Weather Data Source: wetter Bangalore 14 tage

June 24, 2025 7:43 pm

Home » বিবিধ » প্ৰতিভা » চালেহা আহমেদক প্রণৱ বৰুৱা শিল্পী বঁটা প্রদান

চালেহা আহমেদক প্রণৱ বৰুৱা শিল্পী বঁটা প্রদান

গুৱাহাটী : আধুনিক চিত্রশিল্পলৈ অনবদ্য অৱদান আগবঢ়াই যোৱা চিত্রশিল্পী প্রণৱ বৰুৱা শিল্পী বঁটা আজি যোৰহাটৰ দানবীৰ ৰাধাকান্ত সন্দিকৈ ভৱনত অনুষ্ঠিত গাম্ভীর্যপূর্ণ সভাত ৰাজ্যৰ প্রসিদ্ধ ভাস্কর্যশিল্পী চালেহা আহমেদক প্রদান কৰা হয়৷ বঁটাটোত আছে সম্বর্ধনা পত্র, প্রশস্তি পত্র আৰু নগদ ২৫ হাজাৰ টকা৷ যোৰহাটৰ ভাস্কর্য শিল্পী চালেহা আহমেদক বঁটাটো প্রদান কৰে অনুষ্ঠানত মুখ্য অতিথি অসম মহিলা বিশ্ববিদ্যালয়ৰ প্রথম গৰাকী উপাচার্য ড০ মালিনী গোস্বামীয়ে৷ বঁটা প্রদান কৰি দিয়া ভাষণত উপাচার্য ড০ মালিনী গোস্বামীয়ে কয় যে শিল্পী এজনক স্রষ্টা বুলি স্বীকৃতি দিয়া হৈছে৷ লেখক, উপাচার্য গৰাকীয়ে কয় যে শিল্পীসকলে যেনেকৈ বিচাৰে, তেনেকৈ পৃথিৱীখন সজাই পেলাব পাৰে৷

 প্রতিভাৰ সম্পর্কে উল্লেখ কৰি উপাচার্যগৰাকীয়ে কয় যে অতিক্রান্ত দর্শন সকলোৰে নাই৷ সেইদৰে প্রতিভাও নাই৷ প্রতিভা হৈছে এক প্রকাৰৰ জ্ঞান, প্রজ্ঞা বুলি ভাৰতীয় নন্দনতত্ত্বই স্বীকৃতি দিছে৷ অসমৰ চিত্রকলাৰ সম্পর্কে কম আলোচনা হৈছে৷ শিল্পকলাৰ বিষয়ত গভীৰ গৱেষণা হ’বলৈ বাকী আছে বুলি কয়৷ যোৰহাট জিলা সাহিত্য সভাৰ সভাপতি ড০ ৰাতুল চন্দ্র বৰাই আদৰণী ভাষণ আগবঢ়োৱা সভাখনত চিত্রশিল্পী প্রণৱ বৰুৱাৰ জীৱনৰ সম্পর্কে কয় প্রণৱ বৰুৱা শিল্পী বঁটা সমিতিৰ অন্যতম উদ্যোক্তা কিৰণ শংকৰে৷ ভাষণত কিৰণ শংকৰে কয় যে তেওঁ আছিল আধুনিক মনৰ মানুহ৷ নিদিষ্ট ফ্রেমত নিজকে সুমুৱাই থাকিবলৈ বেয়া পাইছিল৷ মুম্বাইত চিত্রকলা শিক্ষা লাভ কৰি তেওঁ তাৰ পাছত নগাঁৱলৈ আহি চিত্র শিল্পৰ চর্ত লাগিছিল৷ ইফালে বঁটাটো গ্রহণ কৰি দিয়া ভাষণত ভাস্কর্য শিল্পী চালেহা আহমেদে কয় যে প্রণৱ বৰুৱাৰ ছবি, কাম আদিয়ে আমাক আপ্লুত কৰে৷ তেওঁ সংবেদনশীল মৰমিয়াল, ভিতৰি ষ্ট্রং আছিল৷ অতি আধুনিকতাৰ প্রতি দুর্বল আছিল৷ প্রণৱ বৰুৱা শিল্পী বঁটাটো মোক যোগ্য বুলি বিবেচনা কৰি আজি প্রদান কৰিলে৷ ইয়াত মোৰ প্রাপ্য নহয়৷ এইটো যোৰহাটৰ প্রতিগৰাকী ব্যক্তিলৈ উচর্গা কৰিলোঁ৷ মোৰ এই কর্মত সকলোৱে ব্যক্তিগতভাৱে অনুপ্রাণিত কৰি আহিছে বুলি শিল্পীগৰাকীয়ে মত পোষণ কৰে৷ 
প্রণৱ বৰুৱা শিল্পী বঁটা সমিতিৰ উদ্যোগত যোৰহাট জিলা সাহিত্য সভাৰ সহযোগত অনুষ্ঠিত সভাখনত প্রণৱ বৰুৱাৰ দুহিতা লক্ষীমা বৰুৱা ভূঞাই অংশ গ্রহণ কৰে৷ জিলা সাহিত্য সভাত সম্পাদক মাধৱ মহন্তই আঁত ধৰি উদ্দেশ্য ব্যাখ্যা কৰা অনুষ্ঠানটোত শলাগ জ্ঞাপন কৰে অন্যতম উদ্যোক্তা চন্দন শর্মাই৷ অনুষ্ঠানটোৰ যোৰহাট জিলা সাহিত্য সন্থা, সদৌ অসম ছাত্র সন্থা, যোৰহাট ফাইন আর্টছ ছ’চাইটি, যোৰহাট আঞ্চলিক ছাত্র সন্থা, ঐক্যতান বিনোদন কেন্দ্র, যোৰহাট প্রেছ ক্লাব, যোৰহাট বৃদ্ধা আশ্রম, ভাগো আর্ট এণ্ড মিউজিক একাডেমী, সাংস্কৃতিক বিকাশ মঞ্চ, যোৰহাট থিয়েটাৰ, বান্ধৈ, তৰাজান সন্মিলন, সমন্বয়, সংস্কৃতি, বকুল বন ন্যাস আৰু বকুলবন সমাজ, ক্রেছেণ্ট একাডেমী, জ্যোতি চিনে ক্লাব, যোৰহাট সংগীত শিল্পী সংস্থা, জয়হিন্দ থিয়েটাৰ, অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদ, ভিজন আর্ট, ঔকাৰ চেণ্টাৰ ফৰ ক্রিয়েটিভ আর্ট, ঋত সেৱা আদি একাধিক অনুষ্ঠান ব্যক্তি, নির্বিশেষে শিল্পীগৰাকীক সম্বর্ধনা জনায়৷ উল্লেখযোগ্য যে ২০০২ চনৰ পৰা অসম, মণিপুৰ, মিজোৰাম, অৰুণাচল আদিত ১৮গৰাকী শিল্পীক এই বঁটা প্রদান কৰিছে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি