Weather Data Source: wetter Bangalore 14 tage

July 3, 2025 4:45 am

Home » আঞ্চলিক » স্বামীৰ দ্বাৰা পত্নীক হত্যাৰ পৰিকল্পনাঃ স্বামীক জেল হাজোতলৈ প্ৰেৰণ

স্বামীৰ দ্বাৰা পত্নীক হত্যাৰ পৰিকল্পনাঃ স্বামীক জেল হাজোতলৈ প্ৰেৰণ

সেখ ৰহমত উল্লাহ, বৰপেটা :
সম্প্ৰতি দেশৰ বিভিন্ন প্ৰান্তত স্বামীৰ দ্বাৰা পত্নীক নিৰ্যাতন চলাই অহা ঘটনা আমি বাতৰি কাকত/টিভিৰ পৰ্দাত দেখা পাও৷ তেনে এক অনৈতিক প্ৰেমৰ কাৰণে ভাঙি গ’ল এক সুখৰ সংসাৰ৷
ঘটনাৰ আঁতধৰি বিস্তৃত ভাৱে জানিব পৰা মতে বৰপেটা জিলাৰ কয়াকুছি গাঁৱৰ তাইজ উদ্দিন আহমেদৰ ২য় কন্যা মৰ্জিয়ানা আহমেদৰ যোৱা ২০১৮ বৰ্ষৰ ৩ ফেব্ৰুৱাৰী তাৰিখে সম্পূৰ্ণ ধৰ্মীয় ৰীতিনীতি মতেই সামাজিক ভাৱে ওচৰৰে কাৱৈমাৰীৰ ১২ নং ব্লকৰ সহৰ আলীৰ পুত্ৰ জমিৰ আলীৰ লগত বিবাহ সম্পন্ন হয় ৷বিবাহৰ কিছুদিন পিছৰ পৰাই জমিৰ আলীয়ে পিতৃ আৰু ককায়েকৰ পৰামৰ্শ মতে ১০লাখ টকা চাকৰিৰ অজুহাতত যৌতুক দাবী কৰে৷বাৰে বাৰে স্ত্ৰী মৰ্জিয়ানা আহমেদক টকাৰ কাৰণে হেচা প্ৰয়োগ কৰে ইফালে সেই দাবী কৰা ধনখিনি দিবলৈ মৰ্জিয়ানাৰ পৰিয়াল অপৰাগ৷
কৰ্মসূত্ৰে জমিৰ আলী গুৱাহাটীৰ এটা ঔষধ কোম্পানীৰ MR চাকৰি কৰে আৰু গুৱাহাটীত ভাৰাঘৰত থাকে ৷ইফালে মৰ্জিয়ানাৰ লগত বিবাহ সম্পন্ন হোৱাৰ আগৰে পৰা “হেনা” নামৰ ছোৱালীৰ লগত অনৈতিক সম্পৰ্ক আছিল আৰু বৰ্তমানো আছে৷মাজ সময়ে “হেনা” নামৰ ছোৱালীজনীয়ে জমিৰ আলীৰ লগত অসংযত অৱস্থাৰ অশ্লীল ফটো মৰ্জিয়ানা আহামেদৰ মোবাইলৈ পঠিয়াই দিয়ে ৷স্বামী-স্ত্ৰীৰ এই কথাবোৰ লৈ সামাজিক বাবে জমিৰ আলীৰ পৰিয়াল আৰু মৰ্জিয়ানাৰ পৰিয়ালৰ মাজত সামাজিক ভাবে মুখামুখি আলোচনা কৰি ভালেখিনি মুখিয়াল লোকে বিফল হৈছিল৷ শেষবাৰৰ কাৰণে জমিৰ আলীক সুযোগ দিয়াত ককায়েক তাহেৰ আলীৰ পৰামৰ্শ মতে মৰ্জিয়ানা আহমেদক ১৩ ফেব্ৰুৱাৰী ২০২০ তাৰিখে গুৱাহাটীলৈ লৈ আহে৷ স্ত্ৰী মৰ্জিয়ানা আহমেদক নিজৰ ভাৰাঘৰলৈ নিনিয়াকৈ গুৱাহাটীৰ সিজুবাৰীস্থিত City Lodgeৰ ১০১নং ৰূমত বিনা আহাৰে আৱদ্ধ কৰি ৰাখে৷স্বামীয়ে ৰাতিপুৱাই ৰূমৰ পৰা ওলাইযোৱা আৰু ৰাতি ১০টা বজালৈ উভতি নহাত ভোকে পিয়াহে আৰু প্ৰাণৰ ভয়ত মৰ্জিয়ানা আহমেদে সকলো বিবৰি দেউতাক ফোনযোগে কয়৷
মৰ্জিয়ানাৰ পিতৃ তাইজ উদ্দিনে গুৱাহাটীত থকা সম্পৰ্কীয় ভাতৃ এজনৰ দ্বাৰাই মৰ্জিয়ানা থকা হোটেললৈ গৈ খোৱাৰ ব্যৱস্থা কৰে৷ৰাতি ১১ বজাত জমিৰ আলী ৰূমলৈ উভতাত খুৰায়েক ৰূমৰ পৰা গুচি আহে৷ এই ঘটনাৰ দুদিনমানৰ পিছতে নতুনকৈ এক নাটক ৰচি জমিৰৰ থকা ঘৰলৈকে নগৈ নতুন ভাৰাঘৰলৈ লৈ যায়৷ সেই ৰাতিয়েই মৰ্জিয়ানা আহমেদক ঘৰলৈকে কোনো খবৰ পঠিয়ালে টুকুৰা টুকুৰ কৰি কাটি কাৰ্টুনত ভৰাই নদীত পেলাই দিব বুলি ভাবুকি দিয়ে৷ অচিন দেশত এইবোৰ কথাত থৰকাচুটি হেৰাই পেলায় মৰ্জিয়ানাই৷ বৈবাহিক জীৱনৰ প্ৰতিটো খোজে খোজে অহা ভাবুকি আৰু প্ৰাণৰ মায়াত ভীতিগ্ৰস্ত মৰ্জিয়ানাই যোৱা ২৭ ফেব্ৰুৱাৰী তাৰিখে শশুৰ সহৰ আলী,শাহু তাৰাভানু আৰু স্বামীৰ ককায়েক অৰ্থাৎ এই সকলোবোৰ অত্যাচাৰৰ পৰিকল্পনাকাৰী তাহেৰ আলী (বি এচ চি)ৰ লগতে জমিৰ আলীৰ নামত কেচ দাখিল কৰে ৷হাতীগাওঁ থানাত ভাৰতীয় দণ্ডবিধি আইনৰ 498(A)/307/506/IPC ধৰাত  আৰু 127/2020 মন্বৰত গোচৰটো পঞ্জীয়নভুক্ত হৈছে আৰু পংকজ উপাধ্যায় নামৰ বিষয়া এজনে তদাৰকী কৰি আছে ৷হাতীগাওঁ থানাৰ তৎপৰতাত হাতীগাঁৱৰ ভাৰাঘৰৰ পৰা মৰ্জিয়ানা আহমেদৰ লম্পট স্বামী জমিৰ আলীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰু মৰ্জিয়ানা আহামেদ এক নিশ্চিত ষৰযন্ত্ৰৰ বলিৰ পৰা উদ্ধাৰ হয় ৷সম্প্ৰতি জমিৰ আলী কেন্দ্ৰীয় কাৰাগাৰ গুৱাহাটীৰ আলহী৷হাতীগাঁৱৰ আৰক্ষীয়ে জমিৰ আলীয়ে থকা প্ৰকৃত ভাৰাঘৰ আৰু ৰহস্যময়ী “হেনা” নামৰ ছোৱালীজনীৰ লগতে প্ৰকৃত ঘটনা তদন্তৰ বাবে চেষ্টা চলাই আছে৷এইক্ষেত্ৰত ভুক্তভোগী মৰ্জিয়ানা আহামেদৰ জীৱন লৈ হেতালি খেলা জমিৰ আলীৰ ককায়েক তাহেৰ আলী আৰু শাহু গৰাকীক কৰায়ত্ত কৰি কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰি এক দৃষ্টান্তমূলক ন্যায় পোৱাৰ বাবে কয়াকুছি গাঁৱৰ স্থানীয় ৰাইজে একমুখে দাবী জনাইছে ৷ভৱিষ্যতে যাতে সমাজত দ্বিতীয়বাৰৰ বাবে এনে ঘটনাৰ পুনৰাবৃত্তি নহয় তাৰ বাবে ৰাইজক সতৰ্ক হবলৈ আহ্বান জনায় ৷ 

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি