Weather Data Source: wetter Bangalore 14 tage

June 24, 2025 7:22 pm

Home » আঞ্চলিক » অসমত ২৫ শতাংশও হোৱা নাই ফ’ৰলেনযুক্ত পথ নিৰ্মাণৰ কাম

অসমত ২৫ শতাংশও হোৱা নাই ফ’ৰলেনযুক্ত পথ নিৰ্মাণৰ কাম

নতুন দিল্লী : অসম তথা উত্তৰ পূবত পথ যোগাযোগ ব্যৱস্থাৰ বাস্তৱ ছবিখন সোমবাৰে সংসদৰ মজিয়াত উদঙাই দিলে মোদী মন্ত্ৰীসভাৰ অন্যতম গুৰুত্বপূৰ্ণ সদস্য নীতিন গাডকাৰিয়ে।
অসমত এই মূহূৰ্তত মুঠ ৮,৪৮১.৩৫ কোটি টক ব্যয় সাপেক্ষে ৩৫৯.১৫ কিলোমিটাৰৰ ফ’ৰলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কাম চলি আছে। এই অভিলাষী প্ৰকল্প ৰূপায়ণত স্থবিৰতাই বিৰাজ কৰিছে৷ পিছে শুনিলে আচৰিত হ’ব লাগিব যে সামগ্রিকভাৱে অসমত ফ’ৰলেনযুক্ত ৰাস্তা নির্মাণৰ কাম ২৫ শতাংশও সম্পন্ন হোৱা নাই৷ ৰাজ্যসভাত কেন্দ্রীয় পৰিবহণ মন্ত্রী গাডকাৰিয়ে তথ্যসহকাৰে এই কথা প্রকাশ কৰিছে৷ চকু থৰ হৈ যোৱা কথাটো হৈছে যোৰহাটৰ পৰা জাঁজীলৈকে মাত্র ৩৭.৮ কিলোমিটাৰ দৈর্ঘ্যৰ ফ’ৰলেনযুক্ত পথ নির্মাণৰ কাম ২০১৮ চনৰ ১ জানুৱাৰীৰ পৰা আৰম্ভ হৈছিল৷ কিন্তু দুবছৰ অতিক্রম কৰাৰ পাছতো উক্ত পথছোৱাৰ মাত্র ৪.০৯ শতাংশ নির্মাণকার্যহে সম্পন্ন হৈছে৷ এতিয়া কোৱা হৈছে চলিত বর্ষৰ ৩১ ডিচেম্বৰৰ ভিতৰত বাকী থকা ৯৫.৯১ শতাংশ কাম সম্পন্ন কৰাৰ লক্ষ্য নির্ধাৰণ কৰা হৈছে৷ উজনিৰ পৰা নামনিলৈকে এই একেই চিত্র৷
সদনৰ প্রশ্ণোত্তৰ কালত সাংসদ কামাখ্যাপ্রসাদ তাছাৰ এক প্রশ্ণৰ উত্তৰত কেন্দ্রীয় পৰিবহণ মন্ত্রী গাডকাৰিয়ে প্রদান কৰা বিস্তাৰিত তথ্য অনুসৰি ২০১৬ চনৰ ২৩ মে’ৰ পৰা আৰম্ভ হোৱা নগাঁও আৰু ৰঙাগডাৰ মাজত নিম্য়মাণ ফ’ৰলেনযুক্ত পথৰ নির্মাণকার্য সম্পন্ন হৈছে মাত্র ২০.২৩ শতাংশ৷ অনুৰূপভাৱে ৰঙাগডাৰ পৰা কলিয়াবৰ তিনিআলিলৈকে (১৮.৩১৫ কিলোমিটাৰ) নিম্য়মাণ পথছোৱাৰ ১১.৫৮ শতাংশহে কাম সম্পন্ন হৈছে৷ সেইদৰে ২০১৪ চনৰ পৰা নির্মাণ কৰি থকা কলিয়াবৰ তিনিআলি–ডোলাবাৰীৰ মাত্র ১৭.৩ কিলোমিটাৰ পথছোৱাৰ ৬৭.৪৭ শতাংশ সম্পন্ন হৈছে৷ ডোলাবাৰী–জামুগুৰিৰ (১৮.৮১ কিলোমিটাৰ) ১৩.৩১ শতাংশ, জামুগুৰি–বিশ্বনাথ চাৰিআলিৰ (২৬ কিলোমিটাৰ) ১৯.০১ শতাংশ, বিশ্বনাথ চাৰিআলি–গহপুৰৰ (৫৭.৫ কিলোমিটাৰ) ৪১.৪৪ শতাংশ, গহপুৰ–হলঙৰ (১০.০৮ কিলোমিটাৰ) ৪৯.৬৬ শতাংশ নির্মাণকার্যহে সম্পূর্ণ হৈছে৷ লক্ষণীয়ভাৱে জামুগুৰি–বিশ্বনাথ চাৰিআলি পথছোৱা ২০১৬ চনৰ ১৯ জুনৰ ভিতৰত, বিশ্বনাথ চাৰিআলি–গহপুৰ পথছোৱা ২০১৯ চনৰ ১৪ জানুৱাৰী, গহপুৰ–হলং পথছোৱা ২০১৯ চনৰ ৩১ ডিচেম্বৰৰ ভিতৰত নির্মাণকার্য সমাপ্ত কৰাৰ কথা আছিল৷ আনহাতে, নুমলীগড আৰু যোৰহাটৰ মাজত থকা ৩৯.৭২ কিলোমিটাৰৰ এটা অংশৰ কাম মাত্র ৩৭.০৪ শতাংশহে এতিয়ালৈকে সম্পন্ন হৈছে৷ অথচ এই পথছোৱা ২০১৮ চনৰ ২২ মে’ৰ ভিতৰত সমাপ্ত কৰাৰ কথা আছিল৷ যোৰহাটৰ পৰা জজাজীৰ মাজত সম্পন্ন হৈছে মাত্র ৪.০৯ শতাংশ৷ জাঁজী–ডিমৌ পথছোৱাৰ (৪৪.০৭৫ কিলোমিটাৰ) ১১.০৩ শতাংশ, ডিমৌ–মৰাণ বাইপাছৰ (২৬.৯ কিলোমিটাৰ) ৩৯ শতাংশহে এতিয়ালৈকে সম্পন্ন হৈছে৷ অথচ এই পথছোৱাৰ নির্মাণকার্য সমাপ্ত কৰাৰ লক্ষ্য নির্ধাৰণ কৰা হৈছিল যোৱা বছৰৰ ১২ ডিচেম্বৰৰ ভিতৰত৷ আনহাতে, ডিব্রুগড বাইপাছৰ (১৯ কিলোমিটাৰ) এতিয়ালৈকে মাত্র ৬.৫৭ শতাংশহে সম্পন্ন হৈছে৷ পিছে এই পথছোৱাৰ নির্মাণকার্য যোৱা বছৰেই আৰম্ভ কৰা হৈছিল৷ বালাচেৰাৰ পৰা হাৰাংগাজাওৰ মাজত থকা ২৫.২৫ কিলোমিটাৰৰ পথছোৱা ২০১৭ চনৰ ২৬ ডিচেম্বৰত আৰম্ভ কৰা হৈছিল যদিও এতিয়ালৈকে ইয়াৰ ৮.৫১ শতাংশহে সম্পন্ন হৈছে৷
মন কৰিবলগীয়া যে ৰাজ্যৰ এই ১৩টা ফ’ৰলেনযুক্ত পথ নির্মাণৰ দায়িত্ব কেন্দ্রীয় চৰকাৰৰ অধীনস্থ নেচনেল হাইৱে’ এণ্ড ইনফাষ্ট্রাকচাৰ ডেভেলপমেণ্ট কর্প’ৰেচন লিমিটেডক (এন এইচ আই ডি চি এল) দিয়া হৈছিল তথা এয়া আছিল কেন্দ্রীয় চৰকাৰৰ আঁচনি৷ কিন্তু পথকেইটা নির্মাণত শোচনীয়ভাৱে ব্যর্থ হৈছে এন এইচ আই ডি চি এল৷ আনহাতে, নেচনেল হাইৱে’ অথ’ৰিটী অৱ ইণ্ডিয়াই (এন এইচ এ আই) ডিমা হাছাওৰ নাৰিমবাংলোৰ পৰা জাটিঙালৈকে আৰু জাটিঙাৰ পৰা হাৰাংগাজাওলৈকে যোৱা গুৰুত্বপূর্ণ পথ দুটাৰ নির্মাণকার্য আধাতে এৰি বন্ধ কৰা বুলি কেন্দ্রীয় পৰিবহণ মন্ত্রী গাডকাৰিয়ে সদনক অৱগত কৰিছে৷ কোৱা হৈছে নাৰিমবাংলোৰ–জাটিঙা ২৩.৩৮০ কিলোমিটাৰৰ ২০.৯৪ কিলোমিটাৰ আৰু জাটিঙা–হাৰাংগাজাওৰ ২৫.১৯ কিলোমিটাৰৰ ৪ কিলোমিটাৰ নির্মাণ কৰি বন্ধ কৰি দিয়া হৈছে৷ পিছে অসমৰ ফ’ৰলেনযুক্ত পথ নির্মাণৰ কাম ইমান লেহেমীয়া কিয় হৈছে তথা আধাতে এৰি বন্ধ কিয় কৰি দিয়া হৈছে, তাৰ কোনো সদুত্তৰ দিব পৰা নাই কেন্দ্রীয় পৰিবহণ মন্ত্রীজনে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি