Weather Data Source: wetter Bangalore 14 tage

June 23, 2025 12:31 pm

Home » সম্পাদকীয় » দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ কিছু সমবায় সমিতিৰ কথাৰে…

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ কিছু সমবায় সমিতিৰ কথাৰে…

গাঁও পঞ্চায়ত সমবায় সমিতি; সমবায় বিভাগ আৰু ৰাজনৈতিক হস্তক্ষেপ
বিশ্বৰ সৰ্ব্ববৃহৎ গণতন্ত্ৰ দেশ হ’ল ভাৰতবৰ্ষ। এই ভাৰতবৰ্ষৰ পৰিকল্পিত অৰ্থনীতি বিকাশৰ বাবে সমবায় হৈছে অন্যতম উপাদান। সমবায় হ’ল অৰাজনৈতিক গণতান্ত্ৰিক প্ৰতিষ্ঠান। ইয়াত চৰকাৰ ৰাইজ আৰু ব্যক্তিৰ সমন্বয় জড়িত।
সমবায়ক দেশৰ দাপোণ বুলি কোৱা হয়। এই সমবায় খণ্ডতেই দেশৰ ৮০শতাংশ লোক প্ৰত্যক্ষ আৰু পৰোক্ষ ভাৱে জড়িত। সমবায় হ’ল অৰ্থনৈতিক হেচাঁত জৰ্জৰিত হোৱা কিছুমান ব্যক্তিয়ে একগোট হৈ অৰ্থনৈতিক হেচাঁ আঁতৰ কৰিবলৈ লোৱা এক নৈতিক প্ৰচেষ্টা ।
সমবায় সমিতিক অৰাজনৈতিক গণতান্ত্ৰিক প্ৰতিষ্ঠান বুলি কোৱা হয় যদিও সঁচা অৰ্থত ৰাজনৈতিক ভাৱে কিমান খিনি মুক্ত সেয়া সকলোৱে জ্ঞাত । উল্লেখ্য যে, কৰ’ণা প্ৰকোপৰ ফলত বিধস্ত হোৱা সাধাৰণ দুখীয়াৰ বাবে আশা কৰা হৈছিল অন্তত এই দুৰ্যোগৰ সময়ত সমবায় সমিতি সমূহে হিতাধিকাৰী সকলক উচিত ভাৱে সামগ্ৰী বিতৰণ কৰিব । চৰকাৰৰ তৎপৰতা দেখি উমান হৈছিল অন্তত লকডাউনৰ সময়চোৱাত বিতৰণ ব্যৱস্থাটোক কটকটীয়া ভাৱে পৰিচালিত কৰিব । কিন্তু প্ৰকৃততে দেখা গ’ল এই বিভাগটো যেন কোনো কালেই ৰাজনৈতিক হস্তক্ষেপ তথা দূৰ্নীতি মুক্ত নহব সেয়া এই দূৰ্ভীক্ষ সময়ে প্ৰমাণ কৰিলে ।
ইয়াৰ উদাহৰণ হিচাপে আমি উল্লেখ কৰিব বিচাৰিছো ৰাজ্যখনৰ অতিকৈ পিছপৰা দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ কিছু ঘটনা তথা পৰিঘটনা । ইয়াতেই সহজতে অনুমেয় হ’ব সমবায় সমিতিৰ ওপৰত কি দৰে ৰাজনৈতিক হস্থক্ষেপ তথা লুণ্ঠণ ৰাজ অব্যাহত আছে । প্ৰথমেই আহিছো ল’ক ডাউনৰ সময়চোৱাত সংঘটিত হোৱা ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনিৰ চাউল কেলেংকাৰীৰ এটি বিষয়লৈ _
সুখচৰ সমবায় সমিতি। সুখচৰ বুলি ক’লেই নামেৰেই পৰিচয় আহে যে সেয়া চৰ অঞ্চল । অৰ্থাৎ সম্পূৰ্ণ দৰিদ্ৰ চৰ অঞ্চল । অলপতে সুখচৰ সমবায় সমিতিৰ ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনিৰ চাউল কেলেংকাৰীৰ অভিযোগ তুলি হিতাধিকাৰী সকলে সমবায় খনৰ সভাপতি মোস্তাবুৰ ৰহমানক মাৰপিট কৰাৰ লগতে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ অহা আৰক্ষীকো শিলগুটিৰে আক্ৰমণ কৰিছিল।
উল্লেখযোগ্য যে,যোৱা মাৰ্চ মাহৰ চাউল নোপোৱাত সমবায় সমিতখনত এপ্ৰিল মাহৰ চাউল অহাৰ বাতৰি পাই হিতাধিকাৰী সকলে দুমাহৰ চাউল দাবী কৰি সুখচৰ সমবায় সমিতিৰ ফাত্তাপাৰাৰ ভঁৰাল ঘৰত উপস্থিত হৈছিল।

অভিযোগ আছিল হিতাধিকাৰীক অতিৰিক্ত ৫ কেজিকৈ চাউল বিতৰণত ৫ কেজি চাউলৰ বিপৰীতে ৪ কেজি ৫০০ গ্ৰামকৈ চাউল বিতৰণ কৰিছিল। হিতাধিকাৰী সকলে মাৰ্চ আৰু এপ্ৰিল মাহৰ চাউল দাবী কৰাত সমবায় সমিতিখনৰ সচিব ওৱালিউল কৰিমে যোৱা মাৰ্চ মাহৰ চাউল বিতৰণ কৰা বুলি মন্তব্য কৰাত হিতাধিকাৰী সকল ক্ষুব্ধ হৈ এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি কৰিছিল।
পিছত ভঁৰাল ঘৰত সুখচৰ সমবায় সমিতিৰ সভাপতি মোস্তাবুৰ ৰহমান উপস্থিত হোৱাত সমবায় সমিতৰ উত্তেজিত হিতাধিকাৰী সকলে সভাপতি মোস্তাবুৰ ৰহমানক মাৰপিট কৰিছিল। মনকৰিবলগীয়া যে সুখচৰ সমবায় সমিতিৰ ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনিৰ হিতাধিকাৰীয়ে মাৰ্চ মাহৰ চাউল বিতৰন নকাৰৰ অভিযোগক সমিতখনৰ সভাপতিয়ে স্বীকাৰ কৰিছিল।
এতিয়া আহিছো ফেকামাৰী গাঁও পঞ্চায়ত সমবায় সমিতিৰ আন এটি ঘটনালৈ। ঘটনাটো সংঘটিত হয় যোৱা ৩ এপ্ৰিলত। উল্লখ্য যে,ফেকামাৰী সমবায় সমিতিৰ অধীনস্থ ফুলেৰচৰ গাঁওৰ অমেলা বেওঁবা নামৰ সমবায় সমিতিৰ এজেণ্ট এজনীয়ে সমবায় সমিতিৰ মাৰ্চ মাহৰ চাউল বিতৰণ কৰিবলৈ আৰম্ভ কৰিছিল। গাওঁখনত দুখনকৈ সমবায় সমিতিৰ এজেণ্ট আছে। ল’ক ডাউনৰ বাবে চৰকাৰী ভাৱে বিনামূলীয়াকৈ চাউল বিতৰণ চলি আছিল।
গাঁও খনৰ ইমূৰৰ পৰা সিমূৰলৈ প্ৰায় সকলো হিতাধিকাৰী ওলাই আহি সমবায় সমিতি দুখনত চাউলৰ বাবে ভীৰ কৰা পৰিলক্ষিত হৈছিল। ইফালে সমবায় সমিতিৰ এজেণ্ট দুজনীয়ে সমবায় সমিতিৰ গ্ৰাহকৰ পৰা ১ টকা দৰত চাউল খিনি যোগান দি থকাৰ লগতে প্ৰতিজন সদস্যৰ নামত চাৰি কেজিকৈ চাউল যোগন দিবলৈ আৰম্ভ কৰে। একেদৰে উক্ত চাউল খিনি বিতৰণ কৰি মাৰ্চ মাহৰ ঠাইত এপ্ৰিল মাহৰ চাউল দিয়া বুলি ৰেচন কাৰ্ডত চহী কৰিবলৈ ধৰে।
এনে সময়তে খবৰ আহে এইবাৰৰ সমবায় সমিতিৰ চাউল চৰকাৰে বিনামূলীয়া কৰি দিছে। তাৰ পাছতো সমবায় সমিতিয়ে কিয় টকা সংগ্ৰহ কৰি আছে বুলি প্ৰশ্ন উত্থাপন হোৱাত এজেণ্ট দুজনীয়ে টকা উভতাই দিবলৈ ধৰে। প্ৰতিজন সদস্যৰ নামত চৰকাৰী ভাৱে অহা পাঁচ কেজি চাউলৰ ঠাইত চাৰি কেজি কিয় দিয়া হ’ল তাকলৈও প্ৰশ্ন উঠিল আৰু মাৰ্চ মাহৰ ঠাইত ৰেচন কাৰ্ডত কিয় এপ্ৰিল মাহৰ চহী কৰা হ’ল বুলি প্ৰশ্ন উত্থাপন কৰি ৰাইজ উত্তেজিত হৈ পৰিছিল।ইয়াৰে অমেলা বেওঁৱা নামৰ এজেণ্ট জনীৰ দোকানৰ সম্মুখত হিতাধিকাৰী আৰু এজেণ্টৰ পক্ষত থকা দুটাৰ মাজত মাৰপিটৰ ঘটনা সংঘটিত হৈছিল।
এতিয়া আহিছো কিদৰে ৰাজ্যখনত চলিছে সমবায় সমিতি সমূহত ৰাজনৈতিক হস্থক্ষেপ। তাৰ জ্বলন্ত উদাহৰণ হিচাপে উল্লেখ কৰিব পাৰো দক্ষিণ শালমাৰা- মানকাচৰ জিলাৰ এ আৰ ছি এছ কাৰ্য্যালয়টোক । সম্প্ৰতি কাৰ্য্যালয়টোত তিনি গৰাকীকৈ জুনিয়ৰ ইনিছপেক্টৰ আছে। তেওঁলোক হ’ল ক্ৰমে আব্দুল কাদেৰ, আব্দুল মালেক আৰু ৰেহেনা আহমেদ । উল্লেখ্য যে, ফেকামাৰী গাঁও পঞ্চায়ত সমবায় সমিতিৰ সঞ্চালক সকলৰ নিৰ্বাচনী ম্যাদ উকলি গৈছে। সেইমতে সমিতি খনত নিৰ্বাচন প্ৰক্ৰিয়া আৰম্ভ হ’ব লাগে কিন্তু ল’ক ডাউন চলি থকাৰ বাবে নিৰ্বাচন প্ৰক্ৰিয়া আৰম্ভ কৰা সম্ভৱ হৈ উঠা নাই ।
লক্ষ্যণীয় যে,অসম সমবায় সমিতি আইন ২০০৭ মতে কোনো এটি সমবায় সমিতিৰ যদি পৰিচালনা সমিতি ভংগ হয় তেন্তে সমবায় বিভাগৰ দ্বাৰা সমবায় বিভাগৰ কৰ্মচাৰীক চি ই ও হিচাপে নিযুক্তি প্ৰদান কৰিব লাগে । তথা সেই চি ই ও গৰাকীয়ে ৯০ দিনৰ ভিতৰত সমবায় আইন মতে উক্ত সমবায় সমিতিৰ পৰিচালনা সমিতি গঠন কৰি দিব লাগে ।
প্ৰণিধানযোগ্য যে, ফেকামাৰী গাঁও পঞ্চায়ত সমবায় সমিতিৰ পৰিচালনা সমিতি ভংগ হৈছে যদিও এইক্ষেত্ৰত বিভাগীয় ভাৱে চি ই ও নিযুক্তি প্ৰক্ৰিয়াত জিলাখনত চলিছে ব্যাপক ৰাজনৈতিক হস্তক্ষেপ। উল্লেখ্য যে , হাটিশিঙিমাৰী এ আৰ ছি এছ বিভাগে ফেকামাৰী সমবায় সমিতিত চি ই ওৰ দায়িত্বভাৰ কাক দিব তাকে লৈ তীব্ৰ অশস্তিত ভূগিছে এ আৰ ছি এছ বিষয়াই । কিয়নো তিনিটা দলেই পৃথক পৃথক ভাবে তিনি গৰাকী বিষয়াৰ নাম উল্লেখ কৰিছে।
লক্ষণীয় যে, দক্ষিন শালমাৰা জিলাৰ সদৰ সমষ্টি হ’ল মানকাচৰ সমষ্টি। তাত বিধায়ক হিচাপে আছে ডাঃ মতিউৰ ৰহমান মণ্ডল (কংগ্ৰছ),জিলা পৰিষদ আছে এ আই এউ এফ’ৰ দখলত আৰু চৰকাৰ হ’ল বিজেপি । অভিযোগ উঠিছে এ আৰ ছি এছ বিষয়াই এই তিনিওটা দলৰ পৰাই ৰাজনৈতিক হস্তক্ষেপৰ পত্ৰ পাইছে । এতিয়া কথা হ’ল এ আৰ ছি এছ বিষয়াই কাৰ হস্তক্ষেপৰ চিকাৰ হ’ব। ইয়াৰে অতি আশ্চৰ্য্যৰ বিষয় যে , দক্ষিন শালমাৰা-মানকাচৰ জিলা বি জে পিৰ সভাপতি আলতাফ হুছেইনে ৰাজনৈতিক হস্তক্ষেপেৰ এখন পত্ৰ প্ৰেৰণ কৰিছে। আজৱ ধৰণে তেওঁ পত্ৰখনত বিষয় হিচাপে লিখিছে ‘ Appoint of Executive officer of Fekamari S.S LTD under South-salmara Mankachar District’. পাঠক সকলেই বিবেচনা কৰক তেওঁ পত্ৰ যোগে কি কৈছে…
গুৰুত্বপূৰ্ণ কথাটো হ’ল বি জে পি কৰ্মী জনে যি গৰাকী বিষয়াক চি ই ও হিচাপে বিচাৰিছে তেখত হ’ল এসময়ৰ কংগ্ৰেছ ভক্ত বিষয়া তথা এহেজাৰ কোটি টকীয়া কেলেংকাৰীৰ অন্যতম খলনায়ক আৰ এছ খানৰ পত্নী ৰেহেনা আহমেদ । এইখিনিতে সহজতে অনুমেয় সমবায় সমিতি বিলাকত কি দৰে চলে ৰাজনৈতিক হস্তক্ষেপ ।
এতিয়া প্ৰশ্ন হয় সমবায় সমিতি সমূহত হোৱা দূৰ্নীতিৰ কমিচন বোৰ কোনে কোনে পায় ? ইয়াৰ দ্বাৰা এটা কথা স্পষ্ট যে ৰাজনৈতিক ভাৱে টিঘিলঘিলাই থকা এনেকুৱা কৰ্মীয়ে বুজন পৰিমাণৰ কমিচন পোৱাৰ বাবেই ৰাজ্য খনত চলিছে সমবায় দূৰ্নীতি ।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি