Weather Data Source: wetter Bangalore 14 tage

June 19, 2025 10:46 pm

Home » দেশ-বিদেশ » দিল্লীৰ “কা” প্ৰতিবাদৰ সময়ত হোৱা হিংসাত নিহতৰ সংখ্যা ৭ জনলৈ বৃদ্ধি

দিল্লীৰ “কা” প্ৰতিবাদৰ সময়ত হোৱা হিংসাত নিহতৰ সংখ্যা ৭ জনলৈ বৃদ্ধি

নতুন দিল্লী :  দুদিনীয়া কাৰ্যসূচীৰে ভাৰতলৈ অহা মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ভাৰতত আজি দ্বিতীয়টো দিন। আজিৰ পুৱাই ৰাজঘাটত উপস্থিত হৈ সপত্নীক জাতিৰ পিতা মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে। কিন্তু মাৰ্কিন ৰাষ্ট্ৰপতিৰ এই ভাৰত ভ্ৰমণৰ সময়তে সোমবাৰে নাগৰিকত্ব সংশোধনী আইন বিৰোধী ফৈদ আৰু সমৰ্থকৰ দলৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত ঘটি এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হব। এই সংঘৰ্ষত এজন হেড কনিষ্টবলসহ প্ৰায় ৪ জন লোক নিহত হয়। ৰাজধানী দিল্লীৰ উত্তৰ-পূব অঞ্চলৰ জেফাৰাবাদ, মোজপুৰ, শ্বানবাগ, ভজনপুৰা আদি অঞ্চলত বিয়পি পৰে হিংসাত্মক ঘটনা।
 য’ত প্ৰতিবাদকাৰীসকলে জ্বলাই দিয়ে পেট্ৰ’ল পাম্প, দোকান-পোহাৰ আৰু বাহন। কিন্তু মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ এই ভাৰতভ্ৰমণ কাৰ্যসূচীৰ মাজতে হোৱা হিংসাত্মক কাৰ্যক লৈ এতিয়া সৰ্বত্ৰে চৰ্চা চলিছে। ইপিনে এই ঘটনাৰ পাছতে ৰাজধানী দিল্লীত এতিয়া কঠোৰ কৰা হৈছে নিৰাপত্তা ব্যৱস্থা। যাতে আজিৰ দিনটোত পুনৰ এনে হিংসাত্মক ঘটনা সংঘটিত হ’ব নোৱাৰে তাৰ প্ৰতিও লক্ষ্য ৰাখিছে দিল্লী চৰকাৰে। আনহাতে উত্তৰ-পূব দিল্লীত ১৪৪ ধাৰা জাৰি কৰাৰ লগতে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ৮ টাকৈ চিআৰপিএফ বাহিনীক মোতায়েন কৰিছে ।দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে এই সমগ্ৰ ঘটনা সন্দৰ্ভত দুপৰীয়া ১২ বজাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰে। এই সাক্ষাতৰ পাছত মুখ্যমন্ত্ৰী কেজৰিৱালে সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত সমগ্ৰ ঘটনা সংক্ৰান্তত গৃহমন্ত্ৰীক অৱগত কৰা বুলি উল্লেখ কৰি পৰিস্থিতি নিয়ন্ত্ৰনৰ বাবে আৰক্ষী প্ৰশাসনক নিৰ্দেশ দিয়া হৈছে বুলি মন্তব্য কৰে। উল্লেখ্য যে বৰ্তমান এই সংঘৰ্ষত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি হৈ ৭ জন হৈছে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি