Weather Data Source: wetter Bangalore 14 tage

June 12, 2025 6:12 pm

Home » আঞ্চলিক » বিটিএডিৰ ৰাজনীতিত নতুন বতাহঃ কিৰণ বড়োৰ ইউপিপিএলত যোগদান

বিটিএডিৰ ৰাজনীতিত নতুন বতাহঃ কিৰণ বড়োৰ ইউপিপিএলত যোগদান

ৰঙিয়া : ফেশ্বন জগতৰ আন্তঃৰাষ্ট্রীয় পর্যায়ত নিজকে উজলাই তুলিবলৈ সক্ষম হোৱা ৰাজ্যৰ এগৰাকী অগ্রণী মহিলা সমাজকর্মী কিৰণ বডোৱে শেহতীয়াকৈ বিটিচিৰ ৰাজনীতিত প্রত্যক্ষভাৱে যোগদান কৰা বুলি জানিব পৰা গৈছে৷
জানিব পৰা মতে, ২০০৭ চনৰ ‘মিছেছ আর্থ উইনিভার্ছ’ আৰু ২০০৮ চনত ‘কুইন অৱ আর্থ’ খিতাপ বিজয়ী তথা মঙলদৈৰ জীয়ৰী কিৰণ বডোৱে বুধবাৰে ইউ পি পি এলৰ সভাপতি প্রমোদ বডোক ৰঙিয়াস্থিত বাসগৃহত সাক্ষাৎ কৰে৷ এই সাক্ষাতৰ অন্তত ইউপিপিএল দলৰ হৈ ৰাইজৰ মাজত কাম কৰাৰ উৎসাহেৰে আগুৱাই অহা বাবে কিৰণ বডোক ফুলাম আৰনাইৰে দলীয় সতীর্থসকলে উষ্ম আদৰণি জনায়৷
ৰাজনৈতিক দলত যোগ দি কিৰণ বডোৱে বিটিচি নির্বাচনত যুৱ নেতা প্রমোদ বডোৰ নেতৃত্বত ইউ পি পি এলৰ বিজয় নিশ্চিত বুলি দৃঢ়তাৰে প্রকাশ কৰে৷ বডোৱে উর্খা গৌৰা ব্রহ্মৰ দৰে দক্ষ আৰু প্রমোদ বডোৰ দৰে যুৱ নেতৃত্বই বিটিআৰ চুক্তিৰ সফল ৰূপায়ণ কৰাৰ লগতে বিটিআৰত বসবাস কৰা জাতি, ধর্ম, বর্ণ, ভাষা নির্বিশেষে সকলো পর্যায়ৰ ৰাইজৰ অধিকাৰ সুনিশ্চিত কৰি সমমর্যাদা প্রদান কৰাৰ ক্ষেত্রত সদায় আগভাগ ল’ব বুলি আশা প্রকাশ কৰিয়ে ৰাইজৰ হৈ কাম কৰিবলৈ ইউ পি পি এল দলত বডোৱে যোগদান কৰা বুলি সদৰী কৰে৷
ক’ৰোনাৰ সংক্রমণৰ প্রতি লক্ষ্য ৰাখি সম্প্রতি নির্বাচন আয়োগে বিটিচি নির্বাচনৰ দিন ঘোষণা স্থগিত ৰাখিছে যদিও দিন ঘোষণা হ’লে বডোৱে নির্বাচনী প্রচাৰ কার্যসূচীত অংশগ্রহণ কৰিব বুলি সদৰী কৰে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি