মাজুলীত ক’ৰ’না ভাইৰাছৰ সজাগতা সভা : আশা হেল্থ এণ্ড ইডুকেশ্বন ছাৰ্ভিচৰ সহযোগিতা
বিশ্ব স্বাস্থ্য সংস্থা ( WHO )ই বিশ্বজুৰি ক’ৰ’ণা ভাইৰাছৰ ওপৰত বিশ্ববাসীক সতৰ্ক হ’বলৈ আহ্বান জনোৱাৰে পৰা নিজ নিজ দেশ সমূহে বিভিন্ন পদক্ষেপ অৱলম্বন কৰা দেখা গৈছে। এই ভাইৰাছৰ ওপৰত ইতিমধ্যে আমাৰ দেশখনে NHM প্ৰকল্পৰ জড়িয়তে ছাত্ৰ-ছাত্ৰী আৰু সাধাৰন জনগণক ইয়াৰ প্ৰতিকাৰ আৰু সাৱধানতাৰ বিষয়ে সজাগতাৰ সৃষ্টি কৰি আহিছে। তাৰেই আধাৰ হিচাপে আমাৰ ৰাজ্যখনতো ইয়াৰ ব্যাপক প্ৰস্তুতি আৰু সজাগতা সৃষ্টি কৰা দেখা গৈছে। উল্লেখ্য যে ,NHM প্ৰকল্পটোৰ মাজুলী টিমে এই ক্ষেত্ৰত বহুত আগভাগ লোৱা পৰিলক্ষিত হৈছে। আজি মাজুলীস্থিত খাৰজানপাৰ ট্ৰাইবেল হাই স্কুলত NHM প্ৰকল্পৰ উদ্যোগত ক’ৰ’না ভাইৰাছৰ ওপৰত এক সজাগতা সভা অনুষ্ঠিত হয়। সভাখনত উপস্থিত থাকে NHM প্ৰকল্পটোৰ বিষয়া MPW ভগৱান দাস, ANM নিলিমা কলিতা¸ বাব্লী দাস CHO শান্তুনু ভূঞা¸ Asha