হাউলীত ড্ৰাগচ ব্যৱসায়ী কৰায়ত্ব
হাউলী : বৰপেটা জিলাৰ হাউলী টাউনৰ বেকী ৰোডৰ মানস ফাৰ্ণিচাৰ হাউচৰ ওচৰত কালি সন্ধিয়া প্ৰায় ৭-৩০ মান বজাত হাউলী আৰক্ষীয়ে অভিযান চলাই ড্ৰাগচ সহ দুজন যুৱক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে | জানিব পৰা মতে নম্বৰ বিহীন এখন এল্টু গাড়ী আৰু আন এখন পালছাৰ মটৰ ছাইকেলত আৰক্ষীয়ে অভিযান চলাই ১২ পেকেট নিচা জাতীয় টেবলেট উদ্ধাৰ কৰে | ইয়াৰ বজাৰ মূল্য প্ৰায় ৪ লাখ ৫০ হাজাৰ টকা হ’ব বুলি ধাৰণা কৰা হৈছে | ড্ৰাগচ ব্যৱসায়ৰ লগত জড়িত হাউলী ৪ নং ৱাৰ্ডৰ অখিল বনিকৰৰ পুত্ৰ মনোজ কুমাৰ বনিক(২৪) আৰু বৰপেটাৰোডৰ থানাৰ অন্তৰ্গত চেংগুলীয়া গাঁৱৰ তৰপ আলীৰ পুত্ৰ তাহেৰ আলী(৩০) নামৰ দুজন ব্যক্তিক কৰায়ত্ব কৰাৰ লগতে তেওঁলোকৰ পৰা দুটা মোবাইল হেণ্ড ছেট আৰু নগদ