Weather Data Source: wetter Bangalore 14 tage

June 25, 2025 1:13 pm

Home » আঞ্চলিক » অসমীয়াৰ সংজ্ঞাৰ ভিত্তিবর্ষ ১৯৫১ : সংৰক্ষিত হব বিধানসভাৰ সমষ্টি

অসমীয়াৰ সংজ্ঞাৰ ভিত্তিবর্ষ ১৯৫১ : সংৰক্ষিত হব বিধানসভাৰ সমষ্টি

 ১৯৫১ চনক ভিত্তিবর্ষ হিচাপে লৈ অসমীয়া লোকৰ সংজ্ঞা নির্ধাৰণ হ’ল৷ অসম চুক্তিৰ ষষ্ঠ দফা ৰূপায়ণৰ বাবে কেন্দ্রীয় চৰকাৰে গঠন কৰা উচচ পর্যায়ৰ কমিটীখনে তেওঁলোকৰ প্রতিবেদনত ১৯৫১ চনৰ পূর্বে যিসকল লোক অসমত আছিল, তেওঁলোকেই অসমীয়া বুলি অভিহিত কৰিছে৷ কমিটীয়ে প্রতিবেদনত অসম চুক্তিৰ ষষ্ঠ দফা অনুসৰি অসমীয়া মানুহৰ সাংস্ৃকতিক, সামাজিক, ভাষিক পৰিচয় আৰু ঐতিহ্য ৰক্ষা, সংৰক্ষণ আৰু বিকাশৰ বাবে যথোচিত সাংবিধানিক, আইনগত আৰু প্রশাসনীয় ৰক্ষাকৱচ প্রদান কৰাৰ বাবেও প্রয়োজনীয় দিহা-পৰামর্শ আগবঢ়াইছে৷ 
কমিটীৰ এটা উচচস্তৰীয় সূত্রই এই কথা জানিবলৈ দি প্রকাশ কৰিছে যে ইমান দিনে অসমীয়া মানুহৰ সংজ্ঞা নথকাৰ বাবেই অসম চুক্তিৰ ষষ্ঠ দফা ৰূপায়ণৰ ক্ষেত্রত সমস্যাৰ সৃষ্টি হৈ আহিছিল৷ কিন্তু অৱসৰপ্রাপ্ত ন্যায়াধীশ বিল্পৱ কুমাৰ শর্মাৰ নেতৃত্বত গঠিত উচচ পর্যায়ৰ কমিটীখনে ৰাজ্যৰ বিভিন্ন দল-সংগঠনৰ সৈতে আলোচনাত মিলিত হৈ অসমীয়া লোকৰ সংজ্ঞা নির্ধাৰণ কৰিবলৈ সক্ষম হৈছে৷একেদৰে প্রতিবেদনখনত অসম বিধানসভাৰ সমষ্টি সংৰক্ষণৰ ক্ষেত্রতো পৰামর্শ আগবঢ়োৱা হৈছে বুলি জানিবলৈ দি সূত্রটোৱে কয় যে ৰাজ্যৰ ছজ্জটা বিধানসভা সমষ্টি অসমীয়া লোকৰ বাবে সংৰক্ষণ কৰাৰ পৰামর্শ দিছে কমিটীয়ে৷
অসম বিধানসভাৰ ১২৬টা সমষ্টিৰ ভিতৰত সম্প্রতি ৮টা সমষ্টি অনুসূচিত জাতি আৰু ১৬টা সমষ্টি অনুসূচিত জনজাতিৰ বাবে সংৰক্ষণ হৈ আছে গতিকে এতিয়া যদি অসমীয়া লোকৰ বাবে ৬৭ টা বিধানসভা সমষ্টি সংৰক্ষণ কৰা হয় তেনেহ’লে ৰাজ্যৰ মুঠ ৯১টা বিধানসভা সমষ্টিয়েই সংৰক্ষিত হ’ব৷ অৱশ্যে সদৌ অসম ছাত্র সন্থাই ৰাজ্যৰ এশ শতাংশ সমষ্টিয়েই অর্থাৎ সকলো বিধানসভা সমষ্টিয়েই সংৰক্ষণ কৰাৰ বাবে দাবী উত্থাপন কৰিছে৷ সমষ্টি সংৰক্ষণৰ উপৰি ৰাজ্য চৰকাৰ আৰু কেন্দ্রীয় চৰকাৰৰ চাকৰিত যাতে অসমীয়া লোকে অগ্রাধিকাৰ পায়, তাৰ বাবেও সংৰক্ষণৰ পৰামর্শ দিছে কমিটীয়ে৷ একেদৰে ভাষা, কলা, সংস্ৃকতিৰ লগতে ঐতিহ্য সংৰক্ষণ আৰু বিকাশৰ বাবেও কমিটীয়ে প্রতিবেদনত কেইবাটাও গুৰুত্বপূর্ণ পৰামর্শ আগবঢ়োৱাৰ কথা উল্লেখ কৰি সূত্রটোৱে লগতে কয় যে আনুষ্ঠানিকভাৱে শীঘ্রেই কমিটীয়ে কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহৰ হাতত তেওঁলোকৰ প্রতিবেদন দাখিল কৰিব৷ প্রতিবেদন দাখিলৰ অনুষ্ঠানত ৰাজ্যৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালো উপস্থিত থাকিব৷ 
মন কৰিবলগীয়া কথা যে যোৱা কেইবা দিনো ধৰি দিল্লীত বাহৰ পাতি আছিল উচচ পর্যায়ৰ কমিটীখনৰ অধ্যক্ষ বিপ্লৱ কুমাৰ শর্মাই৷ আনকি কালি তেওঁ কেন্দ্রীয় গৃহ মন্ত্র্যালয়ৰ উত্তৰ-পূর্বাঞ্চলৰ দায়িত্বত থকা যুটীয়া সচিব সতেন্দ্র গার্গৰ সৈতেও বৈঠকত মিলিত হৈছিল৷ উক্ত বৈঠকৰ পাছত শর্মাই সাংবাদিকৰ আগত প্রকাশ কৰা মতে, প্রতিবেদন চূডা়ন্ত হৈছে এই কথা আমি পত্রযোগে কেন্দ্রীয় চৰকাৰক অৱগত কৰিছোঁ৷ চৰকাৰে বিচাৰিছে আনুষ্ঠানিকভাৱে আমি যাতে সকলো আহি কেন্দ্রীয় গৃহ মন্ত্রীৰ হাতত আমাৰ প্রতিবেদনখন জমা দিওঁ৷ প্রতিবেদন জমা দিয়াৰ ক্ষেত্রত কেন্দ্রীয় চৰকাৰে সময় তথা দিন-বাৰ নির্ধাৰণ কৰিব বুলিও জানিবলৈ দিছিল শর্মাই৷ অৱশ্যে কমিটীৰ অধ্যক্ষজনে প্রতিবেদনত কি আছে সেয়া ৰাজহুৱা কৰিব খোজা নাছিল৷ উল্লেখযোগ্য যে অসম চুক্তিৰ ষষ্ঠ দফা ৰূপায়ণৰ সহায়ক হোৱাকৈ অসম বিধানসভাৰ প্রাক্তন অধ্যক্ষ প্রণৱ গগৈয়েও অসমীয়াৰ সংজ্ঞা এটা নির্ধাৰণ কৰিছিল৷ গগৈয়ে প্রকাশ কৰিছিল যে অসমীয়া মানুহ বুলিলে অসমৰ খিলঞ্জীয়া, খিলঞ্জীয়া অসমীয়াকে গণ্য কৰিব লাগিব৷
 সেয়েহে ১৯৫১ চনৰ সময়সীমালৈকে আমি আগবাঢ়ি ১৯৫১ চনৰ ৰাষ্ট্রীয় নাগৰিকপঞ্জীক আধাৰ হিচাপে ল’ব লাগিব৷ অর্থাৎ প্রাক্তন বিধানসভাৰ অধ্যক্ষজনেও অসমীয়াৰ সংজ্ঞা নির্ধাৰণৰ ক্ষেত্রত ১৯৫১ চনকে ভিত্তিবর্ষ হিচাপে লৈছিল৷ এনে পৰিস্থিতিত এতিয়া উচচ পর্যায়ৰ কমিটীখনেও ১৯৫১ চনকে ভিত্তিবর্ষ হিচাপে লৈ অসমীয়াৰ সংজ্ঞা নির্ধাৰণ কৰি অসম চুক্তিৰ ষষ্ঠ দফা ৰূপায়ণৰ বাবে প্রতিবেদন প্রস্তুত কৰাৰ পাছত কেন্দ্রীয় চৰকাৰে উক্ত প্রতেবেদনখন কার্যকৰী কৰাৰ ক্ষেত্রত কি ভূমিকা পালন কৰে সেয়াহে হ’ব লক্ষণীয়৷ কিয়নো সংকটৰ গৰাহত পৰা অসমীয়াক ৰক্ষাৰ বাবে আজিৰ তাৰিখত একমাত্র উপায়েই হৈছে অসম চুক্তিৰ ষষ্ঠ দফা সফলভাৱে ৰূপায়ণ কৰা৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি