Weather Data Source: wetter Bangalore 14 tage

June 19, 2025 10:01 pm

Home » আঞ্চলিক » মুছলপুৰত সমুখসমৰত চুক্তি স্বাক্ষৰকাৰী প্ৰমোদ-ধীৰেন

মুছলপুৰত সমুখসমৰত চুক্তি স্বাক্ষৰকাৰী প্ৰমোদ-ধীৰেন

গুৱাহাটী : অহা ৪ এপ্ৰিলত হ’বলগীয়া বিটিচি নিৰ্বাচনৰ মনোনয়ন দাখিল পৰ্বৰ বুধবাৰে সামৰণি পৰিল। আজি মনোনয়ন পত্ৰ সমূহ পৰীক্ষা কৰা হ’ব। মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম সময় অহা ২১ মার্চৰ বিয়লি ৩ বজা৷ সেই দিনাই বি টি এ ডিৰ প্রতিখন জিলা আৰু মহকুমাৰ ৰিটার্নিং বিষয়াই চূড়ান্ত প্রার্থী তালিকা প্রকাশ কৰিব৷ বুধবাৰে মনোনয়ন দাখিলৰ অন্তিম দিনটোত বাগ্সা জিলাৰ ২২নং কোকলাবাৰী পৰিষদীয় সমষ্টিত বি টি আৰ চুক্তিৰ ২ স্বাক্ষৰকাৰী নেতা প্রমোদ বড়ো আৰু ধীৰেন বড়োৱে মনোনয়ন দাখিল কৰে৷ প্রমোদ বড়োৱে ইউ পি পি এলৰ পৰা মনোনয়ন দাখিলৰ বিপৰীতে এন ডি এফ বিৰ প্রাক্তন সভাপতি ধীৰেন বড়োৱে বি পি এফৰ প্রার্থী হিচাপে অৱতীর্ণ হৈছে৷ একেটা সমষ্টিৰ পৰাই বি টি আৰ চুক্তিৰ দুই স্বাক্ষৰকাৰী সমুখসমৰত নমা সমষ্টিটোৰ নির্বাচনী যুঁজখন বেচ আকর্ষণীয় হৈ পৰিব৷
মনোনয়ন দাখিলৰ পাছত বি পি এফৰ প্রার্থী ধীৰেন বড়োৱে সাংবাদিকৰ আগত কয় যে বি টি আৰ চুক্তি আখৰে আখৰে ৰূপায়ণ কৰাৰ সংকল্প লৈয়েই তেওঁ ৰাজনীতিৰ পথাৰত নামিছে৷ কোকলাবাৰী পৰিষদীয় সমষ্টিত তেওঁ বিপুল ভোটত জয়ী হ’ব বুলি দাবী কৰি বড়োৱে কয় যে প্রতিদ্বন্দ্বী প্রমোদ বড়ো তেওঁৰ হাতত পৰাজিত হ’ব৷ নির্বাচনত ইউ পি পি এল দল পৰাজিত হোৱাৰ আশংকাতে প্রমোদ বড়োৱে বর্তমান বিটিচিৰ ৪০টা সমষ্টি পৰিদর্শন কৰি ফুৰিছে৷ ইপিনে সমষ্টিটোত মনোনয়ন দাখিল কৰি ইউ পি পি এলৰ সভাপতি প্রমোদ বড়োৱে সাংবাদিকৰ আগত কয় যে ইউ পি পি এলৰ নেতৃত্বত বিটিচিত চৰকাৰ গঠন কৰাই মূল উদ্দেশ্য৷ আজিৰ দিনটোতে কোকলাবাৰী সমষ্টিত গণ সুৰক্ষা পার্টীৰ মৃদুল দাসে মনোনয়ন দাখিল কৰে৷ সমষ্টিটোত ভোটার্ছ পার্টী ইণ্টাৰনেচনেলৰ তৰফৰ পৰা বনমা বসুমতাৰী আৰু নির্দলীয় হিচাপে জৈংছাৰ বড়োৱে মনোনয়ন দাখিল কৰে৷ সেইদৰে মুছলপুৰৰ ৰিটার্নিং বিষয়াৰ হাতত ২৩নং দিহিৰা সমষ্টিত গণ সুৰক্ষা পার্টীৰ ঘনশ্যাম দাস, বিজেপিৰ কনষ্টেনটাইন তির্কী, বি পি এফৰ ৰাজেশ বৰান, ইউ পি পি এলৰ জগদীশ ৰামচিয়াৰী, কংগ্রেছৰ সৰলা দাস, নির্দলীয় হিতেশ্বৰ ৰাভা, মুন সিং ব্রহ্ম, ভি পি আইৰ অজিত গায়াৰীয়ে মনোনয়ন দাখিল কৰে৷ ২৪নং মুছলপুৰ সমষ্টিত আজি ইউ পি পি এলৰ ৰাকেশ ব্রহ্মই, ২৫নং বাগানপাৰা সমষ্টিত বিজেপিৰ আৰতি বৰদলৈয়ে মনোনয়ন দাখিল কৰে৷ বি টি আৰ চুক্তিৰ আন এজন স্বাক্ষৰকাৰী এন ডি এফ বি (প্র)ৰ সভাপতি গোবিন্দ বসুমতাৰীয়ে আজি ওদালগুৰি জিলাৰ ৩৮নং ধনশ্রী সমষ্টিৰ পৰা ইউ পি পি এলৰ প্রার্থী হিচাপে ৰিটার্নিং বিষয়াৰ ওচৰত মনোনয়ন দাখিল কৰে৷ আজি ওদালগুৰিত ইউ পি পি এলৰ হৈ ৩৬নং হৰিশিঙা সমষ্টিত সঞ্জয় স্বর্গীয়াৰী, ৩৭নং ধনশ্রী সমষ্টিত ৰুজুগ্রা মোছাহাৰী, ৩৯নং পাঁচনৈ ছেৰফাং সমষ্টিত দীপক বৰাল আৰু ৪০নং ৰৌতা সমষ্টিত ড০ নিতুল স্বর্গীয়াৰীয়ে মনোনয়ন দাখিল কৰে ৷
ইফালে দেৱৰগাঁও পৰিষদীয় সমষ্টিৰ লগতে মঙলবাৰে কচুগাঁও পৰিষদীয় সমষ্টিটোত মনোনয়ন দাখিল কৰা বি পি এফৰ সভাপতি হাগ্রামা মহিলাৰীয়ে আজি চমক সৃষ্টি কৰে৷ কচুগাঁৱত আজি আয়োজিত এক নির্বাচনী সমাৱেশত এন ডি এফ বি (আৰ), এন ডি এফ বি (এছ) আৰু এন ডি এফ বিৰ ৫০০জন কেডাৰে আনুষ্ঠানিকভাৱে বি পি এফ দলত যোগদান কৰে৷ সেই অনুষ্ঠানতে গণ সুৰক্ষা পার্টীৰ ১৫০জন সদস্যৰ উপৰি কংগ্রেছ আৰু এ আই ইউ ডি এফৰ সহস্রাধিক সদস্য–সমর্থকে বি পি এফত যোগদান কৰে৷ ইপিনে, বি পি এফৰ সভাপতি তথা বিটিচিপ্রধান হাগ্রামা মহিলাৰীয়ে সাংবাদিকৰ আগত কয় যে এইবাৰ বিটিচি নির্বাচনত ৪০টা পৰিষদীয় সমষ্টিৰ ভিতৰত ৩৭টাত বি পি এফে প্রার্থিত্ব আগবঢ়াইছে৷ ২৫টা সমষ্টিত তেওঁলোক বিজয়ী হোৱাটো নিশ্চিত৷ কোনো কাৰণত আসন কমিলেও বি পি এফ দল ২২–২৩টা সমষ্টি লাভ কৰি বিটিচিৰ একক সংখ্যাগৰিষ্ঠ দল হ’ব৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি