দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ কিছু সমবায় সমিতিৰ কথাৰে…

গাঁও পঞ্চায়ত সমবায় সমিতি; সমবায় বিভাগ আৰু ৰাজনৈতিক হস্তক্ষেপ @মহিবুল মণ্ডল বিশ্বৰ সৰ্ব্ববৃহৎ গণতন্ত্ৰ দেশ হ’ল ভাৰতবৰ্ষ। এই ভাৰতবৰ্ষৰ পৰিকল্পিত অৰ্থনীতি বিকাশৰ বাবে সমবায় হৈছে অন্যতম উপাদান। সমবায় হ’ল অৰাজনৈতিক গণতান্ত্ৰিক প্ৰতিষ্ঠান। ইয়াত চৰকাৰ ৰাইজ আৰু ব্যক্তিৰ সমন্বয় জড়িত। সমবায়ক দেশৰ দাপোণ বুলি কোৱা হয়। এই সমবায় খণ্ডতেই দেশৰ ৮০শতাংশ লোক প্ৰত্যক্ষ আৰু পৰোক্ষ ভাৱে জড়িত। সমবায় হ’ল অৰ্থনৈতিক হেচাঁত জৰ্জৰিত হোৱা কিছুমান ব্যক্তিয়ে একগোট হৈ অৰ্থনৈতিক হেচাঁ আঁতৰ কৰিবলৈ লোৱা এক নৈতিক প্ৰচেষ্টা । সমবায় সমিতিক অৰাজনৈতিক গণতান্ত্ৰিক প্ৰতিষ্ঠান বুলি কোৱা হয় যদিও সঁচা অৰ্থত ৰাজনৈতিক ভাৱে কিমান খিনি মুক্ত সেয়া সকলোৱে জ্ঞাত । উল্লেখ্য যে, কৰ’ণা প্ৰকোপৰ ফলত বিধস্ত হোৱা সাধাৰণ দুখীয়াৰ বাবে আশা কৰা হৈছিল অন্তত এই