Weather Data Source: wetter Bangalore 14 tage

June 19, 2025 8:38 pm

Home » আঞ্চলিক » বড়োভূমিত এতিয়াও বিদ্রোহীৰ হাতত বহু অস্ত্র–শস্ত্ৰ : পবিন্দ্ৰ ডেকা

বড়োভূমিত এতিয়াও বিদ্রোহীৰ হাতত বহু অস্ত্র–শস্ত্ৰ : পবিন্দ্ৰ ডেকা

বজালী : বড়োভূমিত প্রায় সকলোবোৰ বিদ্রোহী সংগঠনে অস্ত্র–শস্ত্রসহ আত্মসমর্পণ কৰি মূলসুঁতিলৈ ঘূৰি আহিছে যদিও একাংশ সংগঠনৰ হাতত এতিয়াও থাকি গ’ল বহু অস্ত্র–শস্ত্র ৷ এই অস্ত্রসমূহ যদি চৰকাৰে সংগঠনসমূহৰ হাতৰ পৰা আনিব নোৱাৰে, তেতিয়াহ’লে বড়োভূমিত অশান্তি হৈয়ে থাকিব ৷– এই বিস্ফোৰক মন্তব্য পাটাছাৰকুছি সমষ্টিৰ বিধায়ক পবিন্দ্র ডেকাৰ ৷ শনিবাৰে বজালী মহকুমাৰ বাঘমাৰাস্থিত নর্থ কামৰূপ মহাবিদ্যালয়ৰ এক অনুষ্ঠানত অংশগ্রহণ কৰি বিধায়কগৰাকীয়ে কয়– বড়োভূমিত শেহতীয়া ৰাজনৈতিক পৰিৱেশ অশান্ত হোৱা ঘটনাত বাহিৰৰ শক্তিয়ে ইন্ধন যোগাইছে ৷ আনহাতে, সাংবাদিকৰ এক প্রশ্নোত্তৰত বিধায়কগৰাকীয়ে বিজেপিৰ মিছন ১০০ক কটাক্ষ কৰি কয়– ভগৱানৰ আৱির্ভাৱ হৈ এশ আসন পাব বুলি তেওঁলোকক জনাইছে ৷ সেইবাবে দলটোৱে এশখন আসনক লৈ উৎফুল্লিত হৈ পৰিছে ৷ অৱশ্যে অগপই কিমান আসন পাব, সেয়া ‘আজি ক’ব নোৱাৰোঁ’ বুলি তেওঁ জানিবলৈ দিয়ে ৷ ইপিনে, ম্যাদ উকলি যোৱা অগপৰ সাধাৰণ পৰিষদৰ বৈঠক অনুষ্ঠিত কৰি নতুন পৰিষদ গঠনৰ আহ্বান জনায় বিধায়কগৰাকীয়ে । সমষ্টি পুনৰ নির্ধাৰণ, ভাগ–বাটোৱাৰা সন্দর্ভত বিধায়কগৰাকীয়ে কয়– বর্তমান চৰকাৰে বিধানসভা সমষ্টিসমূহৰ সীমা নির্ধাৰণত গুৰুত্ব আৰোপ কৰাৰ উপৰি কিছু কিছু সমষ্টিৰ নামো সলনি হ’ব৷ পাটাছাৰকুছি সমষ্টিৰ নাম সলনি হৈ বজালী হ’ব বুলিও তেওঁ সংবাদ মাধ্যমক জানিবলৈ দিয়ে৷ তেওঁ কয় যে ২০২৫ৰ পিছতহে সমষ্টিসমূহ বৃদ্ধি কৰাৰ সম্ভাৱনা আছে৷ বর্তমান সমষ্টি বৃদ্ধিৰ কাম ২০২৫লৈ বন্ধ থকা বুলিও তেওঁ জানিবলৈ দিয়ে৷ নামনি অসমৰ উল্লেখযোগ্য শিক্ষানুষ্ঠান নর্থ কামৰূপ মহাবিদ্যালয়ত আজি দুই কোটি টকা ব্যয়সাপেক্ষে কেইবাখনো আঁচনিৰ কামৰ শুভ উদ্বোধন কৰে বিধায়কগৰাকীয়ে৷
 ১৯৭৯ চনত স্থাপিত গ্রাম্য অঞ্চলৰ এই মহাবিদ্যালয়খনে শৈক্ষিক, বৌদ্ধিক দিশত গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰা বুলি উল্লেখ কৰি তেওঁ কয়– ৰাজ্য চৰকাৰে প্রদান কৰা এই দুই কোটি টকাৰ আঁচনিসমূহে মহাবিদ্যালয়খনৰ উন্নতিত যথেষ্ট অৰিহণা আগবঢ়াব৷ ইয়াৰে এক কোটি টকা মোকলাই দিয়া বুলি জানিবলৈ দিয়ে নর্থ কামৰূপ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ সুৰজিৎ বর্মনে৷ আধাৰশিলা স্থাপন অনুষ্ঠানত মহাবিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি ড০ মঞ্জুৰা মোহন কলিতা, সুৰেন তালুকদাৰ, দিলীপ কুমাৰ শর্মা, প্রদীপ বর্মন, নলিনী কলিতা, অসম হাউছফেডৰ অভিযন্তা সদানন্দ কলিতা, মহাবিদ্যালয়খনৰ অভয় পাটগিৰি, ৰণজিৎ মহন্ত, হেমন্ত দাস, দিগেন দাস আদিকে ধৰি অঞ্চলটোৰ বহু ব্যক্তি উপস্থিত থাকে৷ এই আধাৰশিলা স্থাপন কৰে বিধায়ক পবিন্দ্র ডেকা আৰু মহাবিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি ড০ মঞ্জুৰা মোহন কলিতাই৷ অনুষ্ঠানত মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ সুৰজিৎ বর্মনে আঁচনিৰ বাবে ৰাজ্য চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে৷ প্রায় ৩৩ বিঘা মাটি সামৰি গঢ় লৈ উঠা এই মহাবিদ্যালয়খনত বিভিন্ন বিভাগত প্রায় এঘাৰটা পদ খালী হৈ থকা বুলি উল্লেখ কৰে অধ্যক্ষ ড০ সুৰজিৎ বর্মনে ৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি