Weather Data Source: wetter Bangalore 14 tage

June 19, 2025 10:17 pm

Home » আঞ্চলিক » এ বি ভি পিৰ সৈতে আছুৰ হতাহতি, উন্নয়নৰ স্বার্থতে প্রতিটো সমষ্টিতে বিজেপি দলৰ বিধায়ক হোৱাটো অতি জৰুৰী : ৰঞ্জিত দাস

এ বি ভি পিৰ সৈতে আছুৰ হতাহতি, উন্নয়নৰ স্বার্থতে প্রতিটো সমষ্টিতে বিজেপি দলৰ বিধায়ক হোৱাটো অতি জৰুৰী : ৰঞ্জিত দাস

তিতাবৰ : অসমত ২০২১ চনত বিধান সভা নির্বাচনত বিজেপি দলে সহযোগী দলৰ সহযোগত ১০০খন আসন লাভ কৰাৰ লক্ষ্যৰে আজিৰে পৰা অসমৰ প্রতিটো বিধান সভা সমষ্টি ভ্রমণ কৰি দলৰ সাংগঠনিক কাম-কাজ শক্তিশালী কৰাৰ বাবে তিতাবৰত উপস্থিত হোৱা বিজেপি দলৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসক তিতাবৰত আছুৱে ক’লা পতাকা প্রদর্শন কৰি তীব্র প্রতিবাদ সাব্যস্ত কৰে৷
তিতাবৰৰ দেৱকুমাৰ বৰা ৰাজহুৱা প্রেক্ষাগৃহত অনুষ্ঠিত হোৱা বিজেপি দলৰ সাংগঠনিক সভাত সভাপতি ৰঞ্জিত দাস উপস্থিত হ’বলৈ যোৰহাটৰ পৰা ৰাজ্য সভাৰ সাংসদ কামাখ্যা প্রসাদ তাছা সহ এটা বৃহৎ কনভয় আহেঁাতেই আছুৰ অর্ধ শতাধিক সদস্যই ক’লা পতাকা দেখুৱাই তীব্র প্রতিবাদ সাব্যস্ত কৰোঁতেই আছুৰ সদস্যসকলৰ সৈতে বিজেপি আৰু এ বি ভি পিৰ সদস্যসকলৰ মাজত তীব্র হতাহতিৰ সৃষ্টি হয়৷
ভাপতি দাসক যোৰহাটৰ পৰা মটৰ চাইকেলৰে শোভাযাত্রা কৰি আগুৱাই নিয়া বিজেপিৰ ভাতৃ সংগঠন এ বি ভি পিৰ সদস্যসকলৰ সৈতে আছুৰ সদস্যসকল মুখামুখি হোৱাত দুয়োটা দলৰ মাজত তীব্র হতাহতি হৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে৷ প্রতিবাদথলীত আছুৰ সদস্যসকলে আমি কা নামানো, ৰঞ্জিত দাস গ’ বেক, বিজেপি দল হুঁচিয়াৰ আদি শ্ল’গান দি প্রতিবাদ সাব্যস্ত কৰাৰ বিপৰীতে বিজেপি আৰু এ বি ভি পিৰ সদস্যসকলে জাতীয়তাবাদী পার্টী গ’ বেক, চান্দা পার্টী হুঁচিয়াৰ আদি শ্ল’গান দি চৌদিশ উত্তাল কৰি তোলে৷
ঘটনাটোত আছুৱে বিজেপিৰ গুণ্ডাগিৰিক তীব্র ভাষাৰে নিন্দা কৰি গণতান্ত্রিক আন্দোলনক বিজেপিৰ নেতাই ভয় কৰি এনেকুৱা গুণ্ডাগিৰি আৰম্ভ কৰিছে বুলি মন্তব্য কৰাৰ বিপৰীতে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে সাংবাদিকৰ আগত কৰা মন্তব্যত কয় যে ছাত্র সন্থাই আমাক ক’লা পতাকা দেখুৱাইছে, আমি তেওঁলোকক গামোচা দেখুৱাই আদৰণি জনাইছোঁ৷ তেওঁলোকে আমাক পাঠশালা, সৰভোগ আদি অসমৰ বিভিন্ন স্থানতো ক’লা পতাকা দেখুৱাইছে৷ আমি সকলোতে তেওঁলোকক গামোচা জোকাৰি আদৰণি জনাইছোঁ৷
সভাপতি দাসে লগতে কয় যে কৃষক মুক্তিৰ দৰে আছুৱে বিধায়কৰ ঘৰ, কার্যালয় জ্বলোৱা নাই, তেওঁলোকে গণতান্ত্রিকভাৱে ভাল কাম কৰিছে৷ আমি এনে কার্যক আদৰণি জনাইছোঁ আৰু আমিও গণতান্ত্রিকভাৱে আদৰণি জনাই গামোচা জোকাৰি ইয়াৰ প্রতু্যত্তৰ দিছোঁ৷ আনহাতে, বিজেপিৰ ৰাজ্যিক সভাপতি দাসে সাংগঠনিক সভাত কার্যকর্সকলৰ আগত দিয়া বক্তব্যত তিতাবৰৰ নির্বাচনী ইতিহাস বিশ্লেষণ কৰি কয় যে আধুনিক তিতাবৰৰ নির্মাতা তথা প্রয়াত শিক্ষাবিদ চক্রেশ্বৰ শইকীয়া বিজেপি দলৰ এজন নিষ্ঠাৱান সভাপতি আছিল৷
গতিকে তেওঁৰ স্মৃতি যুগমীয়া কৰি ৰাখিবলৈ তিতাবৰ সমষ্টিটোত এজন বিজেপিৰ বিধায়ক হোৱাটো মনে প্রাণে কামনা কৰোঁ৷ সেয়েহে আমি প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ নিজগৃহ ৰঙাজান পঞ্চায়ততো আমি বহুকেইখন সভা অনুষ্ঠিত কৰিছোঁ৷ অসমৰ উন্নয়নৰ স্বার্থতে প্রতিটো সমষ্টিতে বিজেপি দলৰ বিধায়ক হোৱাটো অতি জৰুৰী বুলি সভাপতি দাসে লগতে মন্তব্য কৰে৷ সভাপতি দাসে সাংবাদিকৰে হোৱা কথা বার্ত কয় যে ২০২১ ৰ বিধান সভা নির্বাচনৰ বাবে আমি লক্ষ্য কৰি লোৱা ১০০খন আসন নিশ্চিতভাৱেই লাভ কৰিম আৰু অগপ, বি পি এফ দলৰ লগতে বড়োলেণ্ডত গঠন হ’ব লগা নতুন দলটোও বিজেপিৰ লগতেই থাকিব৷
লগতে সভাপতি দাসে দলৰ সাংগঠনিক দিশটো মজবুত কৰিবলৈ যিবিলাক সমষ্টিত বিজেপি দলৰ বিধায়ক নাই সেইবিলাক সমষ্টিৰ পৰাই প্রথম সাংগঠনিক কাম-কাজ আৰম্ভ কৰিছোঁ বুলি উল্লেখ কৰি তিতাবৰত নিশ্চিতভাৱে ২০২১ চনত ভাৰতীয় জনতা পার্টীৰ এজন বিধায়ক পাব বুলি মন্তব্য কৰি ২০১৪ চনৰ পৰা ২০১৯ চনলৈকে দিনক দিনে তিতাবৰত বিজেপি দলৰ ভোট বৃদ্ধি হৈছে বুলি উল্লেখ কৰি ২০২১ ৰ বিধান সভাৰ নির্বাচনত বিজেপি দলে তিতাবৰৰ পৰা ৭৫ হাজাৰ ভোটৰ ব্যৱধানত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হ’ব বুলি মন্তব্য কৰে৷
বিজেপিৰ যোৰহাট জিলা সমিতিৰ সভাপতি কামাখ্যা মোহন দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাত সাংসদদ্বয় তপন গগৈ আৰু কামাখ্যা প্রসাদ তাছা, ৰাজ্যিক সাংগঠনিক সম্পাদক ফণীন্দ্র নাথ শর্মা, ৰাজ্যিক সাধাৰণ সম্পাদক বিপলু ৰঞ্জন শর্মা , তিতাবৰৰ পর্যবেক্ষক কৃষ্ণমণি চুতীয়া, প্রাক্তন বিধায়ক হেমন্ত কলিতাকে ধৰি বহুকেইজন ৰাজ্যিক নেতাই বক্তব্য আগবঢ়োৱাৰ লগতে বিজেপিৰ কেইবাশতাধিক সদস্য উপস্থিত থাকি সহযোগিতা আগবঢ়ায়৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি