| | |

কেতিয়া শেষ হ’ব ক’ৰোনাৰ প্ৰকোপ – ক’লে ৰাষ্ট্ৰপতি ট্ৰাম্পে

নিউয়ৰ্ক : বিশ্বজুৰি ত্ৰাস সৃষ্টি কৰা ক’ৰোনা ভাইৰাছৰ প্ৰকোপৰ পৰা জুলাই মাহৰ শেষলৈকে আমেৰিকা যুক্তৰাষ্ট্ৰ ৰক্ষা পৰিব বুলি প্ৰকাশ কৰিছে মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে “বিশ্বজুৰী মহামাৰী ৰূপ লোৱা ক’ৰোনা ভাইৰাছে এতিয়ালৈকে সমগ্ৰ বিশ্বজুৰি হাজাৰ হাজাৰ লোকৰ মৃত্যুৰ ঘটাইছে।  সকলো দেশেই এই মাৰাত্মক ভাইৰাছৰ সংক্ৰমণৰ পৰা ৰক্ষা পাবলৈ দিনে-নিশাই চেষ্টা চলাই আছে । মোৰ এনে লাগে যে আমেৰিকাই জুলাই মাহৰ শেষলৈকে এই মহামাৰীৰ প্ৰকোপৰ পৰা ৰক্ষা পৰিবলৈ সক্ষম হম।” ইপিনে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে এই ভাইৰাছৰ সংক্ৰমণৰ পৰা হাত সাৰিবলৈ আমেৰিকান জনসাধাৰণক সজাগতামূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। উল্লেখ্য যে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে ইয়াৰ পূৰ্বে ক’ৰোনাৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি নিজৰ টেষ্ট কৰাইছিল।

বিনাপ্ৰতিদ্বন্দিতাৰে ৰাজ্যসভালৈ অজিত কুমাৰ ভূঞা,ভুৱনেশ্বৰ কলিতা, বিশ্বজিৎ দৈমাৰী

গুৱাহাটী : বিনা প্ৰতিদ্বন্দিতাৰে ৰাজ্যসভালৈ নিৰ্বাচিত হ’ল কংগ্ৰেছ এইআইইডিএফৰ সৰ্মথিত প্ৰাৰ্থী অজিত কুমাৰ ভূঞা, বিজেপিৰ প্ৰাৰ্থী ভুৱনেশ্বৰ কলিতা, আৰু মিত্ৰজোঁট তথা বিপিএফৰ প্ৰাৰ্থী বিশ্বজিৎ দৈমাৰী।  আজি ৩ বজাত ৰিটাৰ্নিং বিষয়া অমৰেন্দ্ৰ ডেকাই আটাইকেইজনকে বিজয়ী বুলি ঘোষণা কৰে। উল্লেখ্য যে আজি মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন আছিল আৰু কোনো প্ৰাৰ্থীয়ে মনোনয়ন প্ৰত্যাহাৰ নকৰাত তিনিওজনকে বিজয়ী বুলি ঘোষণা কৰা হয়।

বড়ো ৰাজনীতিক লৈ শংকিত নেকি হাগ্রামা!

গোসাইগাঁও : বি টি এ ডিৰ আসন্ন নির্বাচনক লৈ বড়োভূমিৰ ৰাজনৈতিক দৃশ্যপট সলনি হ’ব নেকি? এনে প্রশ্নক লৈ চর্ চলি থকাৰ মাজতে ৰাজ্যৰ ৰাজনীতিত কিংমেকাৰ হোৱা হাগ্রামা মহিলাৰীয়ে নিজৰ গৃহ সমষ্টি দেৱৰগাঁৱত মনোনয়ন দাখিলৰ পাছতো পুনৰ ঢাপলি মেলে জিলাখনৰে গোসাইগাঁও মহকুমাৰ অন্তর্গত কচুগাঁও সমষ্টিলৈ৷ এনে সন্ধিক্ষণত সকলোকে ভবাই তুলিছে বড়োভূমিৰ ৰাজনীতিক লৈ শংকিত নেকি হাগ্রামা মহিলাৰী৷ ইপিনে আজি কচুগাঁও সমষ্টিৰ হৈ ৰিটার্নিং বিষয়াৰ ওচৰত বি পি এফৰ সভাপতি হাগ্রামা মহিলাৰীয়ে মনোনয়ন-পত্র দাখিলৰ সময়ত তেওঁক সংগ দিয়ে বিধায়ক ৰবিৰাম নার্ৰী আৰু কার্যবাহী সদস্য ৰাজীৱ কুমাৰ ব্রহ্মই৷ লক্ষণীয় যে মহিলাৰীয়ে পূর্বতে কচুগাঁও সমষ্টিত চিৰাং জিলাৰ পৰা জর্জ বসুমতাৰীক দলীয় প্রার্থিত্ব দিছিল যদিও দলৰ মাজত সমষ্টিৰ বাহিৰৰ প্রার্থীক টিকট দিয়াত যথেষ্ট বিতর্ক হোৱাত