|

ভেলেন্সিয়াৰ ৩৫ শতাংশ খেলুৱৈ ক’ৰোনাত আক্রান্ত

আর্জেণ্টিনা : মাৰাত্মক ক’ৰোনা ভাইৰাছৰ বাবে সম্প্রতি স্থবিৰ হৈ পৰিছে বিশ্বৰ ক্রীড়া জগত৷ এই মহামাৰী ক’ৰোনা ভাইৰাছৰ বাবেই দেশৰ বিভিন্ন প্রান্তত স্থগিত হৈছে ইখনৰ পিছত সিখনকৈ আগশাৰীৰ প্রতিযোগিতা৷ এই মহামাৰী ভাইৰাছত আক্রান্ত হৈছে স্পেইনৰো লোক৷  দেশখনৰ আগশাৰীৰ ফুটবল ক্লাব ভেলেন্সিয়াৰ খেলুৱৈও আক্রান্ত হৈছে এই মহামাৰী ক’ৰোনা ভাইৰাছত৷ ক্লাবটোৰ ৩৫ শতাংশ খেলুৱৈয়ে ক’ৰোনা ভাইৰাছত আক্রান্ত হৈছে বুলি দলটোৰ এক বিবৃতিত সদৰী৷ আর্জেণ্টিনাৰ ডিফেণ্ডাৰ ইজেকুইল গাৰাইৰ লগতে দলটোৰ পাঁচগৰাকী খেলুৱৈ এই ক’ৰোনা ভাইৰাছত আক্রান্ত হোৱা বুলি দেওবাৰে ভেলেন্সিয়া দলটোৰ এক বিবৃতিত উল্লেখ৷ উল্লেখ্য যে এই ক’ৰোনা ভাইৰাছে স্পেইনত মহামাৰীৰ ৰূপ ধাৰণ কৰিছে আৰু এতিয়ালৈকে ৩০৯গৰাকী লোকৰ মৃত্যু হৈছে৷

বৰপেটাত উৎকোচ লৈ হাতে–লোটে ধৰা পৰিল আৰক্ষী বিষয়া

বৰপেটা : ৰাইজৰ জীৱন আৰু সা–সম্পত্তি সুৰক্ষাৰ লগতে শান্তি–শৃংখলা অটুট ৰখাৰ দায়িত্বত নিয়োজিত আৰক্ষীয়ে ৰাইজৰ পৰা ভেটী লৈ হাৰাশাস্তি কৰা ঘটনাই বৰপেটা চহৰত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ জনিব পৰা মতে, বৰপেটা সদৰ থানাৰ মাধৱ কলিতা নামৰ সহকাৰী উপ–পৰিদর্শক এগৰাকীয়ে বৰপেটা গজিয়া পথৰ দিগন্ত দাস নামৰ এজন যুৱকৰ পৰা এটি গোচৰ নিষ্পত্তি কৰি দিয়াৰ বাবে ১০ হাজাৰ টকা দাবী কৰিছিল৷  যুৱকজনে এই সন্দর্ভত তদাৰকী আৰু দুর্নীতি নিবাৰক শাখাৰ সৈতে যোগাযোগ কৰে৷ বুধবাৰে সন্ধিয়া তদাৰকী আৰু দুর্নীতি নিবাৰক শাখাৰ উপ–আৰক্ষী অধীক্ষক আজিজা গুলেনুৰৰ নেতৃত্বত অহা ১৩জনীয়া এটা দলে বৰপেটা সদৰ থানাৰ সন্মুখত আৰক্ষী উপ–পৰিদর্শকগৰাকীক ১০ হাজাৰ টকাৰ নগদ ধনসহ হাতে–লোটে আটক কৰে৷ তদাৰকী আৰু দুর্নীতি নিবাৰক শাখাৰ দলটোৱে সহকাৰী উপ–পৰিদর্শকগৰাকীক আটক কৰি বৰপেটা

মুছলপুৰত সমুখসমৰত চুক্তি স্বাক্ষৰকাৰী প্ৰমোদ-ধীৰেন

গুৱাহাটী : অহা ৪ এপ্ৰিলত হ’বলগীয়া বিটিচি নিৰ্বাচনৰ মনোনয়ন দাখিল পৰ্বৰ বুধবাৰে সামৰণি পৰিল। আজি মনোনয়ন পত্ৰ সমূহ পৰীক্ষা কৰা হ’ব। মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম সময় অহা ২১ মার্চৰ বিয়লি ৩ বজা৷ সেই দিনাই বি টি এ ডিৰ প্রতিখন জিলা আৰু মহকুমাৰ ৰিটার্নিং বিষয়াই চূড়ান্ত প্রার্থী তালিকা প্রকাশ কৰিব৷ বুধবাৰে মনোনয়ন দাখিলৰ অন্তিম দিনটোত বাগ্সা জিলাৰ ২২নং কোকলাবাৰী পৰিষদীয় সমষ্টিত বি টি আৰ চুক্তিৰ ২ স্বাক্ষৰকাৰী নেতা প্রমোদ বড়ো আৰু ধীৰেন বড়োৱে মনোনয়ন দাখিল কৰে৷ প্রমোদ বড়োৱে ইউ পি পি এলৰ পৰা মনোনয়ন দাখিলৰ বিপৰীতে এন ডি এফ বিৰ প্রাক্তন সভাপতি ধীৰেন বড়োৱে বি পি এফৰ প্রার্থী হিচাপে অৱতীর্ণ হৈছে৷ একেটা সমষ্টিৰ পৰাই বি টি আৰ চুক্তিৰ দুই স্বাক্ষৰকাৰী সমুখসমৰত

ৰাজ্যসভাৰ সাংসদ ৰূপে শপতগ্ৰহণ অৱসৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ

নতুন দিল্লী : উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক ৰাজ্যসভালৈ মনোনীত কৰাক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ মাজতে আজি পুৱা ১১ বজাত সাংসদৰূপে শপতগ্ৰহণ কৰে ৰঞ্জন গগৈয়ে। উল্লেখ্য যে ৰাজ্যসভাৰ এগৰাকী মনোনীত সদস্যই অৱসৰ গ্রহণ কৰাৰ বাবে সেই খালী ঠাই পূৰণ কৰিবলৈ ৰাষ্ট্রপতিয়ে মুখ্য ন্যায়াধীশ গগৈক ৰাজ্যসভালৈ মনোনীত কৰি সন্তুষ্টি ব্যক্ত কৰিছিল৷  আইনক পেছা হিচাপে লোৱা গগৈয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰি পাছলৈ বিচাৰপতি হৈ শেষত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে সেৱা আগবঢ়াই অসমবাসীক গৌৰৱান্বিত কৰিছে৷

|

কৰ’না : যুৱকৰ আত্মহত্যা

গুৱাহাটী : এতিয়া দেশত কৰ’নাৰ আতংক।আতংকই মানুহৰ মাজত মানসিক অৱসাদৰ ৰূপ লৈছে।বুধবাৰে ছফদৰজং হাস্পতালৰ ৭মহলাৰ পৰা কৰ’নাত আক্ৰান্ত হোৱাৰ সন্দেহ কৰা এজন যুৱকে জপিয়াই আত্মহত্যা কৰে। চৰণজিত সিং নামৰ ৩৫বছৰীয়া যুৱকজনক বুধবাৰে নিশা ৯বজাত ছফদৰজং হাস্পতাললৈ অনা হৈছিল।এয়াৰ ইণ্ডিয়াৰ ফ্লাইটেৰে অষ্ট্ৰেলিয়াৰ ছিডনীৰ পৰা উভতা যুৱকজনক কৰ’না আক্ৰান্ত হোৱাৰ লক্ষণ পাই ছফদৰজং হাস্পতাললৈ প্ৰেৰণ কৰা হৈছিল।

|

চি বি এছ ই, আই আই টি, জে ই ই পৰীক্ষা স্থগিত

গুৱাহাটী : দেশজুৰি কৰ’না ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধিৰ পৰিস্থিতিত কেন্দ্ৰীয় চৰকাৰে চিবিএছইৰ সকলো শৈক্ষিক প্ৰতিষ্ঠানক চলি থকা পৰীক্ষা ৩১ মাৰ্চলৈ স্থগিত ৰখাৰ নিৰ্দেশ দিছে।কেন্দ্ৰীয় চৰকাৰৰ এই নিৰ্দেশৰ পিছতে চিবিএছই–এ দশম আৰু দ্বাদশ শ্ৰেণীৰ চলি থকা পৰীক্ষাসমূহ ৩১ মাৰ্চলৈ স্থগিত ৰাখিছে।কেন্দ্ৰীয় মানৱ সংশাধন বিকাশ মন্ত্ৰণালয়ৰ ৰাষ্ট্রীয় পৰীক্ষণ এজেন্সীয়ে আই আই টি, ইঞ্জিনিয়াৰিং কলেজৰ প্ৰৱেশ পৰীক্ষা ‘জে ই ই’ স্থগিত ৰাখিছে।পৰীক্ষাৰ নতুন তাৰিখ পিছত নিৰ্ধাৰণ কৰা হ’ব।

কৰ’নাত আতংকিত শ্বপিং মলৰ কর্মচাৰী

গুৱাহাটী : মাৰাত্মক কৰ’না ভাইৰাছৰ শংকাত আতংকিত হৈছে মহানগৰৰ শ্বপিং মলত কর্মৰত কর্মচাৰীসকল৷ বর্তমানলৈকে শ্বপিং মলৰ কর্মচাৰীসকলৰ সুৰক্ষাৰ বাবে কোনোধৰণৰ সুৰক্ষা ব্যৱস্থা গ্রহণ নকৰাত ক্ষুব্ধ হৈ আজি শ্বপিং মলৰ কর্মচাৰীসকলে মালিকৰ বিৰুদ্ধে প্রতিবাদ কৰে৷ মহানগৰৰ প্রতিটো শ্বপিং মলৰ দুই-তিনিজনকৈ প্রতিনিধি একগোট হৈ আজি সন্ধিয়া লাচিতনগৰস্থিত ব্রেণ্ড ফেক্টৰীৰ সন্মুখত প্রতিবাদ সাব্যস্ত কৰে৷ উল্লেখযোগ্য যে এতিয়াও প্রতিটো মলত প্রতিদিনে বিদেশী পর্যটকৰ লগতে অন্যান্য প্রায় ১০০০তকৈ অধিক লোকে নানা ধৰণৰ সামগ্রী ক্রয়ৰ বাবে গৈ আছে৷ কিন্তু পৰিতাপৰ কথা যে বর্তমানলৈকে শ্বপিং মলৰ মালিকৰ উপৰি চৰকাৰেও একো ব্যৱস্থা গ্রহণ কৰা নাই৷ প্রতিবাদকাৰীসকলে জনোৱা মতে, মলৰ কর্তৃপক্ষই কর্মচাৰীসকলৰ সুৰক্ষাৰ কথা অলপো চিন্তা কৰা নাই৷ এতিয়ালৈকে মলবোৰত কোনোধৰণৰ হেণ্ড ছেনিটাইজাৰ, মাস্ক, স্বাস্থ্য পৰীক্ষা আদিৰ কোনো ব্যৱস্থা

|

‘অসমৰ জাতীয় জীৱনৰ সমস্যাবোৰৰ ক্ষেত্রত এ আই ইউ ডি এফে গা এৰা দিয়া নাই’

গুৱাহাটী : জয়ী হোৱাটো বিজেপিৰ ব্যর্থতা৷ ধর্মনিৰপেক্ষতাৰ পক্ষত, সাম্প্রদায়িকতাৰ বিৰোধী, গণতন্ত্রৰ পক্ষত হোৱা সিদ্ধান্তই এইবাৰ প্রেৰণ কৰিছে৷ এইবাৰ ৰাজ্য সভাৰ নির্বাচনৰ সুকীয়া তাৎপর্য আছে৷ বিৰোধী দলে কা-বিৰোধী নেতাক নির্বাচিত কৰিবলৈ ইচছুক আছিল৷ এনে পটভূমিত কা-বিৰোধী এজন নেতা নির্বাচিত হোৱাটো দৰকাৰ৷’ এই মন্তব্য ৰাজ্য সভাৰ নৱনির্বাচিত সাংসদ অজিত কুমাৰ ভূঞাৰ৷ ৰাজ্য সভাৰ তৃতীয়খন আসনত বিনা প্রতিদ্বন্দ্বিতাৰে নির্বাচিত হোৱাৰ পাছত আজি গুৱাহাটী প্রেছ ক্লাবত নাগৰিক সমাজৰ সম্ভাষণ গ্রহণ কৰি অজিত কুমাৰ ভূঞাই আৰু কয়– ‘৩৫ বছৰ সাংবাদিকতাৰ পাছত সংসদীয় ৰাজনীতি কৰিবলৈ বাধ্য হ’লোঁ৷ সাংবাদিক হিচাপেও একাংশই ৰাজনীতিয়েই কৰে৷ মই টিকট বিচাৰি কোনো আৱেদন দিয়া নাই৷ গণতন্ত্র, ধর্মনিৰপেক্ষতা, সংবিধানৰ ক্ষেত্রত কোনো আপোচ নকৰোঁ৷ য’তেই সুযোগ পাওঁ ত’তেই যুঁজ দিম৷’ কংগ্রেছ আৰু এ আই

|

কৰ’না : অসমৰ পর্যটনৰ ১৫০০ কোটি টকা লোকচান

গুৱাহাটী : কা-বিৰোধী আন্দোলনৰ পাছত কৰ’না আতংকই ৰাজ্যৰ পর্যটন খণ্ডত ব্যাপকভাৱে বিৰূপ প্রভাৱ পেলাইছে৷ পূর্বৰ তুলনাত ৰাজ্যলৈ দেশী-বিদেশী পর্যটকৰ আগমন বৃদ্ধি পোৱাৰ সময়তে চলিত বিত্তীয় বর্ষত কা-বিৰোধী আন্দোলন আৰু শেহতীয়াকৈ কৰ’না মহামাৰীয়ে পর্যটকৰ আগমনত বাধাৰ সৃষ্টি কৰিলে৷ ফলত পর্যটনৰ জৰিয়তে সংগ্রহ কৰা ৰাজহ হ্রাস পালে৷ যোৱা নৱেম্বৰ আৰু ডিচেম্বৰ মাহত কা-বিৰোধী আন্দোলনৰ ফলত ৰাজ্যৰ পর্যটন খণ্ডৰ লোকচান হৈছিল ১২০০ কোটি টকা৷ শেহতীয়াকৈ কৰ’না আতংকৰ বাবে কমেও ২০০-৩০০ কোটি টকা লোকচান হ’ব৷ অর্থাৎ চলিত বিত্তীয় বর্ষত অসমে কা-বিৰোধী আন্দোলন আৰু মহামাৰী কৰ’নাৰ বাবে কমেও ১৫০০ কোটি টকা লোকচানৰ সন্মুখীন হ’ল৷ ৰাজ্যৰ অর্থনৈতিক বিকাশত স্বাভাৱিকতেই এই লোকচানৰ নেতিবাচক প্রভাৱ পৰিব৷ উল্লেখযোগ্য যে অক্টোবৰ মাহৰ পৰা অসমলৈ পর্যটকৰ আগমন বৃদ্ধি পায়৷ অক্টোবৰৰ পৰা