Weather Data Source: wetter Bangalore 14 tage

June 14, 2025 2:01 pm

Home » সম্পাদকীয় » আজিৰ চিন্তা » নেলী @ ১৮ ফেব্ৰুৱাৰী, ১৯৮৩

নেলী @ ১৮ ফেব্ৰুৱাৰী, ১৯৮৩

@মোস্তাফা খাদ্দাম হুছেইন

১৯৭৯ চনৰ প্ৰথম ভাগত মংগলদৈ লোকসভা সমষ্টিৰ সাংসদ হীৰালাল পাটোৱাৰীৰ মৃত্যু হোৱাত ভাৰতীয় নিৰ্বাচন আয়োগে সেই বছৰৰ শেষৰ পিনে উপ-নিৰ্বাচন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লয়। ১৯৭৯ চনৰ এপ্ৰিল মাহৰ পৰা ভোটাৰ তালিকাত নাম ভৰ্তিৰ কাম আৰম্ভ কৰে আৰু মে মাহ পৰ্যন্ত ভোটাৰ তালিকা সংশোধনীৰ কাম অব্যাহত থাকে। কিন্তু মে মাহৰ প্ৰথম সপ্তাহতে অভিযোগ উত্থাপন হয় যে অবৈধ বিদেশীৰ নাম সন্নিবিষ্ট হৈছে সেই তালিকাত। অতি কম সময়ৰ ভিতৰতে নিৰ্বাচনী বিষয়াৰ কাৰ্যালয় ভৰি পৰে অভিযোগ পত্ৰৰে। তাত্পৰ্যপূৰ্ণ যে নিৰ্বাচনী আয়োগে এই অভিযোগ সমূহৰ প্ৰায় ৬৪.২৮ শতাংশ অভিযোগৰ সত্যতা থকা বুলি ঘোষণা কৰে আৰু ইয়াৰ লগে লগেই প্ৰায় ৪৫,০০০ সন্দেহজনক নাগৰিক মংগলদৈ লোকসভা সমষ্টিত থকা বুলি স্বীকাৰ কৰি লোৱা হয়। সদৌ অসম ছাত্ৰ সন্থা চমুকৈ আছুৱে মংগলদৈৰ ঘটনাক আধাৰ হিচাপে লৈ দাবী উত্থাপন কৰে যে আন ১৩ টা লোকসভা সমষ্টিত সন্দেহজনক নাগৰিকৰ নাম কৰ্তন কৰি ভোটাৰ তালিকা প্ৰকাশ কৰিব লাগে। আছুৰ এই দাবীক অসমৰ অন্যান্য সংগঠনে সমৰ্থন দিয়ে।
আছুৰ পদক্ষেপত ১৯৭৯ চনৰ ২৭ আগষ্টত গুৱাহাটীত সৰ্বদলীয় সভা অনুষ্ঠিত হয় আৰু গঠন হয় সদৌ অসম গণ সংগ্ৰাম পৰিষদ। আছু আৰু সংগ্ৰাম পৰিষদে ঘোষণা কৰে যে সন্দেহজনক নাগৰিকৰ নাম কৰ্তন ও বিতাৰণ কৰি শুদ্ধ ভোটা তালিকা প্ৰস্তুত নকৰা পৰ্যন্ত অসমত কোনো নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ দিয়া নহব। এই বিৰোধীতা স্বত্বেও সাংবিধানীক সংকট দূৰ কৰিবলৈ ১৯৮৩ চনৰ ১৪ আৰু ১৭ ফেব্ৰুৱাৰীত দুটা পৰ্য্যায়ত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰে কেন্দ্ৰই। পৰিণতিত আন্দোলনৰ গতিধাৰা সলনি হয়। অসমত নিৰ্বাচন বাতিলৰ বাবে ৰাজ নাৰায়ণে জনোৱা আবেদন মহামান্য উচ্চতম ন্যায়ালয়ে ১৯৮৩ চনৰ ১ ফেব্ৰুৱাৰী তাৰিখে নাকচ কৰে। নিৰ্বাচন যিহেতু অনুষ্ঠিত হবই গতিকে আন্দোলনকাৰীয়ে আহ্বান দিয়ে ভোট বৰ্জনৰ। আছু আৰু গণ সংগ্ৰাম পৰিষদৰ নেতৃত্বত ১৯৮৩ চনৰ ১ ফেব্ৰুৱাৰী তাৰিখে নিৰ্বাচনৰ বিৰুদ্ধে মুক্তি যুঁজাৰু সকলে অসমত সমদল উলিয়ায়। ভোটদান বৰ্জনৰ আহ্বান হৈ পৰে তীব্ৰতৰ। কিন্তু নিৰ্বাচনলৈ দুই-এদিন বাকী থকা সময়তে এচাম লোকে বিভিন্ন স্পৰ্শকাতৰ এলেকা বিশেষকৈ নগাঁও, বৰপেটা, দৰং আদি জিলাৰ সংখ্যালঘু অধ্যুষিত অঞ্চলবোৰত প্ৰচাৰ কৰে যে ভোটদান নকৰিলে চিনাক্ত কৰা হব বিদেশী বুলি। ফলত বিদেশী হিচাপে চিনাক্ত হোৱাৰ ভয়ত এচাম লোকে ভোটদান কৰিছিল। ১৯৮৩ চনৰ ১৪ ফেব্ৰুৱাৰী তাৰিখে নেলী অঞ্চলত সামান্য পৰিমাণৰ লোকে ভোটদান কৰিছিল আৰু ভোটদান কৰা কথাটোৱেই হৈ পৰিল এচামৰ বাবে ক্ৰোধৰ কাৰণ।

ঐতিহাসিক অসম আন্দোলনৰ সময়ত নেলী, নগাবন্ধা, মুকালমুৱা, গহপুৰ, চাউলখোৱা আৰু বিভিন্ন ঠাইত হত্যাকাণ্ড সংঘটিত হৈছিল। ১৯৮৩ চনৰ ১৮ ফেব্ৰুৱাৰী তাৰিখে মৰিগাঁও (তদানীন্তন নগাঁও) জিলাৰ নেলী অঞ্চলত সংঘটিত হোৱা গনহত্যা সমগ্ৰ বিশ্বতে বহুলভাৱে আলোচিত হৈছিল। চৰকাৰী হিচাপ মতে ১৮১৯ (বেচৰকাৰী হিচাপ মতে বহুত বেছি) লোকক (শিশু আৰু মহিলা বেছি) নিৰ্মমভাৱে হত্যা কৰা হৈছিল। ১৯৮৩ চনৰ ১৮ ফেব্ৰুৱাৰী তাৰিখ শুক্ৰবাৰে ৰাতিপুৱাৰ পৰা আক্ৰমণ কৰি ৬ ঘন্টা মান সময়ৰ ভিতৰতে নিৰ্মমভাবে হত্যাকান্ড সংঘটিত কৰে। হত্যাকাণ্ড সংঘটিত হোৱা গাওঁ সমূহ-নেলী, আলিশিঙা, খুলাপথাৰ, বসুন্ধাৰী, ভোগডোবা বিল, ভোগডোবা হাবি, বৰজলা, বুতুনী, ইন্দুমাৰী, মাটিপৰ্বত, মূলাধৰী, মাটিপৰ্বত নং-৮, শিলভেটা আৰু বৰবৰী।
নেলী অঞ্চলত যে হত্যাকাণ্ড সংঘটিত হব সেয়া আৰক্ষী তথা নিৰাপত্তাৰ দায়িত্বত থকা বিষয়া সকলে জানিব পাৰিছিল। তাৰ প্ৰমাণ হল সেই সময়ৰ নগাঁও সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জহিৰুদ্দিন আহমেদে ১৫.০২.১৯৮৩ তাৰিখে মৰিগাঁওৰ ৫ নং বেটেলিয়নৰ কমান্ডেন্ট, মৰিগাঁওৰ মহকুমা আৰক্ষী বিষয়া আৰু জাগীৰোড থানাৰ ভাৰপ্ৰাপ্ত বিষয়ালৈ এক জৰুৰী বাৰ্তা প্ৰেৰণ কৰিছিল। কিন্তু কোনেও এই জৰুৰী বাৰ্তাক গুৰুত্ব দিয়া নাছিল। ১৫.০২.১৯৮৩ তাৰিখৰ বাৰ্তাটো আছিল – ”খবৰ লাভ কৰিছো যে যোৱাৰাতি নেলীৰ চাৰিওফালে আগুৰি থকা গাঁৱত প্ৰায় এহেজাৰ অসমীয়া লোকে মাৰনাস্ত্ৰ সহ ঢোল-খোল বজাই সমবেত হৈছে। সংখ্যালঘু সম্প্ৰদায়ৰ লোক সকলৰ মাজত সন্ত্ৰাসৰ সৃষ্টি হৈছে। যি কোনো মুহুৰ্ততে আক্ৰমণ হব পাৰে। শান্তি ৰক্ষাৰ বাবে ততালিকে ব্যৱস্থা লবলৈ অনুৰোধ জনালো।” কোৱা বাহুল্য যে বাৰ্তা লাভ কৰিও মৰিগাঁও আৰু জাগীৰোড আৰক্ষীয়ে কোনা ধৰনৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলত শতিকাৰ আটাইতকৈ বৃহৎ ও ঘৃননীয় গনহত্যা সংঘটিত হয়।
নেশ্যনেল পুলিচ কমিশ্যনে ১৯৮৩ চনৰ ৩ এপ্ৰিল তাৰিখে প্ৰকাশ কৰা প্ৰতিবেদনত অসম আৰক্ষীৰ একাংশই সেই সময়ত পালন কৰা নিৰ্ল্লজ ভূমিকা সন্দৰ্ভত উল্লেখ কৰিছে যে – ”নেশ্যনেল পুলিচ কমিশ্যনে পুলিচ বিষয়া সকলৰ মাজত এই ব্যৱস্থা দেখিবলৈ পাইছে যে তেওঁলোকে সাম্প্ৰদায়িক পৰিস্থিতিৰ ক্ষেত্ৰত দায়িত্বৰ পৰা মূৰপোলোকা মাৰে। তেওঁলোক সংঘৰ্ষ জৰ্জৰিত ঠাইলৈ যোৱাৰ পৰা বিৰত থাকে অথবা তাত উপস্থিত হলেও তেওঁলোকে পুলিচ বাহিনীক কামত নলগায়; যদিও পৰিস্থিতিয়ে সেইটো দাবী কৰে অথবা পুলিচ বাহিনীক নেতৃত্বাবিহীন অৱস্থাত থৈ তেওঁলোকে (বিষয়া সকলে) দৃশ্যপট এৰি আতৰি আহে……. ।”
নেলী অঞ্চলত সংঘটিত হোৱা গনহত্যাৰ ভুক্তভোগীয়ে ৬৮৮ টা গোচৰ ৰুজু কৰিছিল, তাৰে ৩১০ টা গোচৰত আৰক্ষীয়ে মহামান্য আদালতত অভিযোগনামা দাখিল কৰিছিল আৰু ৩৭৮ টা গোচৰ শাক্ষী-প্ৰমানৰ অভাৱত আৰক্ষীয়ে বন্ধ কৰিছিল। অভিযোগনামা দাখিল হোৱা ৩১০ টা গোচৰো পৰৱৰ্ত্তী সময়ত অসম চুক্তি অনুসৰি বন্ধ হয়। চৰকাৰে ভুক্তভোগী সকলক সামান্য পৰিমাণৰ ক্ষতিপূৰণ দিয়েই দায় সাৰিল। ১৯৮৩ চনৰ গনহত্যাৰ পিছত চৰকাৰে তিৱাৰী আয়োগ গঠন কৰি তদন্তৰ দায়িত্ব অৰ্পণ কৰে। পৰৱৰ্তী সময়ত তেৱাৰী আয়োগে প্ৰতিবেদন দাখিল কৰে যদিও আজিলৈকে সেই প্ৰতিবেদন ৰাজহুৱা নহল। সেয়ে নেলী অঞ্চলৰ ভুক্তভোগীয়ে আজিও ন্যায় পোৱা নাই।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি