|

গ্ল’বেল ইনষ্টিটিউটৰ হেণ্ড ছেনেটাইজাৰ প্ৰস্তুত : বিনামূলীয়া বিতৰণ

বৰপেটাৰােড : সম্প্রতি কৰণা ভাইৰাছক লৈ আতংকই বিৰাজ কৰিছে সমগ্র বিশ্ব। তেনে সময়তে বাণিজ্য নগৰী বৰপেটাৰােডস্থিত গ্লবেল ইনষ্টিটিউট নামৰ শিক্ষানুষ্ঠানখনৰ ৰসায়ন বিজ্ঞান বিভাগে নিজাববীয়াকৈ প্রস্তুত কৰি উলিয়ালে হেণ্ড ছেনেটাইজাৰ। শিক্ষানুষ্ঠানখনৰ ৰসায়ন বিজ্ঞান বিভাগৰ হৈ দিল্লী আই আই টিত অধ্যয়নৰত এম টেক- কেমিকেল ইঞ্জিনিয়াৰিঙৰ ছাত্র আজমল হুছেইন আৰু গ্ল’বেল ইনষ্টিটিউটৰ ৰসায়ন বিভাগৰ অধ্যাপক আছাদুদ জামানৰ নেতৃত্বত এটি দলে আজি নিজাববীয়াকৈ প্ৰস্তুত কৰি উলিয়ালে হেণ্ড ছেনেটাইজাৰ। গ্লবেল ইনষ্টিটিউটৰ পৰিচালন সঞ্চালক আছৰফ আলীয়ে জানিবলৈ দিয়া মতে সম্প্রতি কৰণা ভাইৰাছক লৈ সমগ্র বিশ্বই আতংকত সময় অতিবাহিত কৰি আছে। এইক্ষেত্ৰত অসমাে পিছপৰি থকা নাই। ইতিমধ্যে ৰাজ্য চৰকাৰে এই আতংকময় ভাইৰাছৰ পৰা ৰক্ষা পাবলৈ নিজৰ মাজতে সতর্কতা বৃদ্ধি কৰাৰ বাবে বিভিন্ন পদক্ষেপ গ্রহণ কৰি আহিছে। ফলত

স্বামীৰ দ্বাৰা পত্নীক হত্যাৰ পৰিকল্পনাঃ স্বামীক জেল হাজোতলৈ প্ৰেৰণ

সেখ ৰহমত উল্লাহ, বৰপেটা : সম্প্ৰতি দেশৰ বিভিন্ন প্ৰান্তত স্বামীৰ দ্বাৰা পত্নীক নিৰ্যাতন চলাই অহা ঘটনা আমি বাতৰি কাকত/টিভিৰ পৰ্দাত দেখা পাও৷ তেনে এক অনৈতিক প্ৰেমৰ কাৰণে ভাঙি গ’ল এক সুখৰ সংসাৰ৷ ঘটনাৰ আঁতধৰি বিস্তৃত ভাৱে জানিব পৰা মতে বৰপেটা জিলাৰ কয়াকুছি গাঁৱৰ তাইজ উদ্দিন আহমেদৰ ২য় কন্যা মৰ্জিয়ানা আহমেদৰ যোৱা ২০১৮ বৰ্ষৰ ৩ ফেব্ৰুৱাৰী তাৰিখে সম্পূৰ্ণ ধৰ্মীয় ৰীতিনীতি মতেই সামাজিক ভাৱে ওচৰৰে কাৱৈমাৰীৰ ১২ নং ব্লকৰ সহৰ আলীৰ পুত্ৰ জমিৰ আলীৰ লগত বিবাহ সম্পন্ন হয় ৷বিবাহৰ কিছুদিন পিছৰ পৰাই জমিৰ আলীয়ে পিতৃ আৰু ককায়েকৰ পৰামৰ্শ মতে ১০লাখ টকা চাকৰিৰ অজুহাতত যৌতুক দাবী কৰে৷বাৰে বাৰে স্ত্ৰী মৰ্জিয়ানা আহমেদক টকাৰ কাৰণে হেচা প্ৰয়োগ কৰে ইফালে সেই দাবী কৰা ধনখিনি দিবলৈ মৰ্জিয়ানাৰ