Weather Data Source: wetter Bangalore 14 tage

June 23, 2025 12:37 pm

Home » আঞ্চলিক » গ্ল’বেল ইনষ্টিটিউটৰ হেণ্ড ছেনেটাইজাৰ প্ৰস্তুত : বিনামূলীয়া বিতৰণ

গ্ল’বেল ইনষ্টিটিউটৰ হেণ্ড ছেনেটাইজাৰ প্ৰস্তুত : বিনামূলীয়া বিতৰণ

বৰপেটাৰােড : সম্প্রতি কৰণা ভাইৰাছক লৈ আতংকই বিৰাজ কৰিছে সমগ্র বিশ্ব। তেনে সময়তে বাণিজ্য নগৰী বৰপেটাৰােডস্থিত গ্লবেল ইনষ্টিটিউট নামৰ শিক্ষানুষ্ঠানখনৰ ৰসায়ন বিজ্ঞান বিভাগে নিজাববীয়াকৈ প্রস্তুত কৰি উলিয়ালে হেণ্ড ছেনেটাইজাৰ।
শিক্ষানুষ্ঠানখনৰ ৰসায়ন বিজ্ঞান বিভাগৰ হৈ দিল্লী আই আই টিত অধ্যয়নৰত এম টেক- কেমিকেল ইঞ্জিনিয়াৰিঙৰ ছাত্র আজমল হুছেইন আৰু গ্ল’বেল ইনষ্টিটিউটৰ ৰসায়ন বিভাগৰ অধ্যাপক আছাদুদ জামানৰ নেতৃত্বত এটি দলে আজি নিজাববীয়াকৈ প্ৰস্তুত কৰি উলিয়ালে হেণ্ড ছেনেটাইজাৰ। গ্লবেল ইনষ্টিটিউটৰ পৰিচালন সঞ্চালক আছৰফ আলীয়ে জানিবলৈ দিয়া মতে সম্প্রতি কৰণা ভাইৰাছক লৈ সমগ্র বিশ্বই আতংকত সময় অতিবাহিত কৰি আছে। এইক্ষেত্ৰত অসমাে পিছপৰি থকা নাই। ইতিমধ্যে ৰাজ্য চৰকাৰে এই আতংকময় ভাইৰাছৰ পৰা ৰক্ষা পাবলৈ নিজৰ মাজতে সতর্কতা বৃদ্ধি কৰাৰ বাবে বিভিন্ন পদক্ষেপ গ্রহণ কৰি আহিছে। ফলত ৰাইজক সজাগতা সৃষ্টি কৰাৰ লগতে বাস্তৱ ক্ষেত্ৰত সহায়ৰ হাত আগবঢ়োৱাৰ স্বাৰ্থত গ্ল’বেল ইনষ্টিটিউটৰ ৰসায়ন বিজ্ঞান বিভাগৰ এটি দলে যুদ্ধকালীন তৎপৰতাৰে হেণ্ড ছেনেটাইজাৰ প্ৰস্তুত কৰি উলিয়াই প্ৰাৰম্ভিকভাৱে বৃহত্তৰ বৰপেটাৰােড অঞ্চলৰ প্রতিটো ঘৰে ঘৰে গৈ বিনামূলীয়াকৈ বিতৰণ কৰি আছে। উল্লেখ্য যে গ্ল’বেল ইনষ্টিটিউটৰ এনে পদক্ষেপক স্থানীয় ৰাইজে ভূয়সী প্রশংসা কৰে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি