Weather Data Source: wetter Bangalore 14 tage

June 17, 2025 10:46 am

Home » আঞ্চলিক » বি টি আৰ চুক্তি শীঘ্রে কার্যকৰী নকৰিলে অগণতান্ত্রিক আন্দোলনৰ হুংকাৰ

বি টি আৰ চুক্তি শীঘ্রে কার্যকৰী নকৰিলে অগণতান্ত্রিক আন্দোলনৰ হুংকাৰ

 গোৰেশ্বৰ : বি টি আৰ চুক্তি অনুসৰি শীঘ্রে অবড়ো সংখ্যাগৰিষ্ঠ গাঁওসমূহ কর্তনৰ দাবীত আজি বাক৲সা জিলাৰ গোৰেশ্বৰত অবড়ো সুৰক্ষা সমিতিৰ গোৰেশ্বৰ ৰাজহ চক্র সমিতিৰ উদ্যোগত এখন বিশাল গণ সমাৱেশ অনুষ্ঠিত হয়৷ দুপৰীয়া ১২-৩০ বজাত গোৰেশ্বৰ পৰিদর্শন বাংল’ প্রাংগণত অনুষ্ঠিত গণ সমাৱেশ উদ্বোধন কৰি অবড়ো সুৰক্ষা সমিতিৰ কেন্দ্রীয় সমিতিৰ সাঃ সম্পাদক যোগেশ্বৰ কলিতাই কয় যে বি টি চি চুক্তিৰ পুনৰীক্ষণ আৰু বি টি এ ডিৰ পৰা সংখ্যাগৰিষ্ঠ অবড়ো অধু্যষিত গাঁওসমূহ কর্তনৰ দাবীত জন্ম লাভ কৰা অবড়ো সুৰক্ষা সমিতিৰ নিৰৱচিছন্ন আন্দোলনত শ্বহীদ হোৱা ব্যক্তিৰ ত্যাগ কেতিয়াও অথলে যাবলৈ নিদিয়ে৷ কেন্দ্র আৰু ৰাজ্য চৰকাৰে যদি বি টি আৰ চুক্তি শীঘ্রে কার্যকৰী কৰাৰ ব্যৱস্থা হাতত নলয় তেনেহ’লে গণতান্ত্রিক আন্দোলনৰ পৰিৱর্তে অন্যধৰণৰ ভয়ংকৰ আন্দোলনৰ পন্থা লোৱাৰো ভাবুকি দি কলিতাই পুনৰ কয় যে বড়ো সমস্যা সমাধানৰ বাবে শেহতীয়াকৈ যি বি টি আৰ চুক্তি কৰিলে তাত বি টি এ ডি এলেকাৰ পৰা সংখ্যাগৰিষ্ঠ অবড়ো গাঁও কর্তনৰ বিষয়টো অন্তভূক্ত হৈছে৷
বি টি আৰ চুক্তিত গাঁও কর্তনৰ বিষয়টো অন্তর্ুক্ত হোৱাৰ বাবে কেন্দ্র আৰু ৰাজ্য চৰকাৰক ধন্যবাদ জনাইছোঁ৷ চুক্তি অনুসৰি গাঁও হ’ব লাগিব আৰু বি টি আৰৰ ভিতৰত থকা অবড়ো লোকৰ ভাষা-সংস্কৃতি, ভূমিৰ অধিকাৰ ৰাজনৈতিকভাৱে সুনিশ্চিত কৰিবই লাগিব৷ অবড়ো সুৰক্ষা সমিতি, অসমৰ কেন্দ্রীয় সমিতিৰ সহঃ সম্পাদক ললিত চন্দ্র ডেকাই আঁত ধৰা সমাৱেশত যোগেশ্বৰ কলিতাই লগতে কয় যে আজিৰ গণ সমাৱেশলৈ আক্রাছুৰ সম্পাদক গকুল বর্মনক আমন্ত্রণ জনোৱা হৈছিল৷ সমাৱেশত অংশগ্রহণৰ প্রতিশ্রুতি দি পাছত মূৰ পোলোকা মাৰে৷ তথাপি কিন্তু অবড়ো সুৰক্ষা সমিতিৰ আন্দোলন কোনো শক্তিয়ে স্তিমিত কৰিব নোৱাৰে৷
কেইবা সহস্রাধিক লোকৰ উপস্থিতিত আৰু গোৰেশ্বৰৰ জ্যেষ্ঠ সাংবাদিক অৰবিন্দ চন্দ্র ডেকাৰ সভাপতিত্বত অনুষ্ঠিত সমাৱেশত অংশ লৈ অবড়ো সুৰক্ষা সমিতিৰ গোৰেশ্বৰ ৰাজহ চক্র সমিতিৰ উপদেষ্টা কুমুদ চন্দ্র ডেকাই কয় যে বি টি চি চুক্তিৰ দিনৰে পৰা বি টি এ ডিৰ অবড়ো লোকসকলে নিজৰ অধিকাৰৰ বাবে আন্দোলন কৰি আহিছে৷ এই আন্দোলন ২০১১ চনৰ পৰা জোৰদাৰ হয়৷ এতিয়া অবড়ো সুৰক্ষা সমিতিৰ দাবী চৰকাৰে মানিলে, তাৰ বাবে চৰকাৰক ধন্যবাদ জনাইছোঁ৷ যি বি টি আৰ চুক্তি হৈছে সেয়া বড়ো আৰু অবড়ো দুয়োপক্ষৰ ভালৰ কাৰণে হৈছে৷ বড়োসকলে বি টি আৰ চুক্তিৰ পাছত বিজয় উৎসৱ পাতিছে৷
আমাৰো আজিৰ গণ সমাৱেশো বিজয় উৎসৱ বুলিয়েই ক’ব পাৰি৷ সময়ত বি টি এ ডিৰ বড়ো-অবড়োৱে একেলগে বিজয় উৎসৱ পাতিম৷ চুক্তি ৰূপায়ণ হ’লে দুয়োটা পক্ষৰ লাভ হ’ব৷ যদি বি টি আৰ চুক্তি উলংঘা কৰা হয়, তেনেহ’লে পৰৱর্তী সময়ত অবড়ো সুৰক্ষা সমিতিৰ আন্দোলন অন্য পর্যায়লৈ গতি কৰিব বুলি চৰকাৰক সকীয়নি দিয়ে বক্তা ডেকাই৷ অবড়ো সুৰক্ষা সমিতি জিন্দাবাদ, বি টি আৰৰ পৰা অবড়ো গাঁও কর্তন হ’বই লাগিব, বি টি আৰ চুক্তি অনুসৰি অবড়ো গাঁওসমূহ শীঘ্রে কর্তন কৰক, জয় আই অসম আদি শ্ল’গানেৰে মুখৰিত হৈ পৰা আজিৰ গণ সমাৱেশত আমন্ত্রিত বক্তা হিচাপে উপস্থিত থাকি অসম জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদৰ প্রাক্তন সভাপতি তথা সদৌ অসম জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদৰ কেন্দ্রীয় সমিতিৰ সভাপতি বিৰাজ কুমাৰ তালুকদাৰে কয় যে বড়োসকলে নিজৰ অস্তিত্ব ৰক্ষাৰ বাবে কৰা আন্দোলনৰ পাছত যি চুক্তি কৰা হ’ল সেয়া ভাল কথা৷
কিন্তু এই আন্দোলনত যিসকল নিৰীহ লোকে ক্ষতিগ্রস্ত হ’ল সেইসকলৰ কিবা ব্যৱস্থা কৰিবনে চৰকাৰে? বিজেপি-নেতৃত্বাধীন কেন্দ্র আৰু ৰাজ্য চৰকাৰক সমালোচন াকৰি তালুকদাৰে যি সময়ত ৰাজ্যত জাতিধবংসী নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত তীব্র আন্দোলন চলি আছে সেই সময়তে বি টি আৰ চুক্তি খৰতকীয়া কৰাৰ দৰকাৰ কি আছিল বুলিও প্রশ্ন কৰে৷ তালুকদাৰে বি টি আৰৰ এলেকাধীন অবড়ো ৰাইজৰ সুৰক্ষাৰ দাবীত সমগ্র অসমত সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদে আন্দোলন কৰিব বুলি কয়৷ অবড়ো সুৰক্ষা সমিতিৰ কেন্দ্রীয় সমিতিৰ কোষাধ্যক্ষ আনছাৰ আলীয়ে চমুকৈ দিয়া ভাষণত বি টি আৰ এলেকাৰ সকলো অবড়ো জনসাধাৰণক ঐক্যবদ্ধভাৱে থাকি আন্দোলনত অংশ ল’বলৈ আহবান জনায়৷ উল্লেখযোগ্য যে গণ সমাৱেশ উদ্বোধন হোৱাৰ আগমুহূর্তত অবড়ো আন্দোলন আৰু গোষ্ঠী সংঘর্ষত নিহতসকলৰ আত্মাৰ চিৰশান্তিৰ বাবে এক মিনিট মৌন প্রার্থনা জনোৱা হয়৷ সমাৱেশত অবড়ো সুৰক্ষা সমিতিত জন্মলগ্নৰে পৰা লাগি থকা কেইবাজনো জ্যেষ্ঠ কর্মীক সম্বর্ধনা জনোৱা হয়৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি