Weather Data Source: wetter Bangalore 14 tage

June 17, 2025 10:11 am

Home » অন্যান্য » অর্থনীতি » ব্যৱসায়-বাণিজ্য » এনএইছএমৰ কামত সহযোগিতা আগবঢ়াইছে স্বেচ্ছাসেৱী সংস্থাই

এনএইছএমৰ কামত সহযোগিতা আগবঢ়াইছে স্বেচ্ছাসেৱী সংস্থাই

শৈক্ষিক জাগৰণৰ লক্ষ্য আশা হেলথ এণ্ড ইডুকেশ্বন ছাৰ্ভিচৰ



গুৱাহাটী : অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান আৰু এন,এইছ,এম প্ৰকল্প অভিযানত চৰকাৰৰ যি উদ্দেশ্য তাত সহযোগিতা কৰা দেখা গৈছে এটি স্বেচ্ছাসেৱী অনুষ্ঠানে। এই অভিযানত যি মহান উদ্দেশ্য লুকাই আছে তাৰ লগত সংগতি ৰাখি ৰাজ্যখনৰ ইমুৰৰ পৰা সিমুৰলৈ “আশা হেল্থ এণ্ড ইডুকেশ্বন ছাৰ্ভিচ” নামৰ স্বেচ্ছাসেৱী প্ৰতিষ্ঠানে বিভিন্ন পদক্ষেপ লোৱা পৰিলক্ষিত হৈছে। উল্লেখ্য যে, আশাকৰ্ম সকলৰ ক্ৰিয়া-কলাপৰ ওপৰত বিভিন্ন প্ৰশিক্ষণ দিয়াৰ লগতে বিভিন্ন ৰোগৰ সজাগতাৰ সৃষ্টি কৰা দেখা গৈছে।

লগতে আত্মসহায়ক গোটবিলাকৰ বাবে মহিলা সকলৰ শ্ৰম পদ্ধতিৰ উন্নতি, উৎপাদন বৃদ্ধি আৰু আৰ্থিক শক্তি বিকাশৰ ক্ষেত্ৰত গুৰুত্ব পূৰ্ণ ভূমিকা পালন কৰি আহিছে উক্ত প্ৰতিষ্ঠানটোৱে। মনকৰিবলগীয়া যে,ৰাজ্যখনত ইতিমধ্যে মহিলা সৱলীকৰণৰ ক্ষেত্ৰত “আশা হেল্থ এণ্ড ইডুকেশ্বন ছাৰ্ভিচ”য়ে “আশাৰ ৰেঙণি” নামৰ আঁচনিৰ জড়িয়তে আত্ম সহায়ক গোটক জীৱিকাৰ পথ মুকলি কৰি দিছে প্ৰতিষ্ঠানটোৱে। এই ক্ষেত্ৰত প্ৰতিষ্ঠানটোৰ অধ্যক্ষা অনুপমা ৰায়ে জানিবলৈ দিয়া মতে, আশা জীৱিকা বিপনিৰ জড়িয়তে দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা পৰিয়ালৰ বাবে এটি বিশেষ পন্থা সাঙুৰি লৈছে। লগতে তেওঁ কয় যে , উক্ত আচঁনি খনৰ জড়িয়তে বি পি এল পৰিয়ালৰ ছাত্ৰ-ছাত্ৰী সকলৰ বাবে বিশেষ ব্যৱস্থা থাকিব যাৰ জড়িয়তে কিতাপ¸ বহী-পত্ৰ বিনামূল্যে পোৱাৰ লগতে বিভিন্ন সমগ্ৰী ৰেহাই মূল্যত ক্ৰয় কৰিব পাৰিব। প্ৰাণিধানযোগ্য যে, “আশা হেল্থ এণ্ড ইডুকেশ্বন ছাৰ্ভিচ”ৰ “আশাৰ ৰেঙণি” আচঁনিখন সফল ৰূপায়নৰ দিশত আগবাঢ়ি থকাৰ সময়তে ছাত্ৰ -ছাত্ৰীৰ বাবে আনিছে আন এটি সুখবৰ। 

এই প্ৰতিষ্ঠানটোৱে সমগ্ৰ অসমত শিক্ষাৰ জাগৰণৰ কাৰণে এক কাৰ্যসূচী হাতত লোৱা বুলি জানিবলৈ দিছে। প্ৰতিষ্ঠানৰ তৰফৰ পৰা তিনিটা শাখাত বৃত্তি পৰীক্ষাৰ আয়োজন কৰিব। দুই শতাধিক ছাত্ৰ-ছাত্ৰী থকা বিদ্যালয়ত অথবা দুই-তিনিখন বিদ্যালয় মিলি এখনকৈ পৰীক্ষা কেন্দ্ৰ পাতি প্ৰতিখন বিদ্যালয়ৰ উত্তীৰ্ণ দুজনকৈ মেধাৱী ছাত্ৰ-ছাত্ৰীক প্ৰাথমিক বৃত্তি দিয়াৰ ব্যৱস্থা। দ্বিতীয়তে¸ এই মেধাৱী বৃত্তি লাভ কৰা ছাত্ৰ-ছাত্ৰীক একগোট কৰি জিলা পৰ্যায়ত পৰীক্ষাৰ ব্যৱস্থা কৰি মোটা অংকৰ জলপানীৰ লগতে তিনিজনক লেপটপ আগবঢ়াব প্ৰতিষ্ঠানটোৱে। ইয়াৰ পিছত অনুষ্ঠিত কৰিব তৃতীয় পৰ্যায়ৰ তথা চূড়ান্ত পৰীক্ষা। 

এই পৰীক্ষাত অসমৰ আটাইকেইখন জিলাৰ উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীয়ে বহিব পাৰিব। এই পৰীক্ষাত শীৰ্ষস্থানীয় দহজন শিক্ষাৰ্থীক বাছনি কৰি নগদ ৫০ ৰপৰা ৭৫ হাজাৰ টকা, কম্পিউটাৰ¸ মানপত্ৰ প্ৰদানৰ ব্যৱস্থা কৰিব। এই পৰীক্ষাৰ জড়িয়তে ৰাজ্যৰ শৈক্ষিক মানদণ্ড উন্নত কৰাৰ লগতে শীৰ্ষস্থানীয় দহজন শিক্ষাৰ্থীয়ে লক্ষাধিক টকা লাভ কৰি নিজৰ ভবিষ্যতৰ লক্ষ্যৰ দিশত দুখোজ আগবাঢ়িব পাৰিব। লগতে পাচ সহস্ৰাধিকে এবছৰৰ পঢ়া-শুনাৰ সকলো ব্যয় অনুষ্ঠানৰ পৰা লাভ কৰিব পাৰিব বুলিও অনুপমা ৰায়ে জানিবলৈ দিয়ে। তেওঁ লগতে কয় যে ইতিমধ্যে আশা হেলথ এণ্ড ইডুকেশ্বন ছাৰ্ভিচে বহুতো আশাকৰ্মী¸ আত্ম সহায়ক গোট আৰু উচ্চ শিক্ষিত একাংশৰ বাবে কৰ্মসংস্থাপনৰ বাট মুকলাই দিছে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি