Weather Data Source: wetter Bangalore 14 tage

June 23, 2025 12:49 pm

Home » আঞ্চলিক » সাংবাদিকক আৰক্ষী বিষয়াৰ সন্মুখতেই প্ৰাণনাশৰ ভাবুকি

সাংবাদিকক আৰক্ষী বিষয়াৰ সন্মুখতেই প্ৰাণনাশৰ ভাবুকি

কৰ’না ভাইৰাছৰ সজাগতা আৰু বাতৰি পৰিবেশন কৰা বাবে সাংবাদিকক আৰক্ষী বিষয়াৰ সন্মুখতেই প্ৰাণনাশৰ ভাবুকি


বৰপেটা : দক্ষিণ বৰপেটাৰ শিক্ষা আৰু বাণিজ্য নগৰী পালহাজীত যোৱা ২১ মাৰ্চত পালহাজী প্ৰেছ ক্লাবৰ উদ্যোগত আৰু শাখা সাহিত্য সন্মিলনীৰ সহযোগত কৰ’না ভাইৰাছ পৰা পৰিত্ৰাণ পাবলৈ সজাগতা পদযাত্ৰা আৰম্ভ কৰা হয়৷কৰ’না ভাইৰাছৰ সজাগতা আৰু Lock Downৰ বাতৰি পৰিবেশন কৰা বাবে পালহাজীৰ অগ্ৰদূতৰ স্থানীয় সাংবাদিকক তথা বৰপেটাৰ সংবাদ প্ৰহৰীৰ ষ্টাফ ৰিপ’ৰ্টাৰক বৰপেটা সদৰ থানাৰ পুলিচ ইন্সপেক্টৰ শ্ৰী কুমুদ ৰয় আৰু পুলিচ আলাল উদ্দিনৰ সন্মুখতেই প্ৰাণনাশৰ ভাবুকি দিয়ে৷
ঘটনাৰ বিৱৰণী মতে আজি আবেলি পালহাজী বজাৰত পুলিচে সজাগ কৰাৰ বাবে দোকান পোহাৰ বন্ধ কৰি এখন চাহৰ দোকানৰ ভিতৰত কিবা কৰি আছিল৷ সেই সময়ত সাংবাদিক সেখ ৰহমত উল্লাহই এখন মেডিকেল ষ্টোৰৰ পৰা ঔষধ কিনি আছিল৷ মেডিকেলৰ স্বত্বাধিকাৰী জনে উল্লাহক কলে ছাৰ সোণকালে লওক কিয়নো পুলিচে বন্ধ কৰিব দিছে৷ তেতিয়া সাংবাদিক জনে কলে এতিয়াতো সময় ৪-২০ মিনিট৷ তোমালোকৰ তো এতিয়াও বন্ধৰ সময় হোৱা নাই ? এইখিনি সময়তে সন্মুখৰ চাহৰ দোকানৰ ভিতৰত চাহ খাই থকা পুলিচ ইন্সপেক্টৰ আৰু পুলিচৰ সন্মুখতেই পালহাজীৰ আনোৱাৰ হুছেইনৰ ল’ৰা আলিফ উদ্দিনে সাংবাদিকলৈ চোচা লয় আৰু সাংবাদিকক উদ্দেশ্যি কয়— আপুনি সদায় পালহাজীৰ ঘটনা ফেচবুকত দিয়ে আৰু পালহাজীত সজাগতা পাতি মানুহক হাৰাশাস্তি কৰি আছে ৷আপোনাৰ কাৰণে পালহাজী মানুহৰ অশান্তি হৈছে আৰু যদি এইবোৰ প্ৰচাৰ কৰে আপোনাক এই বজাৰতে মাৰি পেলাই দিম ৷
উল্লেখ থাকে যে দক্ষিণ বৰপেটাত পুলিচ বাহিনীয়ে আালিফক লগত লয়৷ এই খিনি সময়ত ইন্সপেক্টৰ বা পুলিচে আলিফ উদ্দিনক কোনো ধমকি দিয়া নাই৷সাংবাদিক জনৰ হাতত তেতিয়া সংবাদ প্ৰহৰীৰ লগ’ মজুত আছিল৷পুলিচে মাত্ৰ তাক আতৰাই লৈ গৈছিল৷ইতিমধ্যে আলিফৰ দেউতাকেও আহি উল্লাহক ধমকি দিয়ে৷এই কাৰ্যক গৰিহণা জনাইছে পালহাজী প্ৰেছ ক্লাব, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু পালহাজী বজাৰ সমিতিয়ে৷আৰক্ষী বিষয়াৰ সন্মুখতেই সাংবাদিকক প্ৰাণনাশৰ ভাবুকি তথাপি এটা স্পৰ্শকাতৰ বিষয়লৈ৷ এই সন্দৰ্ভত শীৰ্ষ আৰক্ষী বিষয়াই এনে দুস্কৃতিকাৰীৰ বিৰুদ্ধে কেনে ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হব৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি