৰাজপুত আৰু নাই৷
মুম্বাই : জনপ্ৰিয় অভিনেতা সুশান্ত সিং ৰাজপুত আৰু নাই৷ দেওবাৰে মুম্বাইৰ বান্দ্ৰাস্থিত বাসগৃহত আত্মহত্যা কৰে অভিনেতাজনে। পুৱা অভিনেতাজনৰ ঘৰুৱা সহকাৰী যুৱকজনে মুম্বাই আৰক্ষীক খবৰ দিয়াৰ পাছতে পোহৰলৈ আহে এই ঘটনা। ঘটনাস্থলীত উপস্থিত হৈ মুম্বাই আৰক্ষীয়ে ঘৰুৱা সহকাৰী যুৱকজনক সোধা-পোছা অব্যাহত ৰাখিছে। ঘটনাৰ প্ৰাথমিক তদন্তত অভিনেতাগৰাকীয়ে আত্মহত্যা কৰা বুলি সন্দেহ কৰা হৈছে যদিও এই সন্দৰ্ভত নিশ্চিত তথ্য এতিয়ালৈকে পোহৰলৈ অহা নাই৷ হিন্দী ধাৰাবাহিকৰ জগতৰপৰা বলীউডলৈ আহি যথেষ্ট কম সময়ৰ ভিতৰতে দৰ্শকৰ হৃদয় জয় কৰা অভিনেতাগৰাকীৰ মৃত্যুক সহজভাৱে ল’ব পৰা নাই অভিনয় জগতখনেও৷ ‘জি টিভি’ৰ ‘পবিত্ৰ ৰিস্তা’ নামৰ ধাৰাবাহিকখনত ‘মানৱ’ৰ চৰিত্ৰত অভিনয়েৰে দেশৰ প্ৰতিটো পৰিয়ালৰে চিনাকী মুখ হৈ পৰিছিল সুশান্ত৷ ইয়াৰ পাছত ‘কাই প’ চে’ নামৰ চলচ্চিত্ৰখনৰ জৰিয়তে বলীউডত তেওঁ আত্মপ্ৰকাশ কৰে৷