গুৱাহাটী : বৰদিন উপলক্ষে এজন শ্ৰমিকে ক্ৰয় কৰিছিল এটা লটাৰী টিকট। কানপুৰৰ শ্ৰমিকজনৰ নাম পেৰুনন ৰজন।শ্ৰমিকজনে কোনো দিন সপোনতো লটাৰি জয় কৰিব বুলি কল্পনা কৰা নাছিল। প্ৰত্যেকদিনাৰ দৰে কামৰ পৰা আহি নিশা শুই পৰিছিল পেৰুনন ৰজন।কিন্তু পিছদিনা শোৱাৰ পৰা উঠিয়েই কোটিপতি হ’ল ৰজন। শ্ৰমিকজনে লটাৰীত লাভ কৰে ১২ কোটি টকাৰ পুৰষ্কাৰ। প্ৰথমে ১২কোটি টকা জয় কৰা কথা বিশ্বাস কৰা নাছিল ৰজনে।বাৰে বাৰে তেওঁ পৰীক্ষা কৰিছিল নিজৰ লটাৰীৰ নম্বৰ।