Weather Data Source: wetter Bangalore 14 tage

June 14, 2025 10:02 am

Home » আঞ্চলিক » ৬ জুনত ঘোষণা কৰা হ’ব হাইস্কুল আৰু হাইমাদ্ৰাছা শিক্ষান্ত পৰীক্ষাৰ ফলাফল

৬ জুনত ঘোষণা কৰা হ’ব হাইস্কুল আৰু হাইমাদ্ৰাছা শিক্ষান্ত পৰীক্ষাৰ ফলাফল

গুৱাহাটী : বহু অপেক্ষাৰ অন্তত অৱশেষত ২০২০ বৰ্ষৰ হাইস্কুল আৰু হাইমাদ্ৰাছা শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ’ব৷ কাইলৈ অৰ্থাৎ ৬ জুনত ঘোষণা কৰা হ’ব হাইস্কুল আৰু হাইমাদ্ৰাছা শিক্ষান্ত পৰীক্ষাৰ ফলাফল৷ COVID-19ৰ সংক্ৰমনৰ পৰিপ্ৰেক্ষিতত এইবাৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰাত কিছু পলম হোৱাৰ লগতে প্রথমে এই ফলাফল ডিজিটেল মাধ্যমতহে প্ৰকাশ হ’ব। পৰৱৰ্তী সময়ত অৰ্থাৎ বিদ্যালয় সমূহ খোলাৰ পিছত মার্কশ্বিট আৰু উত্তীর্ণৰ প্রমাণ পত্র বিদ্যালয়সমূহৰ জৰিয়তে ছাত্রছাত্রীসকলক বিতৰণ কৰা হ’ব।

মুঠ ১৩ টা ৱেবছাইটৰ জৰিয়তে প্ৰকাশ কৰা হ’ব ফলাফল আৰু এই ৱেবছাইট সমূহৰ পৰাই ছাত্ৰ-ছাত্ৰীসকলে মার্কশ্বিট ডাউনল’ড কৰি লব লাগিব৷ অসম মাধ্যমিক শিক্ষা পৰিষদৰ এক বিজ্ঞপ্তিত উল্লেখ কৰা অনুসৰি ৱেবছাইটসমূহ হল-
1. results.sebaonline.org
2. resultsassam.nic.in
3. www.IndiaResults.com
4. www.results.shiksha
5. www.assam.shiksha
6. exametc.com
7. www.ExamResults.net
8. https://iresults.net
9. AssamJobAlerts.com
10. AssamResult.in
11. www.newsstate.com
12. www.newsnation in
13. www.jagranjosh.com

এই ৱেবছাইটসমূহৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে মার্কশিট ডাউনলড কৰিবলৈ তেওঁলোকৰ প্রবেশ পত্ৰত সন্নিবিষ্ট থকাৰ দৰে ৰোল আৰু নম্বৰৰ জৰিয়তে নিজৰ ফলাফল চাব পাৰিব আৰু লগতে নিজৰ মাৰ্কশ্বিট ডাউনলোড কৰিব লব পাৰিব৷
গুগুল প্লে-ষ্ট’ৰত উপলব্ধ SEBA Results 2020′ নামৰ ম’বাইল এপৰ জৰিয়তেও চাব পাৰিব ফলাফল৷ নিখুঁতভাবে ফলাফল ঘোষণা কৰিবলৈ সকলো ধৰণৰ সাৱধানতা অৱলম্বন কৰিছে ছেবা কৰ্তৃপক্ষই৷ তৎসত্বেও যদিহে কোনো ধৰণৰ ভুল-ভ্রান্তি পৰিলক্ষিত হয়, সেইবোৰ যথাসময়ত শুধৰণি কৰি দিয়াৰ লগতে যি সকল ছাত্র-ছাত্রীয়ে নিজৰ উত্তৰবহী পুনৰ মূল্যায়ন কৰিব বিচাৰে, তেওঁলোকে অনলাইন পদ্ধতিৰে অহা ৮ জুনৰ পৰা ২২ জুনৰ ভিতৰত আবেদন কৰিব লাগিব৷
ইপিনে বিদ্যালয়সমূহলৈ সুকীয়াকৈ পঠিওৱা নহ’ব লিখিত নিজাল্ট গেজেট৷ ফলত সকলো শিক্ষানুষ্ঠানলৈ প্ৰেৰণ কৰা ডিজিটেল ৰিজাল্ট গেজেটৰ জৰিয়তে ডাউনল’ড কৰা ডিজিটেল মার্ক শ্বিট পৰীক্ষণ কৰিহে একাদশ শ্ৰেণীত নামভর্তি কার্য সম্পন্ন কৰিব পাৰিব৷ এইক্ষেত্রত কোনো ধৰণৰ সন্দেহ হলে শিক্ষানুষ্ঠানসমূহে অসম মাধ্যমিক শিক্ষা পৰিষদ ( হেবা ) লগতে যাোগাযোগ কৰিবলৈও আহ্বান জনাইছে ছেবা কৰ্তৃপক্ষই৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি