Weather Data Source: wetter Bangalore 14 tage

June 25, 2025 2:38 pm

Home » আঞ্চলিক » টেঙা আম ! অসমক সুৰক্ষিত কৰিব হ’লে আজমলৰ দৰে শক্তিক ব্ৰহ্মপুত্ৰত পেলাব লাগিব

টেঙা আম ! অসমক সুৰক্ষিত কৰিব হ’লে আজমলৰ দৰে শক্তিক ব্ৰহ্মপুত্ৰত পেলাব লাগিব

ডিব্ৰুগড় : ডিব্ৰুগড়ত বিজেপিৰ সংকল্প সমাৰোহ। সভাত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ৰঞ্জিত দাসকে ধৰি বিজেপিৰ সাংসদসহ নেতা-কৰ্মী। সংকল্প অনুষ্ঠানত হিমন্ত বিশ্ব শৰ্মাই কয় যে ২০২১চনত বিজেপি আৰু অগপ মিত্ৰজোঁটে চৰকাৰ গঠন কৰিব। একাংশ লোকে অসমখনত অস্থিৰ কৰিবলৈ ভয়ানক ষড়যন্ত্ৰ কৰিছিল। নাগৰিকত্ৱ আইনৰ সুযোগ লৈ অসমখনক আকৌ আন্দোলন হিংসাৰ পথলৈ লৈ যাব চেষ্টা কৰিছিল পঢ়াৰ পৰিৱেশ বিঘ্নিত কৰি ৰাজ্যখন অস্থিৰ কৰিবলৈ চেষ্টা কৰিছিল। এই আন্দোলনৰ উদ্দেশ্য ৰাজনৈতিক আছিল। যিসকল লোকে অসমৰ শান্তি নষ্ট কৰিবলৈ খুজিছিল তেওঁলোকক আমি ষড়যন্ত্ৰ সফল হ’বলৈ নিয়া নহয়। অসমৰ দেশৰ ৫খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত এখন হিচাপে প্ৰতিষ্ঠা কৰিবলৈ অসমলৈ উন্নয়ন-বিকাশ আনিব লাগিব। অসমৰ মহিলাসকলৰ, যুৱকসকলৰ উন্নয়নৰ বাবে কাম কৰিছে। ৰাজ্যখনৰ উন্নয়নৰ বাবে আমি যি সংকল্প লৈছো অনাগত এটা বছৰত অসমখন ভাৰতৰ ৫খন শক্তিশালী ৰাজ্যৰ ভিতৰত এখন হিচাপে পৰিগণিত হ’ব।
 বিজেপি চৰকাৰৰ দিনতেই উন্নয়নৰ পৰিৱেশ সৃষ্টি হৈছে। অসমক কেৱল বিকাশৰ দ্বাৰাহে আগুৱাই লৈ যাব পাৰি। আজি যিসকলে আন্দোলন কৰি আছে তেওঁলোকে কাৰ বাবে আন্দোলন কৰি আছে? আমি এজনো বিদেশী অসমলৈ আহিব নিদিওঁ। এই আন্দোলনে কংগ্ৰেছী মানুহৰ ঘৰত যে আক্ৰমণ নকৰে বিজেপিৰ মানুহৰ ঘৰত কিয় আক্ৰমণ কৰে?  অসমখনক সাম্প্ৰদায়িক শক্তিৰ হাতত গতাই দিয়াৰ ষড়যন্ত্ৰ আছিল। ছাৰ্জিল ইমামে ক’ৰ পৰা সাহস কৰিলে ভাৰতৰ পৰা অসমক কাটি দিয়া হ’ব বুলি মন্তব্য কৰিবলৈ। তেতিয়া এই সংগঠন সমূহে কিয় মাত নামাতে, বটদ্ৰৱা, কাজিৰঙাত আমাৰ মাটি দখল কৰিলে এই সংগঠনসমূহে কিয় এটাও কথা নকয়, এনে হৈ থাকিলে আজমল মুখ্যমন্ত্ৰী হ’বলৈ আৰু বেছি দিন নালাগিব। আমি যদি অসমখন বচাব লাগে আমি সকলো একত্ৰিত হৈ আজমলৰ দৰে শক্তিক ব্ৰহ্মপুত্ৰত দলিয়াই পেলাব লাগিব। তেতিয়াহে আমাৰ অসম সুৰক্ষিত হ’ব বুলি মন্তব্য কৰে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি