Weather Data Source: wetter Bangalore 14 tage

June 17, 2025 9:43 am

Home » আঞ্চলিক » শিৱসাগৰ, শিমলুগুৰিত ৰঞ্জিত দাসক ক’লা পতাকা

শিৱসাগৰ, শিমলুগুৰিত ৰঞ্জিত দাসক ক’লা পতাকা

নাজিৰা : কংগ্রেছৰ দুর্গখ্যাত নাজিৰাত বিজেপিয়ে দখল কৰাৰ আন এক কৌশল হিচাপে আজি শিৱসাগৰ জিলাৰ নাজিৰা বিধান সভা সমষ্টিৰ শিমলুগুৰি নাট্য মন্দিৰত সহস্রাধিক দলীয় কর্মীৰ উপস্থিতিত বিজেপিৰ সাংগঠনিক সভা অনুষ্ঠিত হয়৷ আগন্তুক বিধান সভা নির্বাচনত বিজেপিৰ মিছন ১০০ ৰ ৰণকৌশল ৰচনা কৰিবৰ বাবে আজি শিৱসাগৰৰ নাজিৰা সমষ্টিত উপস্থিত হয় দলটোৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস৷ মিছন ১০০ৰ সফলতাৰ বাবে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস, যোৰহাট লোক সভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, মন্ত্রী যোগেন মহনৰ লগতে কেইবাজনো দলৰ নেতাই অংশগ্রহণ কৰে৷
 বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে ২০২১ৰ বিধানসভা নির্বাচনত কংগ্রেছৰ ভেটি দুর্বল কৰি ভাৰতীয় জনতা পার্টিৰ ভেটিৰ সাংগঠনিক ভেটি সবল কৰিবলৈ দলীয় কর্মীসকলক আহবান জনায়৷ এই সভালৈ বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসক পুষ্পসজ্জিত বাহনত উঠাই উষ্ণ আদৰণি জনায় কর্মীসকলে৷ বাইক ৰেলীৰে আদৰি আনে শিমলুগুৰিলৈ৷ ইফালে শিৱসাগৰ শিমলুগুৰি নাট্য মন্দিৰত অনুষ্ঠিত সাংগঠনিক সভাত সোণাৰি সমষ্টিৰ বিধায়িকা নৱনীতা সন্দিকৈ, থাওৰা সমষ্টিৰ বিধায়ক কুশল দুৱৰী উপস্থিত থাকে৷ এই সভাতে শতাধিক লোকে বিজেপিত যোগদান কৰে৷ আনহাতে, বিজেপিৰ সাংগঠনিক সভা সামৰি উভতাৰ পথত আছু আৰু বীৰ লাচিত সেনাৰ ভালেসংখ্যক বিষয়ববীয়া আৰু কর্মীয়ে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস, সাংসদ তপন কুমাৰ গগৈ, মন্ত্রী যোগেন মহন, বিধায়ক ক্রমে কুশল দুৱৰী আৰু নৱনীতা সন্দিকৈক ক’লা পতাকা প্রদর্শন কৰি ‘ বিজেপি গ’ বেক’, নৰেন্দ্র মোদী, অমিত শ্বাহ, সর্বানন্দ সোণোৱাল মুর্বাদ, জাতিধবংসী ‘কা’ ক’লা আইন বাতিল কৰক’, ‘অসম আৰু অসমীয়াৰ স্বাভিমানক নিঃশেষ কৰিব বিচৰা বিজেপি নিপাত যাওক’ আদি বিভিন্ন শ্ল’গানেৰে উত্তাল কৰি তোলে সমগ্র শিমলুগুৰি অঞ্চল৷
 ‘অসমৰ উন্নয়ন আৰু প্রগতিৰ বাবে বিজেপিৰ বিকল্প নাই৷’ এই মন্তব্য বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসৰ৷ আজি শিৱসাগৰ যুৱদ’লত শিৱসাগৰ বিধানসভা সমষ্টিৰ সাংগঠনিক সভাত অংশগ্রহণ কৰি দাসে উন্নয়ন আৰু বিকাশৰ স্বার্থতেই অহা ২১ ৰ বিধানসভা নির্বাচনত বিজেপি দলক ৰাইজে বিপুল ভোটত জয়ী কৰাব বুলিও দৃঢ়ভাৱে উল্লেখ কৰে৷ সাংগঠনিক কার্যসূচী লৈ আজি শিৱসাগৰত দলীয় কর্মীৰ সৈতে মিলিত হয় ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাস৷ বিয়লি তিনি বজাত শিৱসাগৰ নগৰৰ যুৱদ’লত উপস্থিত হৈ সভাপতিগৰাকীয়ে দলীয় কর্মীক সম্বোধন কৰে৷ বন্দনা কৌশিক বৰদলৈয়ে আঁত ধৰা আৰু জিলা সভানেত্রী সুৰভি ৰাজকুঁৱৰীৰ সভাপতিত্বত অনুষ্ঠিত সাংগঠনিক সভাত ভাষণ আগবঢ়াই এবছৰৰ পাছত অনুষ্ঠিত হ’ব লগা বিধানসভা নির্বাচনত এশখন আসন দখলৰ লক্ষ্য অতিক্রম কৰিবলৈ সক্ষম হ’বই বুলি উল্লেখ কৰে৷ দুই শতাধিক বিভিন্ন দল-সংগঠনৰ সদস্যই বিজেপিত যোগদান কৰা সভাত বহুসংখ্যক দলীয় কর্মীয়ে অংশ গ্রহণ কৰে৷ ইফালে নাজিৰাৰ পৰা শিৱসাগৰৰ সভালৈ আহি থকা পথত অ’ এন জি চি কলনীৰ সমীপত ৰঞ্জিত কুমাৰ দাসক শতাধিক আছু কর্মীয়ে ক’লা পতাকা প্রদর্শন কৰে৷ বিজেপি গ’ বেক, ৰঞ্জিত দাস মুর্বাদ, বিজেপি হুঁচিয়াৰ আদি ধবনি দি ক’লা পতাকা প্রদর্শন কৰি আছু কর্মীয়ে প্রতিবাদ সাব্যস্ত কৰে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি