Weather Data Source: wetter Bangalore 14 tage

June 23, 2025 11:09 am

Home » আঞ্চলিক » ৬ নং দফাৰ উচচস্তৰীয় কমিটীক আমন্ত্রণ কৰাই নাই কেন্দ্রই

৬ নং দফাৰ উচচস্তৰীয় কমিটীক আমন্ত্রণ কৰাই নাই কেন্দ্রই

গুৱাহাটী : অসম চুক্তিৰ ৬নং দফাক লৈ গঠন কৰা উচচস্তৰীয় কমিটীয়ে কেন্দ্রীয় চৰকাৰলৈ তিনিখন পত্র প্রেৰণ কৰা সন্দর্ভত স্থিতি স্পষ্ট কৰিছে ৰাজ্যিক বিজেপিয়ে৷ কেন্দ্রীয় চৰকাৰে বিষয়টোত গুৰুত্ব নিদিয়াক কেন্দ্র কৰি বিতর্ক আৰম্ভ হোৱাৰ সময়ত আজি এখন সংবাদমেল অনুষ্ঠিত কৰি বিজেপিৰ ৰাজ্যিক কমিটীৰ জ্যেষ্ঠ মুখপাত্র ৰূপম গোস্বামীয়ে কয় যে উচচস্তৰীয় কমিটীয়ে প্রতিবেদন যুগুতোৱাৰ পাছত তিনিখন পত্র কেন্দ্রীয় চৰকাৰলৈ প্রেৰণ কৰিছিল৷
তাৰে প্রথমখন পত্রত প্রতিবেদন যুগুতোৱাৰ বিষয়ে কেন্দ্রীয় চৰকাৰক অৱগত কৰাইছিল৷ দ্বিতীয় পত্রত প্রথম পত্রত ৰৈ যোৱা ভুল-ত্রুটীৰ স্পষ্টীকৰণ দিছিল৷ তৃতীয় পত্রত কমিটীৰ কার্যকাল ১৫ ফেব্রুৱাৰীত উকলি যোৱাৰ কথা অৱগত কৰাইছিল৷ কিন্তু এই পত্রক লৈ ১৫ ফেব্রুৱাৰীৰ পৰা ১৯ ফেব্রুৱাৰীলৈ একাংশ সংবাদ মাধ্যমত বিভ্রান্তিকৰ তথ্য প্রকাশ পোৱাৰ লগতে একাংশ লোকে সমগ্র বিষয়টো ভুল পথে পৰিচালিত কৰাৰ অভিযোগ কৰে৷ সংবাদমেলত মুখপাত্র গোস্বামীয়ে কয় যে কেন্দ্রীয় চৰকাৰে ৬নং দফাৰ উচচস্তৰীয় কমিটীক আমন্ত্রণ কৰাই নাই৷ আমন্ত্রণ কৰি সাক্ষাৎ নকৰিলে অপমানৰ প্রসংগ আহিলহেঁতেন৷
কিন্তু য’ত কেন্দ্রই আমন্ত্রণে কৰা নাই তেনেস্থলত উচচস্তৰীয় কমিটীক অপমান কৰাৰ কথা আহিল কেনেকৈ বুলি সংবাদমেলত গোস্বামীয়ে প্রশ্ন কৰে৷ সমগ্র বিষয়টোক লৈ একাংশই বিভ্রান্তিকৰ মন্তব্য দিয়াৰ কথা আঙুলিয়াই দি গোস্বামীয়ে কয় যে অসমৰ স্বনামধন্য ব্যক্তি ড০ হীৰেন গোহাঁই, ড০ নগেন শইকীয়া আৰু অৰূপ বৰবৰাই বিষয়টোৰ গভীৰতালৈ নগৈ দুর্ভাগ্যজনকভাৱে মন্তব্য আগবঢ়াইছে৷ সংবাদমেলত বিষয়টোক লৈ আশ্চর্য প্রকাশ কৰাৰ লগতে এখন গোপন প্রতিবেদন কেনেকৈ ৰাজহুৱা হ’বলৈ পালে বুলিও মুখপাত্র গোস্বামীয়ে প্রশ্ন কৰে৷
গোস্বামীয়ে কয়–‘ভাৰতত ব্রিটিছ আৰু মোগলসকল আহেঁাতে লগত সৈন্য-সামন্ত লৈ অহা নাছিল৷ আমাৰ মাজতেই বসবাস কৰা বদনসকলেহে তেওঁলোকক সহায় কৰিছিল৷’ প্রসংগত গোস্বামীয়ে পুনৰ কয়–‘বিজেপি নেতৃত্বাধীন চৰকাৰখনে অসম চুক্তিৰ ৬নং দফাৰ ৰূপায়ণৰ জৰিয়তে অসমৰ খিলঞ্জীয়া লোকসকলৰ অধিকাৰ সুৰক্ষিত কৰাৰ ব্যৱস্থা গ্রহণ কৰিছে আৰু আগন্তুক সময়ত সর্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনে অসমৰ ৰাইজৰ উন্নয়নৰ বাবে কাম কৰি যোৱাৰ বাবে প্রতিশ্রুতিবদ্ধ৷’
প্রতিবেদন গ্রহণক লৈ অনিশ্চয়তা অব্যাহত : অসম চুক্তিৰ ৬নং দফা সন্দর্ভত গঠিত উচচস্তৰীয় সমিতিৰ প্রতিবেদন কোনে গ্রহণ কৰিব তাক লৈ অনিশ্চয়তা অব্যাহত আছে৷ কেন্দ্রীয় গৃহ মন্ত্রীয়ে সমিতিক সময় নিদিয়াক লৈ সৃষ্টি হোৱা বিতর্কই বাৰুকৈয়ে চর্ লাভ কৰিছে৷ নির্ধাৰিত সময়ৰ ভিতৰত চূড়ান্ত হোৱা প্রতিবেদন কেন্দ্র নে ৰাজ্য চৰকাৰে গ্রহণ কৰিব, তাক লৈ বিবুধিত পৰিছে অধ্যক্ষ বিপ্লৱ কুমাৰ শর্মা আৰু সমিতিৰ সদস্যসকল৷ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে প্রতিবেদন গ্রহণ কৰিব বুলি কালি বিভিন্ন মাধ্যমত চর্ হ’লেও মুখ্যমন্ত্রী কার্যালয়ৰ পৰা তেনে কোনো নিমন্ত্রণ সমিতিয়ে পোৱা নাই৷
বিষয়টোক লৈ সৃষ্টি হোৱা বিতর্কৰ মাজতেই আজি উচচস্তৰীয় সমিতিখনৰ কেইবাগৰাকীও সদস্য এক আলোচনাত মিলিত হয়৷ ইয়াৰ পাছত সংবাদ মাধ্যমৰ আগত অধ্যক্ষ তথা ন্যায়াধীশ বিপ্লৱ কুমাৰ শর্মাই জনায় যে প্রতিবেদনখন বন্ধ খামত সদ্যহতে অসম চুক্তি বিভাগৰ কব্জাত ৰখা হৈছে৷ সমিতিৰ সদস্য সমুজ্জ্বল কুমাৰ ভট্টাচার্যই কয় – ‘নির্দিষ্ট সময়ত আমি প্রতিবেদন প্রস্তুত কৰিছোঁ৷ কেন্দ্রই এতিয়া যি কৰে কৰিব৷’ সমিতিৰ পৰৱর্তী পদক্ষেপ কি হ’ব সেই সন্দর্ভত স্পষ্টকৈ জানিব পৰা হোৱা নাই৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি