Weather Data Source: wetter Bangalore 14 tage

June 23, 2025 11:12 am

Home » আঞ্চলিক » সময়ৰ অভাৱ : অমিত শ্বাহৰ হৈ মুখ্যমন্ত্ৰীয়ে গ্ৰহণ কৰিব ৬ নং দফা সমিতিৰ প্ৰতিবেদন

সময়ৰ অভাৱ : অমিত শ্বাহৰ হৈ মুখ্যমন্ত্ৰীয়ে গ্ৰহণ কৰিব ৬ নং দফা সমিতিৰ প্ৰতিবেদন

গুৱাহাটী : অসম চুক্তিৰ ৬ নং দফা সমিতিয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰীক দাখিল কৰিবলগীয়া প্ৰতিবেদন দুই-এদিনতে গ্ৰহণ কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
 বৃহস্পতিবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰতিবেদন গ্ৰহণৰ দায়িত্ব অৰ্পণ কৰে মুখ্যমন্ত্ৰীগৰাকীক। অৰুণাচল প্ৰদেশৰ ৩৪ সংখ্যক প্ৰতিষ্ঠা দিৱসত অংশ লোৱাৰ পাচতেই মুখ্যমন্ত্ৰীলৈ এই দায়িত্ব অৰ্পণ কৰে অমিত শ্বাহে। উল্লেখ্য যে, অসম চুক্তিৰ ৬নং দফা সমিতিয়ে যোৱা ১০ ফেব্ৰুৱাৰীতে প্ৰতিবেদন প্ৰস্তুতৰ পাচতো কেন্দ্ৰীয় চৰকাৰে বৰ্তমানলৈকে প্ৰতিবেদন গ্ৰহণ নকৰা বিষয়টোৱে যোৱা দুটা দিন ধৰি বিশেষ চৰ্চা লাভ কৰিছিল অসমত।

 অৱশেষত বৃহস্পতিবাৰে এদিনীয়া ভ্ৰমণসূচীৰে উত্তৰ-পূবত উপস্থিত হোৱাৰ পাচতেই কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰীক প্ৰতিবেদন গ্ৰহণৰ দায়িত্ব অৰ্পণ কৰা বিষয়টোৱে আনন্দিত কৰিছে সকলোকে। বৰ্তমান সময়ত ৰাজধানীত নথকা মুখ্যমন্ত্ৰী গৰাকী দুই-এদিনতে গুৱাহাটীলৈ উভতি আহি বিপ্লৱ কুমাৰ শৰ্মা নেতৃত্বাধীন উচ্চস্তৰীয় সমিতিৰ পৰা প্ৰতিবেদন গ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি