Weather Data Source: wetter Bangalore 14 tage

June 25, 2025 2:39 pm

Home » Uncategorized » ১১৫খন ধর্মীয় অনুষ্ঠানক ১০ লাখ টকাকৈ বিতৰণ

১১৫খন ধর্মীয় অনুষ্ঠানক ১০ লাখ টকাকৈ বিতৰণ

ৰাজ্যৰ তীর্থস্থানসমূহৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে হাতত লোৱা অভিলাষী আঁচনি ‘অসম দর্শন’ৰ অধীনত আজি ৯১৫খন ধর্মীয় অনুষ্ঠানৰ মাজত আর্থিক সাহায্য বিতৰণ কৰে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল আৰু বিত্ত মন্ত্রী হিমন্ত বিশ্ব শর্মাই৷ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আয়োজিত অনুষ্ঠানত প্রতিখন সত্র, দেৱালয়, মন্দিৰ, মছজিদ আৰু গীর্লৈ ১০ লাখ টকাকৈ প্রদান কৰে চৰকাৰে৷ ‘অসম দর্শন’ আঁচনিৰ অধীনত ১৮৬খন সত্র, ১২৩টা নামঘৰ, ৪৭টা মছজিদ, ৪৫৯টা মন্দিৰ, ২৬টা গীর্লৈ এই সাহায্য আগবঢ়োৱা হৈছে৷ উক্ত তীর্থস্থানসমূহৰ পৰিচালনা সমিতি, সত্রাধিকাৰ আদিয়ে মুখ্যমন্ত্রী আৰু বিত্ত মন্ত্রীৰ পৰা চে’ক৲ গ্রহণ কৰে৷ এই আঁচনিৰ বাবত ৰাজ্য চৰকাৰে ৭১০ কোটি টকা ব্যয় কৰিছে৷
 আর্থিক সাহায্য লাভ কৰা ধর্মীয় অনুষ্ঠানসমূহে ১৫ আগষ্টৰ ভিতৰত আন্তঃগাঁথনি উন্নয়নৰ ব্যয়ৰ হিচাপ জিলা উপায়ুক্তক প্রদান কৰিব লাগিব৷ নির্ধাৰিত সময়ৰ ভিতৰত ব্যাৱহাৰিক প্রমাণ-পত্র দাখিল কৰিবলৈ সক্ষম হোৱা ধর্মীয় অনুষ্ঠানসমূহক চলিত বছৰতেই অতিৰিক্ত ১৫ লাখ টকাকৈ প্রদান কৰিব ৰাজ্য চৰকাৰে৷ উক্ত ধর্মীয় অনুষ্ঠানসমূহ সংযোগী বাট-পথসমূহৰ উন্নয়নৰ বাবেও ৰাজ্য চৰকাৰে পদক্ষেপ হাতত ল’ব৷ আজিৰ অনুষ্ঠানত অংশগ্রহণ কৰি মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে কয় যে আধ্যাত্মিকতাই সমাজত সংস্কাৰ আনে৷ বিভিন্ন ধর্মাৱলম্বী লোকৰ সমাগমে শান্তি, সম্প্রীতি আৰু সমন্বয়ৰ বার্ কঢ়িয়ালে বুলি কয় মুখ্যমন্ত্রীয়ে৷বিত্ত মন্ত্রী হিমন্ত বিশ্ব শর্মাই কয় যে বাৰেৰহণীয়া আধ্যাত্মিক কেন্দ্রসমূহে অসমক পবিত্র কৰি আহিছে৷ ৰাস্তাত আন্দোলন কৰিলেই জাতীয়তাবাদ নহয়, আমি সুস্থ জাতীয়তাবাদৰ অংকুৰণ কৰিব বিচাৰিছোঁ৷
 অসম দর্শন জাতি, মাটি, ভেটি ৰক্ষাৰ দিশত আৰু এখোজ৷ এশ বছৰ গৰকা ৰাজ্যৰ ধর্মীয় অনুষ্ঠানসমূহ সংৰক্ষণৰ ওপৰতো গুৰুত্ব আৰোপ কৰে বিত্ত মন্ত্রী হিমন্ত বিশ্ব শর্মাই৷ অনুষ্ঠানত অংশগ্রহণ কৰি জলসম্পদ তথা সাংস্কৃতিক (প্রত্নতত্ত্ব) মন্ত্রী কেশৱ মহন্তই গুৰুত্বপূর্ণ ঘোষণা কৰে৷ অসমৰ সত্র, দেৱালয়কে ধৰি ঐতিহ্যস্থানসমূহ ৰক্ষাৰ বাবে আগন্তুক বাজেট অধিৱেশনত চৰকাৰে বিধেয়ক উত্থাপন কৰিব বুলি জনাই মন্ত্রী কেশৱ মহন্তই৷ অনুষ্ঠানত মন্ত্রী পীয়ুষ হাজৰিকা, ৰাজ্যিক বিজেপিৰ সভাপতি তথা হাউছফেডৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাস, পর্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱা, ৰাজ্যিক মন্ত্রী যোগেন মহন আদিও উপস্থিত থাকে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি