|

ৰাজ্যৰ ভিন্ন প্ৰান্তত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন

ব্যুৰ’ সংবাদ : নাৰী মমতাময়ী, নাৰী কৰুণাময়ী, আদৰ্শ, দয়া, মমতা, সহনশীলতা, ধৈৰ্য, ত্যাগ আদি বিভিন্ন গুণৰ অধিকাৰী। নাৰীক সৃষ্টিৰ মূল চালিকা শক্তি হিচাপে গণ্য কৰা হয়। নাৰী অবিহনে পৃথিৱীত এখন সফল সমাজ গঢ় দিব নোৱাৰি। সমাজ সংস্কাৰৰ ক্ষেত্রত মহিলাৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ।সমাজৰ পৰা যুৱ উশৃংখলতা,নাৰী নিৰ্যাতন ,ব্যভিচাৰ আঁতৰ কৰি শান্তি সম্প্ৰীতি আৰু সমন্বয়ৰ যোগেদি সমাজত এক সুস্থ বাতাবৰণ গঢ়ি তুলিবলৈ সমগ্ৰ বিশ্বৰ লগত সংগতি ৰাখি দেওবাৰে ৰাজ্যৰ ভিন্ন প্ৰান্তত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন কৰা হয়৷ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আৰু আভিযোগ আয়োগৰ উদ্যোগত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস পালন : ৪৫ গৰাকী লোকক সন্মান প্ৰদান গুৱাহাটী : সমগ্ৰ বিশ্বৰ লগতে সংগতি ৰাখি গুৱাহাটী মহানগৰীৰ হোটেল ৰিভেৰাত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আৰু আভিযোগ আয়োগৰ উদ্যোগত